ETV Bharat / entertainment

প্ৰখ্যাত অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা-পৰিচালক হেমেন দাস আৰু নাই

author img

By ETV Bharat Assamese Team

Published : Nov 17, 2023, 5:31 PM IST

অসমীয়া ছবি 'যুঁজ'ৰ পৰিচালক, প্ৰখ্যাত অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা হেমেন দাসৰ দেহাৱসান ৷ হৃদৰোগত আক্ৰান্ত হৈ শুকুৰবাৰে পুৱা ১১.১০ বজাত মৃত্যুক আকোঁৱালি লয় বিশিষ্ট চলচ্চিত্ৰ পৰিচালকগৰাকীয়ে ।

Hemen das
প্ৰখ্যাত অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা,পৰিচালক হেমেন দাস আৰু নাই

গুৱাহাটী, 17 নৱেম্বৰ: অসমৰ যশস্বী চলচ্চিত্র পৰিচালক হেমেন দাস আৰু নাই । ৭৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট চলচ্চিত্ৰ পৰিচালকগৰাকীয়ে ।

আজি পুৱা হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটাত জি এন আৰ চি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় পৰিচালক হেমেন দাসক । কিন্তু তাতেই তেওঁক আনুষ্ঠানিকভাৱে মৃত বুলি ঘোষণা কৰে চিকিৎসকে । হৃদৰোগত আক্ৰান্ত হৈ পুৱা ১১.১০ বজাত মৃত্যুক আকোঁৱালি লয় বিশিষ্ট চলচ্চিত্ৰ পৰিচালকগৰাকীয়ে ।

দুলাল ৰয়ৰ 'আশ্ৰয়' ছবিখনৰ জৰিয়তে ছবি জগতত প্ৰৱেশ কৰা হেমেন দাসে তেওঁৰ জীৱন কালত 'যুঁজ', 'গৰখীয়া', 'মৃগনাভি' আদি ছবিৰে জৰিয়তে অসমবাসীৰ হৃদয় জিনিবলৈ সক্ষম হৈছিল ৷ তেওঁ পৰিচালনা কৰা প্ৰথমখন ছবি আছিল 'যুজঁ' ৷ 'যুঁজ' ছবিখনে ৩৮ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৰজত কমল লাভ কৰিবলৈও সক্ষম হৈছিল ৷

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু লগতে ফিচাৰ আৰু নন-ফিচাৰ শ্ৰেণীৰ বাবে ইণ্ডিয়ান পেনোৰামাৰ তেওঁ জুৰী সদস্য আছিল ৷ ভাৰতৰ ত্ৰয়োদশ আন্তৰ্জাতিক শিশু চলচ্চিত্ৰ মহোৎসৱৰো সমালোচক জুৰী আছিল দাস ৷ কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণপত্ৰ পৰিষদৰ প্ৰাক্তন সদস্য আছিল হেমেন দাস ৷ ইয়াৰোপৰি ভাৰতৰ চিল্ড্ৰেনছ ফিল্ম চছাইটিৰ সাধাৰণ সংস্থাৰ সদস্য আছিল ৷

এগৰাকী চলচ্চিত্ৰ পৰিচালক হোৱাৰ লগতে তেওঁ আছিল এগৰাকী সাহিত্যিকো ৷ বিভিন্ন কাকত, আলোচনীতো তেওঁৰ ভিন্ন লেখা প্ৰকাশ পাইছিল ৷ শেহতীয়াকৈ অৰ্থাৎ বিগত ২৯ অক্টোবৰত 'হেমেন দাসৰ বৰ্ণাঢ্য জীৱনৰ কথা' নামেৰে তেওঁৰ এখন আত্মজীৱনীও প্ৰকাশ পাইছিল ৷

দুলাল ৰয়ৰ 'আশ্ৰয়' ছবিৰ জৰিয়তে চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰা হেমেন দাসে ৩৮ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা মহোৎসৱত নিজৰ প্ৰথমখন ছবিৰ বাবেই শ্ৰেষ্ঠ অসমীয়া ছবিৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল । ইফালে ১৯৯০ চনত তেওঁ পৰিচালনা কৰা প্ৰথম ছবি যুঁজ-এ ৩৮তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা মহোৎসৱত শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ ৰজত-কমল বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল ৷ আনহাতে ২০১৭ চনত মুক্তি লাভ কৰা তেওঁৰ তৃতীয় তথা অন্তিমখন ছবি 'মৃগনাভি'য়েও বহু কেইটি বঁটা আঁজুৰি আনিবলৈও সক্ষম হৈছিল । ইয়াৰ উপৰিও আন কেইখনমান ছবিও তেওঁ আঘোণৰ নতুন বাট (১৯৯৫) (টেলিফিল্ম) Marriage Ritual of the Tribes of Arunachal Pradesh (তথ্যচিত্ৰ) Dr. Saran’s e-HRD Model (ভিডিঅ’ ফিল্ম) আদি পৰিচালনা কৰিছে ৷

হেমেন দাস এগৰাকী চলচ্চিত্ৰ পৰিচালক হোৱাৰ লগতে এগৰাকী সাহিত্যিকো আছিল । ইতিমধ্যে তেওঁৰ কেইবাখনো গ্ৰন্থ প্ৰকাশ হৈ ওলাইছিল আৰু যথেষ্ট সমাদৃতও হৈছিল পাঠক সমাজৰ মাজত । শেহতীয়াকৈ বিগত ২৯ অক্টোবৰত 'হেমেন দাসৰ বৰ্ণাঢ্য জীৱনৰ কথা' নামেৰে তেওঁৰ এখন আত্মজীৱনীও প্ৰকাশ পাইছিল । বিভিন্ন কাকত, আলোচনীতো তেওঁৰ ভিন্ন লেখা প্ৰকাশ পাইছিল ।

দুখৰ বিষয় যে হেমেন দাসৰ এখন নতুন গ্ৰন্থ আজি ছপাশালৰ পৰা ওলোৱাৰ কথা আছিল । 'বিশ্বৰ শ্ৰেষ্ঠ ৫০ চলচ্চিত্ৰ' শীৰ্ষক এই গ্ৰন্থখনৰ প্ৰথমটো খণ্ড আজি ছপাশালৰ পৰা ওলাই হেমেন দাসৰ হাতত পৰাৰ কথা আছিল । মুঠ তিনিটা খণ্ডত তেওঁ এই গ্ৰন্থখনৰ প্ৰকাশৰ পৰিকল্পনা কৰিছিল । কিন্তু আজি নিজৰ গ্ৰন্থখন হাতত পৰাৰ পূৰ্বেই চিৰদিনৰ বাবে গুচি গ'ল বিশিষ্ট চলচ্চিত্ৰ পৰিচালকগৰাকী । আধৰুৱা হৈ ৰ'ল তেওঁৰ এই সপোন, এই পৰিকল্পনা ।

লগতে পঢ়ক: মুক্তি পালে জনপ্ৰিয় কণ্ঠশিল্পী কুসুম কৈলাশৰ নতুন টাই গীত ৰূপহী টাই গাভৰু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.