চিটাৰা ডেস্ক, 10 মে’: বিগত কিছুদিনৰ পৰা সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে বিতৰ্কিত ছবি ‘দ্য কেৰালা ষ্টৰী’য়ে (The kerala story) ৷ কিয়নো মুক্তিৰ পূৰ্বেই বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছিল ছবিখন (Adah sharma in the kerala story) ৷ অৱশ্যে চলি থকা বিতৰ্কৰ মাজতে ছবিগৃহত মুক্তি লাভ কৰিলে ছবিখনে ৷ ইফালে মুক্তিৰ পিচতে বিজেপি শাসিত ৰাজ্য মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশত ছবিখন কৰমুক্ত কৰা হৈছে (Kerala story box office collection) ৷
ইয়াৰ বিপৰীতে তামিলনাডু আৰু পশ্চিমবংগত নিষিদ্ধ কৰা হৈছে ‘দ্য কেৰালা ষ্ট’ৰী’ । অৱশ্যে ছবিখন দুই ৰাজ্যত নিষিদ্ধ কৰাৰ পিচতো ছবিখনৰ উপাৰ্জনত ইয়াৰ কোনো প্ৰভাৱ পৰা নাই (The Kerala Story Box Office Collection Day 5) । এই দুখন ৰাজ্যত ছবিখন নিষিদ্ধ কৰা হৈছে যদিও ছবিখনে উজ্জ্বল প্ৰদৰ্শন অব্যাহত ৰাখিছে । মাত্ৰ পাঁচ দিনতে বক্স অফিচত ৫০ কোটিৰ সীমা অতিক্ৰম কৰাৰ লগতে বছৰৰ পঞ্চম সৰ্বাধিক উপাৰ্জনকাৰী ছবি হিচাপে পৰিগণিত হৈছে ।
সুদীপ্ত সেনৰ পৰিচালনাত নিৰ্মিত ‘দ্য কেৰালা ষ্ট’ৰী’ মুক্তি পোৱাৰ আজি পাঁচ দিন হ’ল ৷ কিন্তু ছবিখনে বক্স অফিচত অসাধাৰণ ফলাফলে সকলোৰে হৃদয় জয় কৰিবলৈ সক্ষম হৈছে (Sudipto sen kerala story)। তিনি যুৱতীৰ সঁচা ঘটনাৰ আধাৰত নিৰ্মিত এই ছবিখনত আদা শৰ্মাই মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৷ ছবিখনত অভিনেত্ৰীগৰাকীৰ অভিনয়ক দৰ্শকে যথেষ্ট শলাগ লৈছে (Kerala story BO Collection day 5) ।
ইফালে ছবিখন মুক্তিৰ পিচত কোনোৱে যদি ছবিখনক সমৰ্থন কৰিছে আৰু কোনোবাই আকৌ ইয়াৰ বিৰুদ্ধে মাত মাতিছে । এই সকলোবোৰ কথাৰ মাজতে পঞ্চম দিনতো ছবিখনে বক্স অফিচত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে ৷ যদি আমি ছবিখনৰ পঞ্চম দিনৰ সংগ্ৰহৰ কথা কওঁ, তেন্তে প্ৰাৰম্ভিক খবৰ অনুসৰি ছবিখনে ১১ কোটি টকাৰ ব্যৱসায় কৰিছে (The Kerala Story Day 5 Collection)।
দ্য কেৰালা ষ্ট’ৰী’ৰ বক্স অফিচ সংগ্ৰহ
প্ৰথম দিন - ৮.০৩ কোটি টকা
দ্বিতীয় দিন, ১১.২২ কোটি টকা
তৃতীয় দিন - ১৬.৪ কোটি
চতুৰ্থ দিন - ১০.০৭ কোটি টকা
পঞ্চম দিন - ১১.০৭ কোটি টকা
এই অনুসৰি ছবিখনে বৰ্তমানলৈ সংগ্ৰহ কৰিছে মুঠ ৫৬.৭২ কোটি টকা ।
লগতে পঢ়ক: The Kerala Story: মমতা বেনাৰ্জীৰ ওপৰত কিয় খং উঠিল পৰিচালক সুদীপ্ত সেনৰ ?