ETV Bharat / entertainment

কেটৰিণাৰ ছবি মেৰী খ্ৰীষ্টমাছ কেনেকুৱা পালে স্বামী বিকি কৌশলে ? পত্নীৰ প্ৰশংসাত ক’লে এই কথা

Vicky Kaushal Post: কেটৰিণা কাইফৰ ছবি মেৰী খ্ৰীষ্টমাছ আজি ছবিগৃহত মুক্তি পালে । পত্নীৰ ছবিখনৰ বাবে ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰিছে বিকি কৌশলে ।

author img

By ETV Bharat Assamese Team

Published : Jan 12, 2024, 2:22 PM IST

So freaking proud of you: Vicky Kaushal reviews wifey Katrina Kaif's performance in Merry Christmas
কেটৰিণাৰ ছবি মেৰী খ্ৰীষ্টমাছ কেনেকুৱা পালে স্বামী বিকি কৌশলে

চিটাৰা ডেস্ক, ১২ জানুৱাৰী: বলীউডৰ অন্যতম মৰমলগা দম্পতী হৈছে বিকি কৌশল আৰু কেটৰিণা কাইফ । দুয়োগৰাকীয়ে প্ৰায়ে ইগৰাকীয়ে সিগৰাকীৰ বাবে মৰমলগা ৰোমান্টিক পোষ্ট শ্বেয়াৰ কৰে ছ’চিয়েল মিডিয়াত ৷ আনকি দুয়োৱে ইগৰাকীয়ে সিগৰাকীক কামৰ বাবেও সমৰ্থন কৰা দেখা যায় । আজি ছবিগৃহত মুক্তি পালে কেটৰিণা কাইফ অভিনীত ছবি মেৰী খ্ৰীষ্টমাছ । এই ছবিখনত কেটৰিণাৰ সৈতে মুখ্য চৰিত্ৰত দেখা গৈছে বিজয় সেতুপতীক । যিহেতু কেটৰিণাৰ ছবি মুক্তি পাইছে আৰু স্বামী বিকিয়ে এই সন্দৰ্ভত পোষ্ট শ্বেয়াৰ নকৰিব, সেয়া জানো হ’ব পাৰে ৷ কেটৰিণাৰ ছবি মেৰী খ্ৰীষ্টমাছ চাই বিকিয়ে কেটৰিণাৰ প্ৰশংসা কৰি এটা দীঘলীয়া পোষ্ট শ্বেয়াৰ কৰিছে ।

বৃহস্পতিবাৰে কেটৰিণাৰ ছবি মেৰী খ্ৰীষ্টমাছৰ বিশেষ প্ৰদৰ্শনৰ আয়োজন কৰা হৈছিল য’ত কেটৰিণাৰ সৈতে বিকি কৌশলক দেখা গৈছিল । স্ক্ৰীনিঙৰ সময়ত বিকি আৰু কেটৰিণাৰ কেমিষ্ট্ৰীয়ে সকলোৰে হৃদয় জয় কৰিছিল । এতিয়া বিকিৰ পোষ্টটো দেখি অনুৰাগীসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

বিকিয়ে কেটৰিণাৰ বাবে এটা পোষ্ট লিখিছিল

মেৰী খ্ৰীষ্টমাছৰ পৰা কেটৰিণাৰ লুকৰ ফটো শ্বেয়াৰ কৰিছে বিকিয়ে । ফটোখন শ্বেয়াৰ কৰি তেওঁ লিখিছে- সকলোকে মেৰী খ্ৰীষ্টমাছ । তোমাক লৈ মই বৰ গৌৰৱ অনুভৱ কৰিছো । তুমি শ্ৰীৰাম ছাৰৰ কাহিনীত নিজকে অতি সুন্দৰকৈ খাপ খুৱাই লৈছা । ‘মাৰিয়া’ৰ জটিলতাৰ ওচৰত আত্মসমৰ্পণ । ইয়াৰ ৰহস্য, ইয়াৰ যাদু... সকলোবোৰ ইমান সততা আৰু সূক্ষ্মতাৰে কৰা হৈছে ! আৰু সেই নৃত্য...উফ ! এইটো সঁচাকৈয়ে তুমি কৰা আটাইতকৈ ভাল কাম ।

বিজয় সেতুপতীৰ বাবে এই কথা ক’লে বিকিয়ে

  • " class="align-text-top noRightClick twitterSection" data="">

বিকিয়ে লগতে লিখিছে - বিজয় সেতুপতী ছাৰ... আপুনি কেনেকৈ আপোনাৰ চৰিত্ৰবোৰলৈ শিশুসুলভ শৈলী আনে নাজানো, কিন্তু আপুনি এলবাৰ্টক জীৱন্ত কৰি তোলা দেখি বৰ ভাল লাগিল ।

বিকিৰ পোষ্টটোৰ ওপৰত অনুৰাগীয়ে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া । এজন অনুৰাগীয়ে লিখিছে-আপুনি শ্ৰেষ্ঠ স্বামী । আনহাতে আন এজনে লিখিছে – তেওঁৰ দৰে স্বামী হোৱাটো সঁচাকৈয়ে ভাল । এজনে লিখিছে – ইমান দিনে এই পৰ্যালোচনাৰ বাবে অপেক্ষা কৰি আছিলো ।

মেৰী খ্ৰীষ্টমাছৰ কথা ক’বলৈ গ’লে ছবিখন পৰিচালনা কৰিছে শ্ৰীৰাম ৰাঘৱনে । কেটৰিণা আৰু বিজয়ৰ লগতে ছবিখনত ৰাধিকা আপ্তে, টিনু আনন্দ, সঞ্জয় কাপুৰ আৰু বিনয় পাঠকে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে ৷

লগতে পঢ়ক: পুত্ৰৰ গ্ৰেপ্তাৰৰ সন্দৰ্ভত পোনপ্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ শ্বাহৰুখ খানৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.