চিটাৰা ডেস্ক, 15 নৱেম্বৰ: ব্যৱসায়ী তথা সাহাৰা ইণ্ডিয়া পৰিয়ালৰ প্ৰতিষ্ঠাপক সুব্ৰত ৰয়ৰ দেহাৱসান ৷ খবৰ অনুসৰি হৃদযন্ত্ৰৰ শ্বাস-প্ৰশ্বাস বন্ধ হোৱাত ৭৫ বছৰ বয়সত মৃত্যুক সাবটি লয় সাহাৰা গ্ৰুপৰ মুৰব্বীগৰাকীয়ে ৷ জানিব পৰা মতে দীৰ্ঘদিন ধৰি তেওঁ কেন্সাৰৰ সৈতে যুঁজি আছিল যিটো তেওঁৰ সমগ্ৰ শৰীৰত বিয়পি পৰিছিল । ইয়াৰ উপৰিও ৰক্তচাপ আৰু মধুমেহ ৰোগতো আক্ৰান্ত আছিল সুব্ৰত ৰয় । কিন্তু ১২ নৱেম্বৰত তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটে, লগে লগে তেওঁক মুম্বাইৰ কোকিলাবেন হাস্পতালত ভৰ্তি কৰোৱা হয় ৷ কিন্তু ১৪ নৱেম্বৰৰ নিশা ১০:৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে সাহাৰা গ্ৰুপৰ মুৰব্বীগৰাকীয়ে ।
সাহাৰা ৱান মোচন পিকচাৰ্ছৰ প্ৰতিষ্ঠাপক আছিল সুব্ৰত ৰয় । তেওঁ ৱাণ্টেড, ন’ এণ্ট্ৰি আৰু ড’ৰ আদি বহুকেইখন বলীউডৰ ছবি প্ৰযোজনা কৰিছে । সেয়েহে, চলচ্চিত্ৰ জগতৰ সৈতেও তেওঁৰ গভীৰ সম্পৰ্ক আছিল । এনে পৰিস্থিতিত এতিয়া বলীউডৰ বহু তাৰকাই তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে । মনীষা কৈৰালা, বনী কাপুৰকে ধৰি বহু প্ৰবীণ অভিনেতাই তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে ।
মনীষা কৈৰালাই ছ’চিয়েল মিডিয়াত সুব্ৰত ৰয়ৰ এখন ফটো শ্বেয়াৰ কৰি লিখিছে, ‘‘সংগ্ৰামী জীৱনত কেতিয়াও হাৰ নমনা মানুহজন । #RIP প্ৰিয় ছাৰ ৷’’
-
The man who never given up during his struggle life. #RIP DEAR SIR 🙏🏻🙏🏻🙏🏻 #sahara #subrataroy #SubrataRoySahara pic.twitter.com/lZtNjoh9Ni
— Manisha Koirala (@mkoirala) November 15, 2023 " class="align-text-top noRightClick twitterSection" data="
">The man who never given up during his struggle life. #RIP DEAR SIR 🙏🏻🙏🏻🙏🏻 #sahara #subrataroy #SubrataRoySahara pic.twitter.com/lZtNjoh9Ni
— Manisha Koirala (@mkoirala) November 15, 2023The man who never given up during his struggle life. #RIP DEAR SIR 🙏🏻🙏🏻🙏🏻 #sahara #subrataroy #SubrataRoySahara pic.twitter.com/lZtNjoh9Ni
— Manisha Koirala (@mkoirala) November 15, 2023
চিকিৎসালয়ত উপস্থিত বহু প্ৰবীণ লোক
কোকিলাবেন ধীৰুভাই আম্বানী হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে সুব্ৰত ৰয়ে ৷ তেওঁৰ মৃত্যুৰ পিচত হাস্পতালত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জনায় প্ৰযোজক বনী কাপুৰ, সন্দীপ সিং, চিত্ৰনাট্যকাৰ মুস্তাক শ্বেখ আৰু অভিনেত্ৰী ৰায় লক্ষ্মীয়ে ।
এইসমূহ ছবি প্ৰযোজনা কৰিছে সাহাৰাশ্ৰীয়ে
সুব্ৰত ৰয়ে সাহাৰা ৱান মোচন পিকচাৰ্ছৰ বেনাৰত ৱাণ্টেড, ন’ এণ্ট্ৰি, কোম্পানী, দিল মাংগে মোৰ, কৰ্পোৰেট, মালামাল উইকলি, জো বোলে চো নিহাল, ডাৰ্না জৰুৰী হে, কচ্চা লেমন, ডৰ আৰু ৰান আদি চলচ্চিত্ৰ নিৰ্মাণ কৰিছে ।
ব্যৱসায় জগতৰ এটা ডাঙৰ নাম আছিল সুব্ৰত ৰয় !
ব্যৱসায়ৰ জগতখনত সুব্ৰত ৰয় আছিল এনে এক নাম যিয়ে দেশ-বিদেশত নিজাকৈ বহু কোম্পানী চলাইছিল । সাহাৰা ৱান মোচন পিকচাৰ্ছৰ বাহিৰেও সাহাৰা টিভি, যাৰ নাম পিচলৈ সাহাৰা ৱান, হিন্দী ভাষাৰ বাতৰি কাকত ৰাষ্ট্ৰীয় সাহাৰা আদি উদ্যোগসমূহ সাহাৰা গ্ৰুপৰ অধীনত পৰিচালিত ।
লগতে পঢ়ক: Matthew Perry: মেথিউ পেৰীৰ মৃত্যুৰ সৈতে কি সংযোগ আছে শ্ৰীদেৱীৰ মৃত্যুৰ ?