ETV Bharat / entertainment

ZHZB Collection Day 1: প্ৰথম দিনত কিমান সংগ্ৰহ কৰিলে ছাৰা-বিকি অভিনীত ছবি জাৰা হাটকে জাৰা বাচকেই - ফ্লিম ট্ৰেড এনালিষ্ট তৰণ আদৰ্শ

বিকি কৌশল আৰু চাৰা আলী খানৰ ছবি ‘জাৰা হাটকে-জাৰা বাচকেই লাভ কৰিছে দৰ্শকৰ বিপুল সঁহাৰি । প্ৰথম দিনাই বক্স অফিচত আশা কৰাতকৈ অধিক উপাৰ্জন কৰিছে ছবিখনে।

Zara Hatke Zara Bachke box office collection: This is how much Sara and Vicky's film minted on Day 1
প্ৰথম দিনত কিমান সংগ্ৰহ কৰিলে ছাৰা-বিকি অভিনীত ছবি জাৰা হাটকে জাৰা বাচকেই
author img

By

Published : Jun 3, 2023, 4:21 PM IST

চিটাৰা ডেস্ক, 3 জুন: বিকি কৌশল আৰু ছাৰা আলী খানৰ যুটিক লৈ নিৰ্মিত পাৰিবাৰিক নাটকীয় ছবি ‘জাৰা হাটকে জাৰা বাচকে’ ই ইতিমধ্যে ২ জুনত চিনেমাগৃহত মুক্তিলাভ কৰিছে । লক্ষ্মণ উটেকাৰৰ দ্বাৰা পৰিচালিত ছবিখনে প্ৰথম দিনৰ সংগ্ৰহেৰে সকলোকে আচৰিত কৰি তুলিছে । ছবিখনৰ প্ৰথম দিনৰ সংগ্ৰহৰ দ্বাৰা এইটো প্ৰমাণ পোৱা গৈছে যে বিকি আৰু ছাৰাৰ যুটিটো দৰ্শকে অতি সুন্দৰভাৱে আদৰি লৈছে । ৪০ কোটি টকাৰ কম বাজেটত নিৰ্মিত ছবিখনৰ প্ৰথম দিনৰ বক্স অফিচ সংগ্ৰহই প্ৰথম উইকেণ্ডলৈকে ভাল সংগ্ৰহ লাভ কৰাৰ সম্ভাৱনা আছে ।

প্ৰথম দিনটোত কিমান উপাৰ্জন কৰিলে ?

ফ্লিম ট্ৰেড এনালিষ্ট তৰণ আদৰ্শৰ মতে, মুক্তিৰ প্ৰথম দিনা ‘জাৰা হাটকে জাৰা বাচকে’ ছবিখনে ভাৰতত ৫.৪৯ কোটি টকা সংগ্ৰহ কৰিছে । একে সময়তে ঘৰুৱা চিনেমা হলত ৩.৩৫ কোটি টকা সংগ্ৰহ কৰিছে ছবিখনে (Zara Hatke Zara Bachke box office collection)।

সপ্তাহৰ শেষত ভাল সংগ্ৰহৰ আশা

ফ্লিম ট্ৰেড এনালিষ্টগৰাকীয়ে কয় যে, ছবিখনৰ আৰম্ভণিৰ উপাৰ্জনৰ ভিত্তিত শনিবাৰে (৩ জুন) আৰু দেওবাৰে (৪ জুন) ছবিখনৰ উপাৰ্জনত এক বৃহৎ উপাৰ্জন কৰিব পাৰে (Zara Hatke Zara Bachke box office day 1)।

ইফালে ছবিখনৰ কলা-কুশলীকলৈ ছাৰাই কয় যে, "এনে প্ৰতিভাৱান দলৰ সৈতে কাম কৰাৰ সুযোগ পোৱাৰ বাবে মই কৃতজ্ঞ । ছবিখনৰ সম্পৰ্ক, বিবাহৰ ওপৰত এক অনন্য দৃষ্টিভংগী আছে আৰু দৰ্শকে ইয়াক চোৱাৰ কৰাৰ বাবে মই উৎসাহিত হৈছো ।" ইয়াৰ পূৰ্বে লুকা চুপি আৰু মিমিৰ দৰে হিট ছবি দিয়া পৰিচালক লক্ষ্মণ উটেকাৰেও ছবিখনক লৈ নিজৰ চিন্তা-চৰ্চা ব্যক্ত কৰে (Vicky Kaushal and Sara Ali Khan)। তেওঁ কয়, "এই চিনেমাখন মোৰ হৃদয়ৰ একেবাৰে ওচৰত। সমগ্ৰ দেশৰ দৰ্শকৰ মাজত অনুৰণন ঘটাব এই কাহিনীয়ে । এইখন এখন এনে ছবি যাক সকলোৱে নিজৰ পৰিয়ালৰ সৈতে অতি আনন্দেৰে উপভোগ কৰিব পাৰিব (Zara Hatke Zara Bachke box office)।"

ছবিখনৰ বিষয়ে

উল্লেখ্য যে, বিবাহৰ পিছত জীৱনৰ উত্থান-পতন আৰু আৰ্থিক বাধাৰ সৈতে যুঁজি থকা মধ্যবিত্তীয় বিবাহিত দম্পতী (বিকি কৌশল আৰু চাৰা আলী খান)ৰ কাহিনীৰ আধাৰত নিৰ্মিত ‘জাৰা হাটকে জাৰা বাচকে’ ছবিখন । এই ছবিখনত ইনামুল হক, নীৰজ ছুদ, ৰাকেশ বেদী, শ্বাৰীব হাছমী, সুষ্মিতা মুখাৰ্জীক গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা গৈছে ।

লগতে পঢ়ক: Zara Hatke Zara Bachke: আজি ছবিগৃহত মুক্তি লাভ কৰিলে ছাৰা-বিকিৰ জাৰা হাটকে জাৰা বাচকে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.