ETV Bharat / entertainment

উত্তৰ-পূবৰ জোঁৱাই হ’ল জনপ্ৰিয় কণ্ঠশিল্পী সনম পুৰী; কইনা কোন জানেনে ?

Sanam-Zuchobeni Wedding:সম্পূৰ্ণ নাগালেণ্ডৰ ৰীতি-নীতিৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ল সনম পুৰী ৷ নাগালেণ্ডৰ নিবাসী জুচোবেনী টুংগোইক সাত জনমৰ বাবে নিজৰ কৰি ল’লে পঞ্জাৱৰ নিবাসী সনমে ৷

author img

By ETV Bharat Assamese Team

Published : Jan 13, 2024, 12:46 PM IST

Singer Sanam Puri marries Zuchobeni Tungoe in a dreamy wedding ceremony in Nagaland
উত্তৰ-পূবৰ জোঁৱাই হ’ল জনপ্ৰিয় কণ্ঠশিল্পী সনম পুৰী; কইনা কোন জানেনে ?

চিটাৰা ডেস্ক, 13 জানুৱাৰী: উত্তৰ-পূবৰ জোৱাই হ’ল জনপ্ৰিয় কণ্ঠশিল্পী সনম পুৰী ৷ সম্পূৰ্ণ নাগালেণ্ডৰ ৰীতি-নীতিৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ল সনম পুৰী ৷ শেহতীয়াকৈ নাগালেণ্ডৰ নিবাসী জুচোবেনী টুংগোইৰ সৈতে বিবাহপাশত আৱদ্ধ হয় জনপ্ৰিয় কণ্ঠশিল্পী তথা ইউটিউবাৰ সনম পুৰী ৷ নগা আৰু পাঞ্জাবী ৰীতি-নীতি অনুসৰি সনম আৰু জুচোবেনীৰ বিবাহ হয় ৷ পঞ্জাৱৰ নিবাসী হৈছে সনম পুৰীৰ সৈতে দীৰ্ঘদিনীয়া সম্পৰ্কত আছিল জুচোবেনী টুংগোই ৷ বলীউডৰ বহুতো ন-পুৰণি গীতৰ পুনৰ সংস্কৰণ কৰি তেওঁ জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে ৷ সনম এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী হোৱাৰ উপৰিও এজন বিখ্যাত ইউটিউবাৰো ৷

সনম পুৰীৰ বয়স ৩১ বছৰ ৷ আনহাতে, তেওঁৰ দীৰ্ঘদিনীয়া প্ৰেমিকা জুচোবেনি টুংগোই সনমতকৈ ৬ বছৰ সৰু অৰ্থাৎ ২৫ বছৰ ৷ সনমৰ বাবে এয়া কোনো ড্ৰিমী ডেষ্টিনেশ্যন ৱেডিঙতকৈ কম নাছিল ৷ বিবাহ অনুষ্ঠানত তেওঁলোকৰ পৰিয়াল আৰু ঘনিষ্ঠ লোক সকলোৱে উপস্থিত থাকে য’ত তেওঁলোকক খুবেই ফুৰ্তি তথা আনন্দ কৰা দেখা যায় ৷

ইফালে, সনম পুৰীৰ ফেন পেজৰ পৰা বিবাহৰ ছবি আৰু ভিডিঅ' শ্বেয়াৰ কৰি বহুতে তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰা দেখা যায় ৷ এটা ভিডিঅ’ত সনমে নাগালেণ্ডৰ খ্ৰীষ্টান ধৰ্মৰ সকলো ৰীতি-নীতিৰ সৈতে জুচোবেনী টুংগোইৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱা দেখা যায় ৷

এই ভিডিঅ’টোত দেখা গৈছে সনম পুৰীক ক’লা টাক্সেডো পিন্ধি আৰু জুচোবেনী টুংগোইয়ে বগা গাউন পিন্ধি, ইজনে সিজনৰ হাতত ধৰি থকা দেখা গৈছে ৷ গীৰ্জাৰ যাজকে তেওঁলোকৰ বিবাহৰ প্ৰতিজ্ঞা পুনৰাবৃত্তি কৰা দেখা গৈছিল ৷

সনম পুৰীৰ পত্নী জুচোবেনী টুংগোই নাগালেণ্ডৰ ৰাজধানী কোহিমাৰ বাসিন্দা ৷ শেহতীয়াকৈ এক সাক্ষাৎকাৰত সনমে বিবাহৰ বিষয়টো প্ৰকাশ কৰাৰ লগতে পঞ্জাবী-নগাৰ বিবাহ হ’ব বুলিও কয় ৷

জুচোবেনি টুংগোই সাক্ষাৎকাৰত কয় যে, বিবাহৰ আগদিনা ৰাতি দুয়োৰে পৰিয়ালৰ সৈতে নিশাৰ আহাৰত নগা আৰু পাঞ্জাবী খাদ্য গ্ৰহণ কৰিছিল ৷ এই সময়ছোৱাত নগা পৰম্পৰা উপভোগ কৰা হৈছিল ৷ নিশাৰ আহাৰ গ্ৰহণ কৰাৰ পিছত দুয়োগৰাকীয়ে বিয়াৰ আখৰাও কৰিছিল ৷

আচলতে সনম পুৰীৰ পত্নী জুচোবেনী টুংগোও সনমৰ বেণ্ডৰ অংশ ৷ তেওঁ সনমৰ সৈতে একেলগে গীত পৰিবেশন কৰাৰ লগতে সংগীত জগতৰ সৈতেও জড়িত ৷

লগতে পঢ়ক: কেটৰিণাৰ ছবি মেৰী খ্ৰীষ্টমাছ কেনেকুৱা পালে স্বামী বিকি কৌশলে ? পত্নীৰ প্ৰশংসাত ক’লে এই কথা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.