ETV Bharat / entertainment

পুত্ৰৰ গ্ৰেপ্তাৰৰ সন্দৰ্ভত পোনপ্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ শ্বাহৰুখ খানৰ

author img

By ETV Bharat Assamese Team

Published : Jan 11, 2024, 11:30 AM IST

Shah Rukh Khan On Aryan Khan Arrest : আৰিয়ান খানৰ গ্ৰেপ্তাৰৰ সন্দৰ্ভত পোনপ্ৰথমবাৰৰ বাবে মৌনতা ভংগ কৰিলে শ্বাহৰুখ খানে ৷ এই সন্দৰ্ভত কিং খানে কি ক’লে জানক এই প্ৰতিবেদনত ৷

Superstar Shah Rukh Khan On Aryan Khan Arrest
অৰিয়ানৰ গ্ৰেপ্তাৰৰ ওপৰত শ্বাহৰুখ খান কি ক’লে

চিটাৰা ডেস্ক, ১১ জানুৱাৰী: শ্বাহৰুখ খানৰ বাবে ২০২৩ বৰ্ষটো আছিল অতি বিশেষ ৷ ‘পাঠান’ আৰু ‘জৱান’ৰ সৈতে বক্স অফিচত আলোড়নৰ সৃষ্টি কৰিছিল কিং খানে ৷ এই দুখন ছবিৰ জৰিয়তে বক্স অফিচৰ কিং ৰূপে পৰিগণিত হৈছিল শ্বাহৰুখ ৷ অৱশ্যে বছৰটোৰ শেষতো মুক্তি পাইছিল কিং খান বছৰটোৰ তৃতীয়খন ছবি ডাংকি ৷ ছবিখনে পাঠান আৰু জৱানৰ দৰে ফলাফল দেখুৱাব পৰা নাই যদিও অনুৰাগীৰ পৰা যথেষ্ট সঁহাৰি পাইছিল ৷

কিং খানৰ বাবে বছৰটো কেৱল পেছাদাৰী জীৱনৰ বাবেই নহয়, ব্যক্তিগত জীৱনৰ বাবেও অতি বিশেষ আছিল ৷ কিয়নো ২০১৮ চনৰ পিচত কিং খানৰ পেছাদাৰী জীৱনৰ লগতে ব্যক্তিগত জীৱনতো যথেষ্ট সমস্যাৰ সৃষ্টি হৈছিল ৷

শ্বাহৰুখ খানৰ বেক টু বেক ছবি ফ্লপ হৈছিল

সেই সময়ত বক্স অফিচত তেওঁৰ ছবিবোৰে বিশেষ একো ফলাফল দেখুৱাব পৰা নাছিল ৷ একে সময়তে ২০২১ চনত শ্বাহৰুখ খানৰ জ্যেষ্ঠ পুত্ৰ আৰিয়ানে ড্ৰাগছৰ গোচৰত কাৰাগাৰলৈ যাবলগীয়া হৈছিল । এতিয়া প্ৰথমবাৰৰ বাবে বলীউডৰ কিং শ্বাহৰুখ খানে নিজৰ পুত্ৰ আৰিয়ান খানক গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত মুকলিকৈ প্ৰকাশ কৰিছে ৷

শেহতীয়াকৈ শ্বাহৰুখ খানে সংবাদ মাধ্যমৰ সৈতে হোৱা এক কথোপকথনত তেওঁৰ জীৱনৰ আটাইতকৈ কঠিন সময়ৰ কথা উল্লেখ কৰে । আৰিয়ান খানৰ ড্ৰাগছৰ গোচৰ আৰু পুত্ৰক গ্ৰেপ্তাৰ কৰাৰ পিচত সেই সময়ত তেওঁ মৌনতা অৱলম্বন কৰিছিল ।

শ্বাহৰুখ খানে সাক্ষাৎকাৰটোত কয়, "যোৱা চাৰি-পাঁচ বছৰ মোৰ আৰু মোৰ পৰিয়ালৰ বাবে ৰোলাৰ-কোষ্টাৰৰ দৰে আছিল । Covid ৰ বাবে সকলোৰে জীৱনত নিশ্চয় অসুবিধাৰ সৃষ্টি হৈছিল । বহু ছবিও সেই সময়ত ফ্লপ হৈছিল । তাৰ পিচত বিশ্লেষকসকলে মোৰ বিষয়ে লিখিবলৈ আৰম্ভ কৰিলে যে মোৰ সময় শেষ হৈছে ।’’

এই বিশেষ কথা-বতৰাৰ সময়ত শ্বাহৰুখ খানে তেওঁৰ ‘ব্যক্তিগত’ সমস্যাৰ বিষয়েও মুকলিকৈ কয় । ২০২১ চনত ড্ৰাগছ গোচৰত আৰিয়ান খানক গ্ৰেপ্তাৰ কৰাৰ সময়ত তেওঁ নিজকে আৰু পৰিয়ালক কেনেদৰে চম্ভালিছিল সেই বিষয়ে শ্বাহৰুখ খানে কয় , "ব্যক্তিগত পৰ্যায়তো মোৰ জীৱনত কিছুমান আমনিদায়ক ঘটনা ঘটিছিল, যাৰ পৰা মই বহু কথা শিকিছো । মই অনুভৱ কৰোঁ যে সময় কঠিন হ’লে শান্ত, অতি শান্ত হৈ থাকিব লাগে আৰু নিজৰ মৰ্যাদা বজাই ৰাখি কাম কৰি থাকিব লাগে । কাৰণ যেতিয়া আপুনি ভাবি থাকে যে জীৱনটো নিখুঁতভাৱে চলি আছে, তেতিয়া হঠাতে জীৱনে আপোনাক জোৰেৰে আঘাত কৰে ।’’

কঠিন সময়ত আশা হেৰুৱাব নালাগে- শ্বাহৰুখ খান

শ্বাহৰুখ খানে সাক্ষাৎকাৰটোত উপস্থিত থকা সকলো লোককে অনুপ্ৰাণিত কৰাৰ লগতে জীৱনত যেতিয়া কঠিন সময় চলি থাকে তেতিয়া আশা হেৰুৱাব নালাগে বুলি কয় ।

লগতে পঢ়ক: অন্নপূৰ্ণি ছবিত ৰামক অপমান কৰাৰ অভিযোগত নয়নতৰাৰ বিৰুদ্ধে FIR দাখিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.