ETV Bharat / entertainment

Bhairavi Vaidya : কৰ্কট ৰোগে প্ৰাণ কাঢ়িলে অভিনেত্ৰীৰ, ছলমান খানৰ সৈতেও কৰিছিল কাম

টিভি আৰু বহু বলীউড ছবিত কাম কৰা প্ৰবীণ অভিনেত্ৰী ভৈৰৱী বৈদ্যৰ দেহাৱসান । অভিনেত্ৰীগৰাকীৰ কন্যাই তেওঁৰ মৃত্যুৰ তথ্য ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে ।

author img

By ETV Bharat Assamese Team

Published : Oct 13, 2023, 1:32 PM IST

Veteran actress Bhairavi Vaidya dies of cancer at 67, worked many bollywood movies
অভিনেত্ৰী ভৈৰৱী বৈদ্যৰ দেহাৱসান

চিটাৰা ডেস্ক, 13 অক্টোবৰ: জনপ্ৰিয় অভিনেত্ৰী ভৈৰৱী বৈদ্য আৰু নাই ৷ ৬৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে অভিনেত্ৰীগৰাকীয়ে । দীৰ্ঘদিন ধৰি কৰ্কট ৰোগৰ সৈতে যুঁজি আছিল অভিনেত্ৰীগৰাকী । টিভিৰ এটা অতি চিনাকি মুখ আছিল ভৈৰৱী ৷ কেৱল টিভিতেই নহয়, বলীউডৰো বহু ছবিত অভিনয় কৰিছে অভিনেত্ৰীগৰাকীয়ে । ভৈৰৱীয়ে ঐশ্বৰ্যৰ সৈতে ‘তাল’ ছবিখনত অভিনয় কৰিছিল আৰু ছলমান খানৰ সৈতেও ছবিত অভিনয় কৰিছে । ভৈৰৱীয়ে অভিনয়ৰ জগতখনক দিছে নিজৰ জীৱনৰ সুদীৰ্ঘ ৪৫ বছৰ । অভিনেত্ৰীগৰাকীৰ মৃত্যুৰ তথ্য ছ’চিয়েল মিডিয়াত প্ৰদান কৰিছে কন্যা জানকী বৈদ্যই ।

মাতৃৰ এখন ছবি শ্বেয়াৰ কৰি জানকীয়ে বিশ্ববাসীক জনাইছে যে তেওঁৰ মাতৃ আৰু নাই । উল্লেখ্য যে, ভৈৰৱী বৈদ্যই ছলমান খানৰ সৈতে ‘চোৰি-চোৰি চুপকে-চুপকে’ ছবিখনত কাম কৰিছিল ।

অভিনেত্ৰীগৰাকীৰ কন্যাৰ আৱেগিক পোষ্ট

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি অভিনেত্ৰীগৰাকীয়ে যোৱা ৬ মাহ ধৰি কৰ্কট ৰোগত আক্ৰান্ত আছিল । মাতৃৰ মৃত্যুৰ তথ্য শ্বেয়াৰ কৰি অভিনেত্ৰীগৰাকীৰ কন্যাই নিজৰ পোষ্টত লিখিছে, ‘‘মোৰ প্ৰিয় মা, যি এগৰাকী উল্লাসিত, নিৰ্ভীক, প্ৰতিভাশালী আৰু পৰিষ্কাৰ হৃদয়ৰ ব্যক্তিত্ব আৰু লগতে এগৰাকী প্ৰতিভাৱান অভিনেত্ৰী, যিয়ে নিজৰ সন্তানক ডাঙৰ-দীঘল কৰিছে, আমাক ইমানখিনি যোগ্য কৰিছে যে আমি নিজৰ ভৰিৰ ওপৰত থিয় দিব পাৰো ৷’’

লগতে লিখিছে- তেওঁ কোনো আপোচ নকৰাকৈ টিভি, চলচ্চিত্ৰ আৰু অ’টিটিত উজ্জ্বল কাম কৰি সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছিল ৷ তেওঁ এনে এগৰাকী মহিলা যিয়ে মানুহক তেওঁৰ অভিনয়েৰে হাঁহিবলৈ বাধ্য কৰাইছিল আৰু একে সময়তে কান্দিবলৈও বাধ্য কৰাইছিল ৷ যি গৰাকী মহিলাই শেষ নিশ্বাসলৈকে যুঁজিছিল, আপোনাক মোৰ অভিবাদন, মই আপোনাৰ ছোৱালী হোৱাৰ সৌভাগ্য লাভ কৰিছিলো, মই ভাগ্যৱান, মোৰ বহুত ক’বলৈ আছে, কিন্তু মই ক’ব নোৱাৰো, আপুনি মোক সোনকালে এৰি থৈ গুচি গ’লে, আপুনি শান্তিত থাকক, মই প্ৰতিশ্ৰুতি দিছো, মই আপোনাৰ ভাল ছোৱালী হৈ থাকিম, আপুনি চিন্তা নকৰিব, মই নিজৰ যত্ন লম ।’’

ভৈৰৱী বৈদ্যৰ ৱৰ্কফ্ৰন্ট

ভৈৰৱীয়ে টিভি শ্ব’ ‘নিমা ডেনজংপা’, ‘হছৰতে’ আৰু ‘মহিসাগৰ’ত অভিনয় কৰিছিল । হিন্দীৰ লগতে অভিনেত্ৰীগৰাকীয়ে গুজৰাটী শ্ব’তো অভিনয় কৰিছে ।

লগতে পঢ়ক: Akhil Mishra Death: ৩ ইডিয়টছৰ অভিনেতা অখিল মিশ্ৰৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.