ETV Bharat / entertainment

Anushka-Virat: অনুষ্কাৰ গৰ্ভধাৰণৰ খবৰৰ মাজতে হঠাৎ গুৱাহাটীৰ পৰা মুম্বাইলৈ উভতিল বিৰাট, কিন্তু কিয় ? - বিৰাট কোহলী

চৰ্চাত অনুষ্কা শৰ্মা আৰু ভাৰতীয় বেটছমেন বিৰাট কোহলী । সংবাদ মাধ্যমৰ খবৰ অনুসৰি দ্বিতীয়বাৰৰ গৰ্ভধাৰণ কৰিছে অনুষ্কাই ৷ এতিয়া শেহতীয়াকৈ ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ বাবে গুৱাহাটীলৈ অহা বিৰাট কোহলীয়ে জৰুৰীকালীন অৱস্থাৰ বাবে অনুষ্কা শৰ্মাক লগ কৰিবলৈ মুম্বাইলৈ উভতি গ’ল ।

Virat Kohli Returns To Mumbai from Guwahati Amid Anushka Sharma's 2nd Pregnancy News
গুৱাহাটীৰ পৰা হঠাৎ কিয় মুম্বাইলৈ উভতি গ’ল বিৰাট কোহলী
author img

By ETV Bharat Assamese Team

Published : Oct 2, 2023, 12:29 PM IST

Updated : Oct 2, 2023, 12:57 PM IST

চিটাৰা ডেস্ক, 2 অক্টোবৰ: ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলী আৰু অভিনেত্ৰী অনুষ্কা শৰ্মা এইকেইদিন ছ’চিয়েল মিডিয়াত চৰ্চাত আছে । কিয়নো শেহতীয়াকৈ অনুষ্কাৰ সন্দৰ্ভত এটা খবৰ দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে ৷ সেয়া হ’ল অনুষ্কা শৰ্মাৰ পুনৰ গৰ্ভধাৰণৰ খবৰ ৷ অৱশ্যে এই সন্দৰ্ভত এই পৰ্যন্ত অনুষ্কা শৰ্মা কিম্বা বিৰাটে কোনো আনুষ্ঠানিক মন্তব্য কৰা নাই ৷ কিন্তু এই খবৰক লৈ শেহতীয়াকৈ লাইমলাইটত আহিছে এই দম্পতী ৷

একাংশ সংবাদ মাধ্যমতো দাবী কৰা হৈছে যে অনুষ্কাই নিজেই শীঘ্ৰে দ্বিতীয় সন্তানৰ আগমনৰ কথা ঘোষণা কৰিব পাৰে । এতিয়া অভিনেত্ৰীগৰাকীৰ গৰ্ভধাৰণৰ খবৰৰ মাজতে আন এটা খবৰ পোহৰলৈ আহিছে ৷ ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ খেলখনৰ বাবে গুৱাহাটীত উপস্থিত থকা বিৰাট কোহলীয়ে জৰুৰীকালীন অৱস্থাৰ বাবে হঠাতে মুম্বাইলৈ উভতি যাব লগা হৈছে ।

গুৱাহাটীৰ পৰা হঠাৎ কিয় মুম্বাইলৈ উভতি গ’ল বিৰাট কোহলী ?

সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি বিৰাট কোহলীয়ে পত্নী অনুষ্কা শৰ্মাক লগ কৰিবলৈ জৰুৰীকালীনভাৱে গুৱাহাটীৰ পৰা মুম্বাইলৈ উভতি যাবলগীয়া হৈছে ৷ এই খবৰে অনুষ্কা শৰ্মাৰ দ্বিতীয় গৰ্ভধাৰণৰ কথা যেন এক প্ৰকাৰে নিশ্চিত কৰিছে । অৱশ্যে বিৰাটৰ হঠাৎ গুৱাহাটীৰ পৰা মুম্বাইলৈ উভতি যোৱাৰ আঁৰত কি জৰুৰীকালীন অৱস্থা আছিল সেয়া এতিয়ালৈকে পোহৰলৈ অহা নাই ।

২০২১ চনত বিৰাট-অনুষ্কাৰ মাজলৈ আহিছিল প্ৰথম কন্যা

অনুষ্কা শৰ্মা আৰু বিৰাট কোহলীয়ে ২০১৭ চনৰ ১১ ডিচেম্বৰত ইটালীত বিবাহপাশত আবদ্ধ হয় । দুয়োৰে বিবাহ অতি ব্যক্তিগত আছিল, য’ত কেৱল তেওঁলোকৰ পৰিয়ালৰ সদস্য আৰু ঘনিষ্ঠ বন্ধু-বান্ধৱীয়েহে অংশগ্ৰহণ কৰিছিল ।

ইয়াৰ পিচত ২০২১ চনৰ ১১ জানুৱাৰীত অনুষ্কা শৰ্মা-বিৰাট কোহলীয়ে তেওঁলোকৰ কন্যা ‘বামিকা’ক আদৰণি জনায় । উল্লেখ্য যে এই দম্পতীয়ে তেওঁলোকৰ কন্যা বামিকাক সংবাদ মাধ্যমৰ লাইমলাইটৰ পৰা আঁতৰাই ৰাখিছে । সংবাদ মাধ্যমক তেওঁলোকৰ কন্যাৰ ফটো ছ’চিয়েল মিডিয়াত নিদিবলৈও আহ্বান জনাইছে এই দম্পতীয়ে ৷ অৱশ্যে অনুষ্কা শৰ্মাৰ দ্বিতীয় বাৰৰ গৰ্ভধাৰণৰ সন্দৰ্ভত এতিয়ালৈকে কোনো আনুষ্ঠানিক তথ্য শ্বেয়াৰ কৰা নাই অনুষ্কা-বিৰাটে ।

উল্লেখ্য যে এছিয়া কাপৰ পাচত এতিয়া অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে আই চি চিৰ এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ আৰম্ভণিৰ বাবে । ১২ বছৰৰ মূৰত ভাৰতত অনুষ্ঠিত হৈছে বিশ্বকাপ । ৫ অক্টোবৰৰ পৰা আৰম্ভ হ’ব বিশ্বকাপ । মঙলবাৰে তিৰুৱনন্তপুৰমত ভাৰত আৰু নেদাৰলেণ্ডৰ মাজত এখন খেল অনুষ্ঠিত হ’ব ।

লগতে পঢ়ক: Anushka Sharma: দ্বিতীয়বাৰৰ বাবে গৰ্ভৱতী হ’বলৈ ওলাইছে নেকি অনুষ্কা শৰ্মা ? সম্পূৰ্ণ খবৰ পঢ়ক

Last Updated : Oct 2, 2023, 12:57 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.