চিটাৰা ডেস্ক,৩ জুলাই: ৰণবীৰ কাপুৰ আহিবলগীয়া ছবি শমশ্বেৰাত এক আকৰ্ষণীয় চৰিত্ৰত দেখা যাব চুপাৰষ্টাৰ সঞ্জয় দত্তক(Sanjay Dutt as Shuddh Singh in shamshera) । মুক্তিৰ পূৰ্বে খুবেই চৰ্চিত ছবিখনত সঞ্জু বাবাক দেখা যাব শুদ্ধ সিঙ নামৰ এক ব্য়তিক্ৰমী চৰিত্ৰত(sanjay dutt role in shamshera) । ছবিখনৰ নিৰ্মাতাসকলে জনোৱা অনুসৰি এক ভয়ংকৰ আৰু ব্য়তিক্ৰমী চিন্তাৰে চৰিত্ৰটি উপস্থাপন কৰিবলৈ চেষ্টা কৰা হৈছে । দৃশ্য়গ্ৰহণৰ মাজৰে এক ভিডিঅ'যোগে এই কথা প্ৰকাশ কৰে শমশ্বেৰাৰ পৰিচালকে ।
ছবিখন পৰিচালনা কৰিছে জনপ্ৰিয় পৰিচালক কৰণ মালহোত্ৰাই । ভিডিঅ'টোত সঞ্জু বাবাই উল্লেখ কৰে(sanjay dutt latest updates) যে তেঁও এগৰাকী অভিনেতা হিচাপে স্ক্ৰিপ্ট তথা চৰিত্ৰটোৰ ওপৰত বিশ্বাস কৰে আৰু সকলো খিনি পৰিচালকৰ ওপৰত এৰি দিয়ে । একদৰে এইবাৰো শুদ্ধ সিঙৰ চৰিত্ৰটোৰ ক্ষেত্ৰটো পৰিচালকে আগবঢ়োৱা বাখ্য়া অনুসৰিয়েই তেওঁৰ সামৰ্থ অনুসৰি চৰিত্ৰটোত অভিনয় কৰিবলৈ চেষ্টা কৰিছে । শুদ্ধ সিঙ চৰিত্ৰটোত ধেমেলীয়া তথা বিপদজনক দুয়োটা পৰিস্থিতিয়ে আছে আৰু চৰিত্ৰটোক দৰ্শকে আদৰি ল’ব বুলি আশাবাদী চুপাৰষ্টাৰগৰাকী ।
পৰিচালক কৰণ মালহোত্ৰাই উল্লেখ কৰিছিল যে কেনেকৈ তেওঁ সঞ্জয়ৰ দৰে এজন প্ৰবীণ অভিনেতাক পৰিচালনা কৰিবলৈ তেওঁ সক্ষম হৈছিল । তেওঁ কয় যে ছবিখনত যদি সঞ্জয় দত্তই অভিনয় কৰে সেয়া তেওঁৰ বাবে খুবেই সুখৰ কথা । তাতকৈও সুখৰ কথাটো হ'ল যে সঞ্জয় দত্তই যদি এটি নিগেটিভ চৰিত্ৰ(shamshera villain role)ত অভিনয় কৰে তেন্তে তেওঁক পৰিচালনা কৰা আটাইতকৈ সুবিধাজনক হয় ।
- " class="align-text-top noRightClick twitterSection" data="">
ইয়াৰ উপৰিও নায়কৰ চৰিত্ৰত অভিনয় কৰা ৰণবীৰ কাপুৰে কয় যে সঞ্জয় দত্তই যদিও ছবিখনত কঠোৰ পৰিশ্ৰম কৰিছে সঞ্জয় দত্তই । চৰিত্ৰটোক লৈ খুবেই চিৰিয়াচ সঞ্জয় দত্ত । তেওঁ চৰিত্ৰটো অধ্য়য়ন কৰে আৰু সেই বিষয়ত চিন্তা কৰে ।
শমশ্বেৰাৰ কাহিনী কাজাৰ নামৰ কাল্পনিক চহৰখনৰ পটভূমিত নিৰ্মাণ কৰা হৈছে । য'ত শুদ্ধ সিঙ এগৰাকী নিৰ্মম আধিপত্যবাদী সেনাপতিৰ চৰিত্ৰ দাঙি ধৰিছে । যি এটা জনজাতিক বন্দী কৰি নিৰ্মম অত্যাচাৰ কৰে । ইয়াৰ মাজতে কাহিনীটোৱে অন্য এক গতি লৈছে । য'ত এগৰাকী দাসে পাছলৈ এগৰাকী নেতা হৈ তেওঁৰ জনজাতিটোৰ বাবে এক কিংবদন্তি হৈ পৰিছিল । যিগৰাকী কিংবদন্তিয়ে নিৰন্তৰভাৱে তেওঁৰ জাতিৰ স্বাধীনতা আৰু মৰ্যাদাৰ বাবে যুঁজ দিছিল । বহুলভাৱে চৰ্চিত এই ছবিখন ছবিগৃহলৈ আহিব চলিত বৰ্ষৰ ২২ জুলাইত ।