ETV Bharat / entertainment

Tarali Sarma Birthday:12 বছৰ বয়সতে সংগীত পৰিচালনা কৰিছিল তৰালি শৰ্মাই - তৰালি শৰ্মাৰ গান

তৰালি শৰ্মা বুলিলেই সকলোৰে মনলৈ আহে মিঠা শুৱলা এটি মাত ৷ শাস্ত্ৰীয় সংগীত তথা লোক-সংগীতৰ চৰ্চা কৰা তৰালি শৰ্মাই অসমীয়া সংগীত ক্ষেত্ৰখনক এক নতুন পৰ্যায়লৈ লৈ যোৱাত যথেষ্ট অৰিহণা যোগাইছে ৷ আজি এই জনপ্ৰিয় কণ্ঠশিল্পী গৰাকীৰ 47 সংখ্যক জন্মদিন ৷ এই বিশেষ দিনটোত শুনো আহক তেওঁৰ বিশেষ কেইটামান গীত-

Tarali Sarma Birthday
12 বছৰ বয়সতে সংগীত পৰিচালনা কৰিছিল তৰালি শৰ্মাই
author img

By

Published : Aug 4, 2022, 2:23 PM IST

চিটাৰা ডেস্ক, 4 আগষ্ট : তৰালি শৰ্মা, নামেই যাৰ পৰিচয় ৷ অসমৰ সংগীত ক্ষেত্ৰখনৰ এক উজ্জ্বল নক্ষত্ৰ স্বৰূপ তৰালি শৰ্মা, যাৰ কণ্ঠত খোদ সৰস্বতীৰ বাস ৷ সংগীত ক্ষেত্ৰখনক অন্য এক মাত্ৰা প্ৰদান কৰা তৰালি শৰ্মাই আজি উদযাপন কৰিছে 47 সংখ্যক জন্মদিন ৷ 1975 চনৰ 4 আগষ্টত জন্মগ্ৰহণ কৰিছিল তৰালি শৰ্মাই ৷ কণ্ঠশিল্পী ও সংগীত পৰিচালক তৰালিয়ে 12 বছৰ বয়সতে সংগীত পৰিচালনা কৰিছিল ৷ সেইয়াই আছিল তেওঁৰ শিল্পী জীৱনৰ আৰম্ভণি ৷

তৰালি শৰ্মাই অসংখ্য অসমীয়া ধাৰাবাহিক, বোলছবি, চুটিছবি আৰু এলবামৰ বাবে সংগীত পৰিচালনা কৰিছে ৷ মঞ্জু বৰাৰ অসমীয়া তথ্যচিত্ৰ আকাশীতৰাৰ কথাৰে নামৰ চিনেমাখনত "কিমতে ভকতি কৰিব..." শীৰ্ষক প্ৰাৰ্থনাটিত কণ্ঠদান কৰি ২০০৩ চনৰ শ্ৰেষ্ঠ মহিলা নেপথ্য গায়িকাৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল ৷ আকাশবাণী আৰু দূৰদৰ্শনৰ নিয়মীয়া শিল্পী তৰালি ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰথম মহিলা সংগীত পৰিচালক ৷

অসমীয়াক গৌৰাৱান্বিত কৰা সংগীত শিল্পী গৰাকীলৈ ইটিভি ভাৰত চিটাৰা পৰিয়ালৰ তৰফৰ পৰা জন্মদিনৰ অফুৰন্ত শুভকামনা জনাই আপোনালোকলৈ আগবঢ়ালো তৰালি শৰ্মাৰ কেইটামান জনপ্ৰিয় গীতৰ ইউটিউব লিংক-

1. আহিবা তুমি, হেঙুলীয়া

  • " class="align-text-top noRightClick twitterSection" data="">

2. মাতিলেই নামি অহা জোনাক, ডেউকা

3. অনুৰাগ তোমাৰ বাবে, মুকলি

4. হেঙুলীয়া সপোনে, হেঙুলীয়া

5. শুই থকা আৱেগ, কানীন

6. মায়া মাথো মায়া, হেঙুলীয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.