চিটাৰা ডেস্ক, 12 অক্টোবৰ: ৫ বছৰ পূৰ্বে এখন ছবি মুক্তি পাইছিল যিয়ে বক্স অফিচত আলোড়নৰ সৃষ্টি কৰিছিল । এই ছবিখনৰ কাহিনী আৰু চিত্ৰনাট্য ইমানেই ভয়ংকৰ আছিল যে গাৰ নোম শিয়ৰি উঠিছিল দৰ্শকৰ ৷ কিন্তু আপুনি জানেনে যে এইখন এনে এখন ছবি আছিল যিখন ছবি নিৰ্মাণ কৰিবলৈ নিৰ্মাতাই প্ৰায় ৭ বছৰ সময় লৈছিল । ইমান দীঘলীয়া সময়ৰ বাবে ছবিখনৰ প্ৰযোজক-অভিনেতাসকলে বহু প্ৰজেক্ট হেৰুৱাব লগা হৈছিল ৷ আনকি সম্পত্তি আৰু বাহনো বিক্ৰী কৰিবলগীয়া হৈছিল । ছবিখনৰ মুক্তিৰ ৫ বছৰৰ পাচত এই কথা প্ৰকাশ কৰিছে ছবিখনৰ অভিনেতা সোহাম শ্বাহে ।
ভাৰতৰ শীৰ্ষ ভয়ানক ছবিৰ ভিতৰত স্থান লাভ এই ছবিখনৰ
হয়, আমি কৈছো ‘টুম্ববাদ’ ছবিখনৰ কথা ৷ ভাৰতৰ শীৰ্ষ ভৌতিক ছবিৰ তালিকাত অন্তৰ্ভুক্ত হৈছে এই ছবিখন । কিন্তু এই ছবিখনৰ অভিনেতা সোহাম শ্বাহে ইয়াক ভৌতিক ছবি বুলি গণ্য নকৰে । শেহতীয়াকৈ সোহাম শ্বাহে এক সাক্ষাৎকাৰৰ সময়ত কৈছিল, ‘‘টুম্ববাদ কোনো অনন্য বিষয় নহয় ৷ মানুহৰ পৰা বহুত মৰম পাইছিল যদিও এইটোও সঁচা যে মই ইয়াক সম্পূৰ্ণ ভৌতিক বুলি নাভাবো । ইয়াৰ এটা উপাদান হে মাথোঁ ভৌতিক । ইয়াৰ মূললৈ চালে আইতাৰ লোকগল্প যেন লাগিব ।’’
বহুবাৰ ছবিখন মাজভাগত বন্ধ কৰি দিবলৈ মন গৈছিল - সোহাম শ্বাহ
ইয়াৰ লগতে সোহামে কয়, ‘‘এই ছবিখনক দৰ্শকে ইমান প্ৰচণ্ড সঁহাৰি দিব বুলি মই একেবাৰেই আশা কৰা নাছিলো । এইখন মোৰ বাবে অতি কঠিন ছবি আছিল । বহু সময়ত মই অনুভৱ কৰিছিলো যে মই এতিয়া বন্ধ কৰি দিম । কিন্তু ভিতৰৰ পৰা মইও অনুভৱ কৰিলোঁ যে যদি মই বনাব নোৱাৰো তেন্তে কোনে কৰিব ? ইয়াৰ বাবেই মই ৭ বছৰৰ এই দীঘলীয়া যাত্ৰা সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছিলো । কিন্তু এই সময়ছোৱাত মই বহু প্ৰজেক্ট এৰিলোঁ । কিন্তু পাঁচ বছৰৰ পাচতো মানুহে এই ছবিখনৰ কথা কয় ।’’
এই ছবিখনৰ বাবেই সম্পত্তিও বিক্ৰী কৰিছিল
সোহামে কয়, ‘‘চিনেমাখন নিৰ্মাণ কৰাৰ সময়ত মই আৰ্থিকভাৱে শেষ হৈ গৈছিলো । এই ৭ বছৰত আনকি মোৰ ঘৰটোও বিক্ৰী কৰিবলগীয়া হ’ল । তাৰ পিচত আৰু কিছুমান সম্পত্তি বিক্ৰী হ’ল আৰু শেষত আনকি নিজৰ গাড়ীখনো বিক্ৰী কৰিলো । সৰুতে প্ৰায়ে শুনিছিলো যে ৰাজ কাপুৰে নিজৰ ঘৰখন বিক্ৰী কৰি চিনেমা নিৰ্মাণ কৰিছে । আগতে মই এইবোৰ কথা বিশ্বাস কৰা নাছিলো কিন্তু এতিয়া মই বিশ্বাস কৰোঁ যে এনেকুৱা হ’ব পাৰে ।’’
উল্লেখ্য যে, ২০১৮ চনৰ ১২ অক্টোবৰত মুক্তি পাইছিল টুম্ববাদ ছবিখন । এই ছবিখন পৰিচালনা কৰিছিল ৰাহি আৰু আনন্দ গান্ধীয়ে ।