ETV Bharat / entertainment

Sheezan Khan: টুনিছা শৰ্মাৰ বাবে এটা আবেগিক পোষ্ট লিখি ভিডিঅ’ শ্বেয়াৰ কৰিলে শ্বীজান খানে

author img

By

Published : Apr 3, 2023, 5:01 PM IST

আলী বাবা: দস্তান-ই-কাবুল শ্ব’টোৰ সহ অভিনেতা টুনিছা শৰ্মাৰ আত্মহত্যাত উচটনি দিয়াৰ অভিযোগত আটক হৈছিল শ্বীজান খান ৷ শেহতীয়াকৈ শ্বীজান খানে সহ অভিনেত্ৰী তথা প্ৰাক্তন প্ৰেমিকা টুনিছা শৰ্মাৰ বাবে ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে (Tunisha and sheezan) ৷ সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

'For mine and only TUNNI' writes Sheezan Khan sharing unseen video with ex-gf Tunisha Sharma
শ্বীজান খানে টুনিছা শৰ্মাৰ বাবে এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে

চিটাৰা ডেস্ক, 3 এপ্ৰিল: টেলিভিছন অভিনেতা শ্বীজান খানে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত নিজৰ আৰু তেওঁৰ কথিত প্ৰাক্তন প্ৰেমিকা টুনিছা শৰ্মাৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে ৷ কেমেৰাৰ বাহিৰত একেলগে ভাল সময় কটোৱা এটা থ্ৰ’বেক ভিডিঅ’ পোষ্ট কৰে অভিনেতাগৰাকীয়ে (Sheezan shares throwback video with tunisha)। আলী বাবা: দস্তান-ই-কাবুল শ্ব’টোৰ চেটৰ জৰিয়তে চিনাকি হোৱা শ্বীজান খান আৰু টুনিছা শৰ্মাই পূৰ্বে একেলগে কটোৱা সময়ৰ কিছু আনচিন ফটোৰ সৈতে বনোৱা এটা ভিডিঅ’টো শ্বেয়াৰ কৰিছে শ্বীজান খানে (Sheezan Khan pens heartfelt note for tunisha) ৷

যদিও টুনিছাৰ মৃত্যুক লৈ আইনী যুদ্ধ এতিয়াও চলি আছে, তথাপিও অভিনেতাগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত প্ৰয়াত অভিনেত্ৰীগৰাকীৰ বাবে লিখা ভিডিঅ’টোৰ সৈতে এটা কবিতা শ্বেয়াৰ কৰিছিল আৰু তাৰ কেপচন দিছিল ‘For mine and only TUNNI’। আৱেগিক কবিতাটোত অভিনেতাজনে টুনিছাক পৰী (এঞ্জেল) বুলি উল্লেখ কৰিছে । কবিতাটো হিন্দীত লিখিছিল অভিনেতাগৰাকীয়ে, যিটো সাধাৰণতে টুনিছাৰ প্ৰতি এক সুন্দৰ শ্ৰদ্ধাঞ্জলি (Tunisha sharma suicide case)।

অভিনেতাগৰাকীয়ে কেপচনত লিখিছে,"গধূলিৰ লাজতে আকাশৰ পৰা এগৰাকী পৰী নামি আহিল, অদ্ভূত তাইৰ চকুজুৰি, নিজকে দেখাও নাছিল, নিজকে চিনি পোৱাও নাছিল, অহংকাৰ কি ? তাই জনাই নাছিল, তাই বতাহৰ দৰে আহিছিল যদিও বতাহ ক’তো ৰৈ নাথাকে । তাইৰ বুকুত হেঁচা মাৰি ধৰা ধুমুহাবোৰ কি আছিল, এই কথা কাকো কোৱা নাছিল, ধুমুহা হঠাৎ বন্ধ হৈ গৈছে, হঠাৎ এটা অদ্ভুত নিস্তব্ধতা, সিঁচৰতি হৈ থকা টুকুৰাবোৰতহে আমি দুখ পাওঁ, হৃদয়খন হঠাৎ গধুৰ হৈ পৰে, চকু দুটাও চকুলোৰে ভৰি পৰে, আমাৰ মাজত এতিয়া কেৱল আছে নিসংগতা, ছাফাকক ৰঙা পৰা দি তাই আকৌ এনেকৈয়ে উৰা মাৰিল, কহকাশাত ঘৰ সাজি তাতেই থাকিল - শ্বীজান খান ৷"

ভিডিঅ’টো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰাৰ পিচতে অনুৰাগীয়ে লগে লগে হৃদয় আৰু কান্দি থকা ইমোজিৰে কমেণ্ট ছেকচন দিয়ে (Tunisha sharma suicide case) । ছ’চিয়েল মিডিয়াত এজন অনুৰাগীয়ে কয়, "সুন্দৰভাৱে লিখা bro @sheezan9 & sab ke naam vhi badi khoobasoorti se shabdon me sajaye।" আন এজনে লিখিছে, "আপুনি যিমান শক্তিশালী হৈ আছে সিমানেই শক্তিশালী হৈ থাকক । মই নিশ্চিত যে টুনি নিশ্চয় শান্তিত আৰু আপোনাৰ কবিতা পঢ়ি আনন্দিত হৈছে ।"

আলী বাবাৰ ফেম অভিনেতাগৰাকীক প্ৰাক্তন প্ৰেমিকা তথা সহ অভিনেতাগৰাকীৰ আত্মহত্যাত উচটনি দিয়াৰ সন্দেহত মুম্বাই আৰক্ষীয়ে আটক কৰিছিল (Ali baba co stars tunisha and sheezan) । যোৱা মাহত জামিন লাভ কৰিছিল অভিনেতাগৰাকীয়ে ৷ আলী বাবা: দস্তান-ই-কাবুলৰ চেটত আত্মহত্যা কৰিছিল টুনিছা শৰ্মাই ৷ আত্মহত্যাৰ এদিন পিচতেই অৰ্থাৎ ২৫ ডিচেম্বৰত সহ অভিনেতা শ্বীজান খানক আৰক্ষীয়ে আটক কৰিছিল ৷ দুয়োৰে ডেটিঙৰ বাতৰি ওলাইছিল যদিও অভিনেত্ৰীগৰাকীৰ মৃত্যুৰ মাত্ৰ ১৫ দিন পূৰ্বেই দুয়োৰে মাজত বিচ্ছেদ ঘটিছিল । টুনিছাৰ বিষয়ে সোধা প্ৰশ্নৰ উত্তৰত শেহতীয়াকৈ শ্বীজানে উত্তৰ দিছিল, "মই তাইক মিছ কৰো আৰু তাই জীয়াই থকা হ’লে তাই মোৰ বাবে যুঁজিলেহেঁতেন ।"

লগতে পঢ়ক: Tunisha Sharma Death Case: শ্বীজান খানক দেখি আৱেগিক হৈ পৰিল দুই ভগ্নী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.