ETV Bharat / entertainment

হিন্দু বা ইছলাম প্ৰথা মতে নহয়, এনেকৈ বিয়াত বহিল আমিৰ তনয়া আইৰা - Nupur Ira wedding

Ira Khan And Nupur Shikhare Wedding Photos: ১০ জানুৱাৰীত উদয়পুৰত আইৰা খান আৰু নুপুৰ শিখাৰেই ৰীতি-নীতি অনুসৰি বিবাহপাশত আৱদ্ধ হয় ৷ দুয়োৰে বিবাহ খ্ৰীষ্টান ৰীতি-নীতিৰে সম্পন্ন হয় ।

Watch: Nupur Shikhare kisses Ira Khan on forehead at first dance post white wedding
খ্ৰীষ্টান ৰীতি-নীতিৰে বিবাহপাশত আৱদ্ধ হ’ল আমিৰ খানৰ কন্যা আইৰা খান
author img

By ETV Bharat Assamese Team

Published : Jan 11, 2024, 10:17 AM IST

চিটাৰা ডেস্ক, ১১ জানুৱাৰী : আইনী বিবাহৰ পিচত এতিয়া উদয়পুৰত ৰীতি-নীতি অনুসৰি বিবাহপাশত আৱদ্ধ হ’ল আমিৰ খানৰ কন্যা আইৰা খান আৰু নুপুৰ শিখাৰে । এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব, যিহেতু আইৰা খান এগৰাকী ইছলাম ধৰ্মাৱলম্বী লোক, আনহাতে নুপুৰ হৈছে হিন্দু মাৰাঠী পৰিয়ালৰ, সেয়েহে, দুয়োৰে বিবাহ কোনটো ৰীতি-নীতিৰে হ’ব তাকে লৈ অনুৰাগীৰ মনত বহু প্ৰশ্ন উদয় হৈছিল ৷ কিন্তু আপুনি জানি আচৰিত হ’ব যে দুয়োৰে বিয়া মাৰাঠী পৰম্পৰা বা ইছলাম ধৰ্মৰ ৰীতি-নীতি অনুযায়ী হোৱা নাই ৷ তেন্তে কোনটো ধৰ্মৰ ৰীতি-নীতি অনুসৰি দুয়ো বিবাহপাশত আৱদ্ধ হৈছে ? আচলতে খ্ৰীষ্টান ধৰ্মীয় ৰীতি-নীতি অনুসৰি বিবাহপাশত আৱদ্ধ হৈছে আইৰা-নুপুৰ ।

হয়, খ্ৰীষ্টান ৰীতি-নীতি অনুসৰি সমগ্ৰ পৰিয়ালৰ উপস্থিতিত আইৰা খান আৰু নুপুৰ শিখাৰে বিবাহপাশত আবদ্ধ হয় । যাৰ কিছু ছবি আৰু ভিডিঅ’ এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । য’ত এই প্ৰেমিক যুগলক খ্ৰীষ্টান দৰা-কইনাৰ সাজ-পোছাক পৰিধান কৰা দেখা গৈছিল । মেচিং গহনা আৰু অতি কম মেকআপৰ সৈতে আইৰাই নিজৰ লুকটো সম্পূৰ্ণ কৰিছিল ।

হাতে হাত ধৰি বিয়াৰ স্থানলৈ উপস্থিত হৈছিল আইৰা-নুপুৰ

ইফালে আইৰাৰ স্বামী নুপুৰ শিখাৰেই বিবাহ লুকৰ বাবে বাছি লৈছিল বেইজ ৰঙৰ ক’ৰ্ট পেণ্ট । ভিডিঅ’টোত দুয়োকে হাত ধৰি বিয়াৰ স্থানত প্ৰৱেশ কৰা দেখা গৈছে । এই সময়চোৱাত তাত উপস্থিত থকা লোকসকলে তেওঁলোকৰ ওপৰত ফুলৰ বৰ্ষা কৰে ।

এই বিশেষ দিনটোত আইৰা আৰু নুপুৰৰ মুখত বিবাহৰ সুখ স্পষ্টকৈ দেখা গৈছে । দুয়োৰে এই ভিডিঅ’টো এতিয়া ছচিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে । ব্যৱহাৰকাৰীসকলে তেওঁলোকক বিবাহৰ বাবে অভিনন্দন জনোৱা পৰিলক্ষিত হৈছে । আন এটা ভিডিঅ’ত আইৰা আৰু নুপুৰে একেলগে ৰোমান্টিক ডান্স কৰা দেখা গৈছে ।

লগতে পঢ়ক: কন্যা আইৰাৰ বিয়াত আমিৰ খানে হাতত লগালে মেহেন্দী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.