চিটাৰা ডেস্ক, ৩ অক্টোবৰ: ২০১৮ চনত হঠাৎ মৃত্যুক আকোঁৱালি লৈছিল বলীউডৰ লেডী ছুপাৰষ্টাৰ শ্ৰীদেৱীয়ে । তেওঁৰ হঠাৎ মৃত্যুৱে কেৱল পৰিয়ালকে নহয়, সমগ্ৰ দেশবাসীক স্তম্ভিত কৰিছিল । অনুৰাগীয়ে সহজভাৱে ল’ব পৰা নাছিল তেওঁৰ মৃত্যু ৷ ইফালে পত্নীৰ মৃত্যুৰ পিচত স্বামী বনী কাপুৰে এই সন্দৰ্ভত মৌনতা অৱলম্বন কৰে । শ্ৰীদেৱীৰ মৃত্যুৰ ৫ বছৰ হ’ল । বনী কাপুৰ আৰু তেওঁৰ দুই কন্যা জাহ্নৱী আৰু খুশীৰ বাবে নিশ্চয় এই ৫ বছৰ সহজ নাছিল ৷ কিন্তু শ্ৰীদেৱীৰ মৃত্যুৰ ৫ বছৰ পিচত এতিয়া সেই নিশা কি হৈছিল এই বিষয়ত নিজৰ মৌনতা ভংগ কৰিছে বনী কাপুৰে ৷
শ্ৰীদেৱীৰ মৃত্যুৰ সন্দৰ্ভত মুখ খুলিলে বনী কাপুৰে
শেহতীয়াকৈ সংবাদ মাধ্যমত দিয়া এক সাক্ষাৎকাৰত বনী কাপুৰে শ্ৰীদেৱীৰ আকস্মিক মৃত্যুক লৈ কয় যে শ্ৰীদেৱীয়ে কঠোৰ খাদ্যাভ্যাস পালন কৰিছিল, যি খাদ্যত নাছিল নিমখ । ইয়াৰ বাবেই তেওঁ কেতিয়াবা কেতিয়াবা মূৰ্চাও গৈছিল । ইয়াৰ উপৰিও বনী কাপুৰে শ্ৰীদেৱীৰ মৃত্যু সন্দৰ্ভত সন্মুখীন হোৱা জেৰাৰ কথাও কয় ।
বনী কাপুৰে লগতে কয়, ‘‘শ্ৰীদেৱীৰ মৃত্যু স্বাভাৱিক নাছিল । সেয়েহে, এই সন্দৰ্ভত মোক ঘণ্টাৰ পিচত ঘণ্টা জেৰা কৰা হৈছিল । এই গোচৰৰ তদন্ত চলি থকাৰ সময়ত আৰক্ষী বিষয়াজনে মোক কৈছিল যে ভাৰতীয় সংবাদ মাধ্যমৰ পৰা যথেষ্ট হেঁচা আছে বাবেই আমি এই সকলোবোৰ কৰিব লাগিব । কিন্তু তদন্তত তেওঁলোকে গম পালে যে মোৰ কোনো দোষ নাছিল । মোক বিভিন্ন ধৰণে পৰীক্ষা কৰিছিল আৰক্ষীয়ে, ইয়াৰ ভিতৰত আছিল মিছা ডিটেক্টৰ পৰীক্ষা আৰু অন্যান্য পৰীক্ষা ।
শ্ৰীদেৱীৰ মৃত্যুৰ কাৰণ কি ?
শ্ৰীদেৱীৰ মৃত্যু কেনেকৈ হ’ল সেই সন্দৰ্ভত বনী কাপুৰে কয়- ‘‘ শ্ৰীয়ে নিজকে প্ৰায়ে ভোকত ৰাখিছিল । কাৰণ তেওঁ নিজকে ভাল দেখাব বিচাৰিছিল । চিকিৎসকেও বহুবাৰ কৈছিল যে ৰক্তচাপ কম হৈছে, সেয়াহে নিজৰ যত্ন লওক ।
বহুবাৰ মূৰ্চা গৈছিল শ্ৰীদেৱী
লগতে বনীয়ে কয়- ‘‘আমাৰ বিয়াৰ পিচৰে পৰা তেওঁ বহুবাৰ মূৰ্চা গৈছিল । তেওঁ সদায় ক্ৰেচ ডায়েট কৰিছিল । ইয়াৰ বাবে আনিক তেওঁৰ এটা দাঁতো ভাঙি গৈছিল । কিন্তু কেতিয়াও কাৰো কথাক গুৰুত্ব সহকাৰে লোৱা নাছিল । এনে পৰিস্থিতিত এনেকুৱা হোৱাটো বোধ হয় নিশ্চিত আছিল । ’’
উল্লেখ্য যে, ডুবাইৰ হোটেলৰ বাথৰুমত মৃত্যু হৈছিল শ্ৰীদেৱীৰ । এই মৃত্যুৰ পিচতে বনী কাপুৰক বহু সময় জেৰা কৰা হৈছিল আৰু পৰবৰ্তী সময়ত মৃতদেহ মুম্বাইলৈ অনা হৈছিল । য'ত অভিনেত্ৰীগৰাকীৰ শেষ ৰীতি-নীতি সম্পন্ন কৰা হৈছিল । কিন্তু অভিনেত্ৰীগৰাকীৰ মৃত্যুক লৈ সকলোৰে মনত উদয় হৈছিল বহু ধৰণৰ প্ৰশ্ন ।