চিটাৰা ডেস্ক, 17 এপ্ৰিল: ‘পঞ্জাৱৰ কেটৰিণা কাইফ’ অৰ্থাৎ শ্বেহনাজ গীলক নতুনকৈ পৰিচয় কৰাই দিয়াৰ হয়তো প্ৰয়োজন নাই ৷ বিগ বছ ১৩ ত নিজৰ ফ্লাৰ্টী ষ্টাইলত শ্বেহনাজে সমগ্ৰ ভাৰতৰ হৃদয়ত জয় কৰিবলৈ সক্ষম হৈছিল । আজি বিগ বছ ১৩ (২০১৯) সম্পূৰ্ণ হোৱা চাৰি বছৰ হ’ল ৷ বিগ বছৰ পিচতো জনপ্ৰিয়তা কম হোৱা নাই শ্বেহনাজৰ (Shehnaaz gill about Punjabi film industry) ৷
প্ৰায় ছ’চিয়েল মিডিয়াৰ ট্ৰেণ্ডিঙত থাকে শ্বেহনাজ গীল ৷ নিজা পৰিশ্ৰমৰে এতিয়া বলীউডত আত্মপ্ৰকাশ কৰিবলৈ গৈ আছে শ্বেহনাজ গীলে ৷ এখন সৰু ছবিৰে নহয়, ছলমান খানৰ ছবি ‘কিছি কা ভাই কিছি জান’ৰ অন্যতম ছুপাৰষ্টাৰৰ সৈতে বলীউডত ভৰি দিবলৈ ওলাইছে শ্বেহনাজ গীলে (Shehnaaz Gill Opens up on shooting for Punjabi film)।
ইফালে শ্বেহনাজ গীলৰ বিষয়ে শেহতীয়াকৈ এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে । এই কথা প্ৰকাশ কৰিছে খোদ শ্বেহনাজ গীলে । পঞ্জাবী চলচ্চিত্ৰ জগতৰ পৰা শ্বেহনাজক বিচ্ছিন্ন কৰি দিয়া হৈছে বুলি জনাইছে শ্বেহনাজে । শ্বেহনাজে লগতে কয় যে, পঞ্জাবী চলচ্চিত্ৰ জগতত তেওঁৰ নিজৰ ছবিৰ প্ৰিমিয়াৰলৈ নিমন্ত্ৰণ নোপোৱাৰ সময়ত চকুলো টুকিছিল ।
- " class="align-text-top noRightClick twitterSection" data="
">
সেইদিনা মই বহুত কান্দিলোঁ - শ্বেহনাজ গীল
‘কিছি কা ভাই কিছি কি জান’ ছবিখনৰ প্ৰচাৰৰ সময়ত দিয়া এক সাক্ষাৎকাৰত শ্বেহনাজ গীলে কয়, ‘‘মই বহু ছবিত দ্বিতীয় মুখ্য চৰিত্ৰত অভিনয় কৰিছোঁ, ছবিখনৰ প্ৰিমিয়াৰলৈকে তেওঁলোকে মোক নিমন্ত্ৰণ কৰা নাছিল, তেওঁলোকে সকলোকে ফোন কৰিছিল ৷ সেই সময়ত অতি হতাশ হৈ পৰিছিলো মই, পঞ্জাবী চলচ্চিত্ৰ উদ্যোগে মোক সম্পূৰ্ণৰূপে বিচ্ছিন্ন কৰা হৈছিল ।’’
উল্লেখ্য যে, ২০১৯ চনৰ পৰা ২০২৩ চনলৈ শ্বেহনাজে অভিনয় জগতত আৰু দেশবাসীৰ মাজত এক নতুন পৰিচয় গঢ়ি তুলিছে । এতিয়া শ্বেহনাজে ২১ এপ্ৰিলত মুক্তি পাবলগীয়া বলীউডৰ প্ৰথম ছবি ‘কিছি কা ভাই কিছি জান’ মুক্তিৰ বাবে অপেক্ষা কৰি আছে (Kisi ka bhai kisi ki jaan) । ২১ এপ্ৰিলত শ্বেহনাজক ছবিগৃহত দেখিবলৈ অপেক্ষা কৰি আছে তেওঁৰ অনুৰাগীসকলে ৷