ETV Bharat / entertainment

Jyotika Dilaik Wedding: বিবাহপাশত আৱদ্ধ হ’ল অভিনেত্ৰী ৰুবিনা দিলাইকৰ ভগ্নী জ্যোতিকা দিলাইক - ৰজত শৰ্মাৰ লগত বিবাহপাশত আৱদ্ধ হ’ল জ্যোতিকা

ন-কইনাৰ সাজত দেখা পোৱা গ’ল জনপ্ৰিয় অভিনেত্ৰী ৰুবিনা দিলাইকৰ ভগ্নী জ্যোতিকা দিলাইকক ৷ ৰজত শৰ্মাৰ লগত বিবাহপাশত আৱদ্ধ হ’ল জ্যোতিকা দিলাইক ৷ বিবাহৰ ফটো ইতিমধ্য়েই ভাইৰেল হৈছে সামাজিক মাধ্যমত (Jyotika Dilaik Rajat Sharma Wedding) ৷

Actress Rubina Dilaiks sister Jyotika Dilaik got married
জ্যোতিকা দিলাইকৰ বিবাহ
author img

By

Published : Mar 10, 2023, 10:36 AM IST

চিটাৰা ডেস্ক, 10 ডেস্ক: বিবাহপাশত আৱদ্ধ হ’ল টেলিভিছনৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী ৰুবিনাৰ দিলাইকৰ ভগ্নী জ্যোতিকা দিলাইক (Actress Rubina Dilaiks sister Jyotika Dilaik) ৷ শেহতীয়াকৈ ৰুবিনা দিলাইকে নিজৰ ইনষ্টাগ্ৰাম একাউন্টত ভগ্নীৰ হালদীৰ কেইখনমান ফটো শ্বেয়াৰ কৰিছিল ৷ ফটোকেইখনত ভগ্নী জ্যোতিকাৰ লগতে পৰিয়ালবৰ্গ আৰু স্বামী অভিনৱ শুক্লাৰ সৈতে প’জ দিয়া দেখা গৈছিল ৰুবিনাক (Jyotika Dilaik got married)।

২০১৮ চনত অভিনৱ শুক্লাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল ৰুবিনা দিলাইক ৷ ৰুবিনাৰ বিবাহৰ পাঁচ বছৰৰ পাচত এতিয়া অভিনেত্ৰীগৰাকীৰ ভগ্নী জ্যোতিকা দিলাইকৰ বিবাহত সুখ প্ৰকাশ কৰা দেখা যায় ৰুবিনাক । জ্যোতিকাৰ হালদী অনুষ্ঠানত আটক ধুনীয়া সাজ-পোছাক পৰিধান কৰা দেখা পোৱা যায় সকলোকে ৷ ৰুবিনাই ইনষ্টাগ্ৰামত হালদী অনুষ্ঠানৰ ফটো শ্বেয়াৰ কৰি লিখিছে, “হালদী চিৰদিনৰ বাবে The Happiest Holi হৈ পৰিল। @jyotikadilaik @rajatsharma_rj (sic) ৰ বাবে উদযাপন আৰম্ভ হ’ল ।”

উল্লেখ্য যে ৰজত শৰ্মাৰ লগত বিবাহপাশত আৱদ্ধ হয় জ্যোতিকা দিলাইক ৷ ইতিমধ্যেই জ্যোতিকা দিলাইক আৰু ৰজত শৰ্মাৰ বিবাহৰ কেইখনমান ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৷ পাহাৰীয়া ঠাই শিমলাৰ এখন হোটেলত প্ৰেমিক ৰজত শৰ্মাৰ সৈতে বিবাহপাশত আৱদ্ধ হয় জ্যোতিকা ।

কেৱল পৰিয়ালৰ সদস্য, আত্মীয়-স্বজন আৰু কিছু ঘনিষ্ঠ বন্ধু-বান্ধৱীয়েহে বিয়াত উপস্থিত আছিল বুলি জানিব পৰা গৈছে । ইনষ্টা ষ্ট’ৰীত বিয়াৰ প্ৰথমখন ছবি শ্বেয়াৰ কৰি অনুৰাগীক বিবাহৰ এক আভাস দিছে জ্যোতিকাই (Jyotika Dilaik Rajat Sharma Wedding Photos)।

জ্যোতিকা দিলাইক আৰু ৰজত শৰ্মা দুয়োগৰাকীয়ে ভ্ৰমণৰ প্ৰতি আকৰ্ষিত অৰ্থাৎ দুয়ো ভ্ৰমণ কৰি আনন্দ লাভ কৰিছিল ৷ যাৰ বাবে এটা সময়ত দুয়োৰে ঘনিষ্ঠতা বাঢ়ি গৈ অৱশেষত দুয়োৰে সম্পৰ্কই নাম পালে স্বামী-স্ত্ৰীৰ ৷ জ্যোতিকাই ইনষ্টা ষ্ট’ৰীত শ্বেয়াৰ কৰা ফটোখনত জ্যোতিকাক ৰঙা ৰঙৰ বিবাহৰ লেহেংগা পৰিধান কৰা পৰিলক্ষিত হৈছে ৷ কইনাৰ সাজত জ্যোতিকা দিলাইকক অতি সুন্দৰ দেখা গৈছিল ৷ পৰম্পৰাগত গহনাৰে বিয়াৰ লুকত পৰিপূৰক লাগিছিল জ্যোতিকাক ৷

আনহাতে, বিশেষ দিনটোৰ বাবে নীলা ৰঙৰ শ্বেৰৱানী বাছি লৈছিল ৰজত শৰ্মাই । ৰজতে দৰাৰ সাজত ঘোঁৰাত বহি থকা দেখা পোৱা গৈছিল । ইফালে স্বামী অভিনৱ শুক্লাৰ সৈতে ভগ্নী জ্যোতিকাৰ বিবাহৰ প্ৰত্যেকটো অনুষ্ঠানত ৰুবিনা দিলাইকক উপস্থিত থকা দেখা পোৱা গৈছে । ইয়াৰ পূৰ্বে জ্যোতিকা দিলাইকে হালদী অনুষ্ঠানৰ ছবি শ্বেয়াৰ কৰিছিল । জ্যোতিকাৰ হালদী অনুষ্ঠান আছিল হোলীৰ দিনা ।

লগতে পঢ়ক: Ranbir Kapoor: কৃতি সেননৰ সৈতে ৰূপালী পৰ্দাত একেলগে কাম কৰাৰ ইচ্ছা ৰণবীৰ কাপুৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.