ETV Bharat / entertainment

মুম্বাইত শেষ নিশ্বাস ত্যাগ কৰিলে প্ৰবীণ অভিনেতা অৰুণ বালিয়ে - অৰুণ বালি

প্ৰবীণ অভিনেতা অৰুণ বালিৰ শুকুৰবাৰে মুম্বাইত 79 বছৰ বয়সত মৃত্যু হয় ।

VETERAN ACTOR
মুম্বাইত শেষ নিশ্বাস ত্যাগ কৰিলে প্ৰবীণ অভিনেতা অৰুণ বালিয়ে
author img

By

Published : Oct 7, 2022, 9:13 AM IST

Updated : Oct 7, 2022, 10:50 AM IST

চিটাৰা ডেস্ক, 7 অক্টোবৰ : প্ৰবীণ অভিনেতা অৰুণ বালিৰ শুকুৰবাৰে মুম্বাইত 79 বছৰ বয়সত মৃত্যু হয় । বালি মাইস্থেনিয়া গ্ৰেভিছ নামৰ এক বিৰল দীৰ্ঘম্যাদী স্নায়ুপেশীৰ ৰোগত ভূগি আছিল ৷ জনপ্ৰিয় অভিনেতাজনৰ মৃত্যুত শোকৰ ছাঁ পৰিছে মনোৰঞ্জন ক্ষেত্ৰখনত ৷

বালিৰ পুত্ৰ অংকুশে কয় যে তেওঁৰ পিতৃ স্নায়ু আৰু পেশীৰ মাজত যোগাযোগ বিকল হোৱাৰ ফলত হোৱা অটোইম্যুন ৰোগ মাইস্থেনিয়া গ্ৰেভিছত আক্ৰান্ত হৈ আছিল, যাৰ বাবে তেওঁক চলিত বৰ্ষৰ আৰম্ভণিতে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । অংকুশে কয় যে চিকিৎসাৰ প্ৰতি দেউতাকে ভাল সঁহাৰি জনাইছিল যদিও পুৱা প্ৰায় 4.30 বজাত শেষ নিশ্বাস ত্যাগ কৰে ।

"দেউতাই আমাক এৰি থৈ যায় । তেওঁ Myasthenia gravis ৰোগত আক্ৰান্ত হৈ আছিল । দুই-তিনিদিন তেওঁৰ মুড ছুইং হৈ আছিল", পুত্ৰ অংকুশে পিটিআইক এইদৰে জনায় ।

  • Veteran actor Arun Bali passes away at the age of 79 years in Mumbai

    — ANI (@ANI) October 7, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

চুপাৰষ্টাৰ শ্বাহৰুখ খানৰ ককাক হিচাপে বিখ্যাত চলচ্চিত্ৰ নিৰ্মাতা লেখ টেণ্ডনৰ টিভি শ্ব’ Doosra Kevalৰ সৈতে বালিয়ে অভিনয় জগতত আত্মপ্ৰকাশ কৰে আৰু পিছলৈ পিৰিয়ড ড্ৰামা চাণক্য, স্বাভিমান, দেশ মে নিক্লা হোগা চান্দ, কুমকুম এক প্যাৰা চা বন্ধন আৰু পি.অ’.ডব্লিউ. - বন্দী যুদ্ধ কে ধাৰাবাহিকত নানান চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ মাজত জনপ্ৰিয় হৈ পৰিছিল ।

তেওঁৰ কেইখনমান জনপ্ৰিয় ছবি হ’ল সৌগন্ধ, ৰাজু বন গয়া জেন্টলমেন, খালনায়ক, সত্য, হেই ৰাম, লগে ৰহো মুন্না ভাই, 3 ইডিয়টছ, ৰেডি, বৰফী, মনমাৰ্জিয়ান, কেদাৰনাথ, সম্ৰাট পৃথ্বীৰাজ, লাল সিং চড্ডা । শুকুৰবাৰে মুক্তি লাভ কৰে অমিতাভ বচ্চন আৰু ৰশ্মিকা মান্দনাৰ সৈতে অভিনয় কৰা তেওঁৰ শেষৰখন ছবি গুডবাই । ইহসংসাৰত বালিয়ে এজন পুত্ৰ আৰু তিনিগৰাকী কন্যাক এৰি থৈ গৈছে ।

লগতে পঢ়ক : Arun Bali death: কিং খানৰ সৈতে অভিনয় জীৱন আৰম্ভ কৰা অৰুণ বালিয়ে বিগবিৰ সৈতে শেষৰখন ছবি কৰি জীৱন নাট সামৰিলে

Last Updated : Oct 7, 2022, 10:50 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.