চিটাৰা ডেস্ক, 28 মে’: ৯০ ৰ দশকত নিজৰ উৎকৃষ্ট অভিনয়ৰে দৰ্শকৰ হৃদয় জয় কৰিছিল সুন্দৰী অভিনেত্ৰী কৰিশ্মা কাপুৰে ৷ অৱশ্যে বৰ্তমান সময়ত ডাঙৰ পৰ্দাৰ পৰা আঁতৰি আছে অভিনেত্ৰীগৰাকী ৷ কিন্তু পৰ্দাৰ পৰা আঁতৰি থাকিলেও প্ৰায়ে নিজৰ ব্যক্তিগত জীৱনৰ বাবে লাইমলাইটত থাকে অভিনেত্ৰীগৰাকী (Karishma Kapoor with ex hubby sanjay kapur) । এইবাৰ পুনৰ চৰ্চাত আহিছে কৰিশ্মা কাপুৰ ৷ শেহতীয়াকৈ অভিনেত্ৰীগৰাকীক তেওঁৰ প্ৰাক্তন স্বামী সঞ্জয় কাপুৰৰ সৈতে দেখা গৈছিল, ইয়াৰ পিচতে পুনৰ লাইমলাইটত আহে ৷
শনিবাৰে (২৭ মে’) পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে নিশাৰ আহাৰ গ্ৰহণ কৰিবলৈ গৈছিল কৰিশ্মা কাপুৰ (karishma and sanjay spotted in bandra) । এই সময়চোৱাত তেওঁৰ কন্যা সামাইৰা কাপুৰো তেওঁৰ সৈতে উপস্থিত আছিল । কৰিশ্মাই ক’লা ফুলৰ ফ্ৰক পৰিধান কৰাৰ বিপৰীতে সামাইৰাকো দেখা গ’ল ক’লা বডিকন ড্ৰেছত । কিন্তু কৰিশ্মা আৰু তেওঁৰ প্ৰাক্তন স্বামী সঞ্জয় কাপুৰৰ সাক্ষাৎক লৈ ছ’চিয়েল মিডিয়া আলোচনাৰ বিষয় হৈ পৰে ৷ দুয়োকে মুম্বাইৰ এখন ৰেষ্টুৰেণ্টৰ পৰা ওলাই অহা দেখা গৈছিল । কৰিশ্মাৰ মুখত ম্লান হাঁহি এটা দেখা পোৱাৰ বিপৰীতে সঞ্জয়কো এই সাক্ষাৎৰ পিচত সুখী যেন লাগিছিল । ৰেষ্টুৰেণ্টৰ পৰা ওলাই অহাৰ সময়ত কৰিশ্মাই পাপাৰাজীৰ বাবেও পোজ দিয়ে ।
ইয়াৰ পূৰ্বেও সঞ্জয়ৰ সৈতে কৰিশ্মা লগ হৈছিল
এয়াই প্ৰথম নহয় যে কৰিশ্মা আৰু সঞ্জয়ে ইগৰাকীয়ে-সিগৰাকীক সাক্ষাৎ কৰিছে, ইয়াৰ পূৰ্বে এই বছৰৰ মাৰ্চ মাহত কৰিশ্মা কাপুৰে প্ৰাক্তন স্বামী সঞ্জয় কাপুৰ আৰু পত্নী প্ৰিয়া সচদেৱৰ সৈতে পুত্ৰ আয়ন ৰাজ কাপুৰৰ জন্মদিন পালন কৰিছিল । এই সময়চোৱাতো দুয়ো আলোচনাত মিলিত হৈছিল (Karishma goes out for dinner with ex husband)।
উল্লেখ্য যে, ২০০৩ চনত দিল্লীৰ ব্যৱসায়ী সঞ্জয় কাপুৰৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল কৰিশ্মা কাপুৰ । এই দম্পতীৰ দুটি সন্তান আছে ৷ সামাইৰা আৰু কিয়ান । কিন্তু দুয়োৰে মাজত এই বন্ধন বেছি দিন নাথাকিল আৰু দুয়োগৰাকীয়ে ২০১৪ চনত বিবাহ বিচ্ছেদৰ গোচৰ ৰুজু কৰে ।
বিবাহ বিচ্ছেদৰ সময়ত দুয়োগৰাকীয়ে ইগৰাকী-সিগৰাকীৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন কৰিছিল, যিটো সংবাদ মাধ্যমতো ব্যাপকভাৱে চৰ্চিত হৈছিল । কিন্তু এই সকলোবোৰৰ মাজতে ২০১৬ চনত দুয়োৰে বিবাহ বিচ্ছেদৰ অনুমোদন লাভ কৰে । ইয়াৰ পিচত ২০১৭ চনত সঞ্জয়ে প্ৰিয়া সচদেৱৰ সৈতে বিবাহপাশত আবদ্ধ হয় ।
লগতে পঢ়ক: Akshay Kumar: বদ্ৰীনাথ আৰু জাগেশ্বৰ ধাম দৰ্শন অক্ষয় কুমাৰৰ; দৰ্শন কৰি ক’লে - শব্দ নাই