ETV Bharat / entertainment

Sheezan Khan Birthday: টুনিছাৰ মৃত্যুৰ পাচত প্ৰথমটো জন্মদিন পালন কৰিছে শ্বীজান খানে; ক’লে- এইবাৰ মই কোনো পাৰ্টি নকৰোঁ

author img

By ETV Bharat Assamese Team

Published : Sep 10, 2023, 5:13 PM IST

টিভি তাৰকা শ্বীজান খানে এইবাৰ নিজৰ জন্মদিনটো বেলেগ ধৰণে উদযাপন কৰাৰ সিদ্ধান্ত লৈছে । অভিনেতাগৰাকীয়ে ছ’চিয়েল মিডিয়াত কিছু ফটো শ্বেয়াৰ কৰিছে, য’ত তেওঁক অনাথ শিশুৰ সৈতে দেখা গৈছে ।

Sheezan Khan celebrates birthday with underprivileged children writes I didnt want to celebrate my bir
শ্বীজান খানৰ জন্মদিন

চিটাৰা ডেস্ক, 10 ছেপ্টেম্বৰ: শেহতীয়াকৈ বাতৰিৰ শিৰোনাম দখল কৰিছিল টিভিৰ তাৰকা শ্বীজান খানে ৷ অৱশ্যে কোনো শ্ব’ অথবা কোনো সফলতাৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰা নাছিল বৰঞ্চ গ্ৰেপ্তাৰৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছিল । সহ অভিনেত্ৰী তথা প্ৰাক্তন প্ৰেমিকা টুনিছা শৰ্মাৰ মৃত্যুৰ গোচৰত ৭০ দিনৰ কাৰাবাস খাটিবলগীয়া হৈছিল শ্বীজানে ।

আজি অৰ্থাৎ ১০ ছেপ্টেম্বৰত শ্বীজানৰ জন্মদিন ৷ অৱশ্যে অন্যবাৰতকৈ এইবাৰৰ জন্মদিন কিছু ব্যতিক্ৰম শ্বীজানৰ বাবে ৷ এইবাৰ অভিনেতাজনে নিজৰ জন্মদিনটো বেলেগ ধৰণেৰে পালন কৰাৰ সিদ্ধান্ত লৈছে ।

অনাথ শিশুৰ সৈতে জন্মদিন উদযাপন

অভিনেতাগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত কিছু ছবি শ্বেয়াৰ কৰিছে, য’ত তেওঁক বহু মাউৰা আৰু দুখীয়া শিশুৰ সৈতে জন্মদিন উদযাপন কৰা দেখা গৈছে । এই ছবিসমূহ শ্বেয়াৰ কৰি শ্বীজানে কেপচনত লিখিছে, ‘‘এইবাৰ মই মোৰ জন্মদিনত কোনো ধৰণৰ আড়ম্বৰপূৰ্ণ পাৰ্টি কৰিব নিবিচাৰো । মই মাত্ৰ এই ল’ৰা-ছোৱালীবোৰৰ লগত সময় কটাব বিচাৰো ।’’

শ্ব’ৰ পৰা বাহিৰ কৰি দিয়া হৈছিল শ্বীজানক

উল্লেখ্য যে কেইদিনমান আগতে শ্বীজান কাৰাগাৰৰ পৰা মুকলি হৈছে ৷ ইয়াৰ পিচত তেওঁ ৰোহিত শ্বেট্টীৰ ৰিয়েলিটি শ্ব’ খাট্ৰো কে খিলাড়ি ১৩ ত অংশগ্ৰহণ কৰে।

টুনিছাৰ মৃত্যুৰ পূৰ্বে ব্ৰেকআপ হৈছিল

টুনিছা আৰু শ্বীজানৰ প্ৰেম কাহিনী আৰম্ভ হৈছিল ‘আলী বাবা’ শ্ব’ৰ পৰা, য’ত দুয়োগৰাকীয়েই আছিল মুখ্য তাৰকা । শ্বুটিঙৰ সময়ত দুয়োৰে মাজত ঘনিষ্ঠতা বাঢ়ি আহিল আৰু তাৰ পিচত দুয়োগৰাকীয়ে ইগৰাকীয়ে সিগৰাকীক ডেট কৰিবলৈ আৰম্ভ কৰে । ইফালে টুনিছাৰ মৃত্যুৰ ১৫ দিন পূৰ্বে টুনিছাৰ সৈতে শ্বীজানৰ সম্পৰ্ক বিচ্ছেদ হৈছিল ।

টুনিছাৰ মাতৃয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল

উল্লেখ্য যে টুনিছাৰ মৃত্যুৰে পিচতে টুনিছাৰ মাতৃয়ে শ্বীজানৰ বিৰুদ্ধে বহু গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। অভিনেত্ৰীগৰাকীৰ মাতৃয়ে কয় যে শ্বীজানে টুনিছাক প্ৰতাৰণা কৰিছিল আৰু ইয়াৰ বাবেই টুনিছা ডিপ্ৰেছনত পৰিছিল । সংবাদমেলৰ আয়োজন কৰি এনেধৰণৰ বহু গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল টুনিছাৰ মাতৃয়ে ৷ অৱশ্যে টুনিছাৰ মাতৃৰ এই সকলো অভিযোগ নসাৎ কৰিছিল শ্বীজানৰ পৰিয়ালে ৷

লগতে পঢ়ক: Karan Mehra Birthday: এসময়ত পিজ্জা ডেলিভাৰী কৰিছিল কৰণ মেহৰাই; পিচত ঘৰে ঘৰে ‘নৈতিক’ নামেৰে চিনাকি হৈ পৰিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.