চিটাৰা ডেস্ক, 24 আগষ্ট : হৃত্বিক ৰোশন আৰু ছৈফ আলী খানৰ অনুৰাগী সকলৰ বাবে সু-খবৰ । 24 আগষ্টত মুক্তি লাভ কৰিছে হৃত্বিক আৰু ছৈফ অভিনীত ‘বিক্ৰম বেধা’ ছবিখনৰ টিজাৰ (Vikram Vedha Teaser) । দুয়ো তাৰকাকে প্ৰবল ৰূপত দেখা গৈছে । ছবিখনৰ পৰিচালনা কৰিছে পুষ্কৰ আৰু গায়ত্ৰীয়ে । 2017 চনৰ তামিল ছবি বিক্ৰম বেধাৰ হিন্দী ৰিমেক এইখন । ছবিখনৰ চেটৰ পৰাও ফটো শ্বেয়াৰ কৰিছিল হৃত্বিকে । উল্লেখযোগ্য যে ছবিখনত ৰাধিকা আপ্তেকো এক গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখিবলৈ পোৱা যাব ।
- " class="align-text-top noRightClick twitterSection" data="">
হৃত্বিক আৰু ছৈফৰ সৈতে কাম কৰাৰ অভিজ্ঞতাৰ ওপৰত পৰিচালক পুষ্কৰ আৰু গায়ত্ৰীয়ে কয়, "চুপাৰষ্টাৰ হৃত্বিক আৰু ছৈফৰ সৈতে শ্বুটিং কৰি এক আচৰিত অভিজ্ঞতা হৈছে ৷ আমাৰ চুপাৰ টেলেণ্টেড ক্ৰুৰ সৈতে আমি চিত্ৰনাট্য পৰ্যায়ত যি কল্পনা কৰিছিলো, সেইখিনি লাভ কৰিবলৈ সক্ষম হৈছো"।
1.54 মিনিটৰ এই টিজাৰত দেখা গৈছে হৃত্বিক ৰোশনৰ তীব্ৰ ৰূপ আৰু ছৈফ আলী খানৰ প্ৰচণ্ড এক্সন । ছবিখনত ছৈফ আলী খানৰ পত্নীৰ চৰিত্ৰত অভিনয় কৰিছে ৰাধিকা আপ্তেই । হৃত্বিক আৰু ছৈফ আলী খানে প্ৰতিদ্বন্দী হিচাপে অভিনয় কৰিছে ছবিখনত ৷
তিনি বছৰৰ মূৰত ডাঙৰ পৰ্দালৈ ঘূৰি আহিছে হৃত্বিক ৰোশন (Hrithik Roshan new film) । হৃত্বিক কৈছিল, ‘বেধাৰ চৰিত্ৰ ৰূপায়ন কৰা আৰু ইয়াৰ ওপৰত কৰা মোৰ কাম বাকীবোৰতকৈ পৃথক, কিয়নো মই নায়ক হোৱাৰ ভাবমূৰ্তি ভাঙি অভিনয়ৰ পৰৱৰ্তী পৰ্যায়লৈ আগবাঢ়িবলগীয়া হৈছিল । হৃত্বিকে আৰু কয় যে ছবিখনত ছৈফ আলী খানকে ধৰি সকলো অভিনেতাৰ সৈতে কাম কৰি তেওঁ এক নতুন অভিজ্ঞতা লাভ কৰে ।
লগতে পঢ়ক : টিজাৰ মুকলি হ’ল ছলমান চিৰঞ্জীৱী অভিনীত গডফাডাৰৰ