চিটাৰা ডেস্ক, 25 মাৰ্চ: কণ্ঠশিল্পী চনু নিগমৰ(Sonu Nigam) পিতৃ অগম কুমাৰ নিগমৰ বাসগৃহত চুৰি কৰাৰ অভিযোগত আৰক্ষীয়ে তেওঁলোকৰ ড্ৰাইভাৰক গ্ৰেপ্তাৰ কৰে(Theft in Sonu Nigam Father House)। লগতে অভিযুক্তৰ পৰা ৭০ লাখ চুৰি নগদ ধন উদ্ধাৰ কৰা হৈছে(Theft in Sonu Nigam Nigam house)।
অগম নিগমৰ বালগৃহৰ পৰা ৭২ লাখ টকা চুৰি হোৱা বুলি জানিব পৰা গৈছে (What is Sonu Nigam famous for)। ঘটনাৰ পিছতে নিগম পৰিয়ালৰ হৈ প্ৰাক্তন চালকজনৰ বিৰুদ্ধে মুম্বাইৰ অশিৱাৰা থানাত এফআইআৰ দাখিল কৰা হয়(Singer Sonu Nigam Father House Theft Case)। নিগম পৰিয়ালৰ হৈ পঞ্জীয়ন হোৱা এফআইআৰত দিয়া তথ্য অনুসৰি গায়ক চনু নিগমৰ পিতৃ আগম নিগমৰ ঘৰ মুম্বাইৰ অন্ধেৰী পশ্চিমৰ অশিৱাৰা অঞ্চলৰ উইণ্ডচৰ গ্ৰেণ্ডত(Mumbai Police)। ১৯ মাৰ্চৰ পৰা ২০ মাৰ্চৰ ভিতৰত সংঘটিত হয় এই চুৰিকাণ্ড(Who was the parents of Sonu Nigam)।
এমাহ কামৰ অন্তত চালকজনক চাকৰিৰ পৰা আঁতৰাই দিয়া হয়
অশিৱৰা আৰক্ষী থানাৰ এগৰাকী আৰক্ষী বিষয়াই জনোৱা মতে, বুধবাৰে চুৰিৰ অভিযোগ উত্থাপন কৰাৰ সময়তে কণ্ঠশিল্পী চনু নিগমৰ কনিষ্ঠ ভগ্নী নিকিতাই এই বিষয়ত ব্যৱস্থা গ্ৰহণৰ বাবে আবেদন জনাইছিল(What is real name of Sonu Nigam)।
তেওঁ আৰু কয় যে, নিকিতাই তথ্য দিছিল যে যোৱা ৮ মাহ ধৰি ৰেহান নামৰ এজন ব্যক্তিয়ে তেওঁৰ ঘৰত ড্ৰাইভাৰ হিচাপে কাম কৰিছিল(Sonu Nigam's father Agam Kumar Nigam)। তেওঁ সঠিকভাৱে কাম নকৰাৰ বাবে তেওঁক কামৰ পৰা আঁতৰাই দিয়া হয় । ইফালে বাসগৃহত চুৰিৰ ঘটনা সংঘটিত হোৱাৰ পিছত বাসগৃহৰ বাহিৰত লাগি থকা চিচিটিভি ফুটেজত পূৰ্বৰ চালকজনক দুটা বেগ লৈ ঘৰৰ পৰা ওলাই অহা দেখা গৈছে(Former driver of Sonu Nigam's father)। ইয়াৰ ভিত্তিত আৰক্ষীৰ ওচৰত অভিযোগ দিয়াৰ পিছত অভিযুক্ত চালকজনক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে (playback singer Sonu Nigam)।
লগতে পঢ়ক: Jubilee trailer out: বিক্ৰমাদিত্য মটৱানেৰ পৰিচালনাত নিৰ্মিত ধাৰাবাহিক জুবিলীৰ ট্ৰেইলাৰ মুকলি