ETV Bharat / entertainment

Akansha Dubey Murder Case: আকাংক্ষা ডুবেৰ আত্মহত্যাৰ গোচৰ, জামিনত মুকলি অভিযুক্ত সমৰ সিং, ফুলৰ মালাৰে আদৰণি

author img

By ETV Bharat Assamese Team

Published : Nov 16, 2023, 4:09 PM IST

ভোজপুৰী অভিনেত্ৰী আকাংক্ষা ডুবেৰ আত্মহত্যাৰ গোচৰৰ মূল অভিযুক্ত সমৰ সিঙক ৭ মাহৰ পাচত জামিনত কাৰাবন্দীৰ পৰা মুকলি কৰি দিয়া হয় । সমৰ সিঙৰ সমৰ্থকসকলে তেওঁক ফুলৰ মালাৰে আদৰণি জনায় ৷

Samar Singh accused in death of Bhojpuri actress Akanksha Dubey released on bail for seven months
আকাংক্ষা ডুবেৰ আত্মহত্যাৰ গোচৰৰ মূল অভিযুক্ত সমৰ সিঙক জামিনত মুকলি

চিটাৰা ডেস্ক, 16 নৱেম্বৰ: ভোজপুৰী চিনেমা জগতত নিজৰ কণ্ঠৰ যাদু বিয়পোৱা সমৰ সিং আজি প্ৰায় ৭ মাহৰ অন্তত কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ আহে ৷ ভোজপুৰী অভিনেত্ৰী আকাংক্ষা ডুবেৰ আত্মহত্যাৰ গোচৰত আকাংক্ষাৰ মাতৃ মধু ডুবেই দাখিল কৰা প্ৰতিবেদনৰ পিচতে সমৰ সিঙক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে । ইয়াৰ পিচত বাৰাণসী আদালতে জামিন আবেদন নাকচ কৰাৰ পিচত সমৰ সিঙৰ অধিবক্তাই এই বিষয়ত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল । এতিয়া এই গোচৰত শেহতীয়াকৈ সমৰ সিঙক জামিনত মুকলি কৰি দিয়াৰ নিৰ্দেশ দিছিল আদালতে । ইয়াৰ পিচত আজি প্ৰায় ৭ মাহৰ অন্তত সমৰ সিঙক কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হয় । ইফালে সমৰ সিঙৰ সমৰ্থকসকলে এই খবৰত উৎফুল্লিত হৈ পৰে আৰু কাৰাগাৰৰ পৰা ওলোৱাৰ লগে লগে তেওঁক ফুলৰ মালাৰে আদৰণি জনায় ৷

অৱশ্যে কাৰাগাৰৰ পৰা বাহিৰলৈ ওলাই অহাৰ পিচত সমৰ সিঙে সংবাদ মাধ্যমৰ পৰা নিজকে আঁতৰাই ৰাখে আৰু পোনপটীয়াকৈ গাড়ীত বহি নিজৰ গাঁও আজমগড়লৈ ৰাওনা হয় ।

আকাংক্ষা আত্মহত্যাৰ ঘটনা

আচলতে আকাংক্ষাৰ মাতৃয়ে ভোজপুৰী গায়ক সমৰ সিঙে আকাংক্ষা ডুবেক আত্মহত্যাৰ বাবে উচটনি দিয়াৰ অভিযোগ উত্থাপন কৰি সাৰনাথ থানাত গোচৰ ৰুজু কৰিছিল । ২৬ মাৰ্চত সন্দেহজনক অৱস্থাত আকাংক্ষা ডুবেৰ মৃতদেহ উদ্ধাৰ হৈছিল ৷ বাৰাণসীৰ সাৰনাথ অঞ্চলৰ এটা গেষ্ট হাউচৰ কোঠাত ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছিল অভিনেত্ৰীগৰাকীৰ মৃতদেহ । ইয়াৰ পিচতে সমৰ সিঙক গ্ৰেপ্তাৰ কৰা হৈছিল । আকাংক্ষা ডুবেৰ মৃত্যুৰ পিচত সমৰ সিঙৰ বিৰুদ্ধে কন্যাক শোষণ কৰি হাৰাশাস্তি কৰাৰ লগতে টকা নিদিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল আকাংক্ষাৰ মাতৃয়ে ।

ইয়াৰ পিচতে বিষয়টো উচ্চ ন্যায়ালয় পায়গৈ আৰু গোচৰৰ শুনানি চলি থকাৰ সময়তে আদালতে সমৰ সিঙক জামিনত মুকলি কৰি দিয়াৰ নিৰ্দেশ দিয়ে । উল্লেখ্য যে, এই ঘটনাৰ পিচতে পলায়ন কৰিছিল সমৰ সিং ৷ বাৰাণসীৰ সাৰনাথ আৰক্ষীকে ধৰি উত্তৰ প্ৰদেশৰ সকলো অঞ্চলৰ আৰক্ষীয়ে সমৰ সিঙক বিচাৰি হাবাথুৰি খাবলগীয়া হৈছিল । অৱশেষত ৬ এপ্ৰিলত সমৰ সিঙক গাজিয়াবাদৰ পৰা গ্ৰেপ্তাৰ কৰা হয় । সমৰ সিঙক বাৰাণসী জিলা কাৰাগাৰত ৰখা হৈছিল য’ৰ পৰা আজি জামিনত মুকলি কৰি দিয়া হয় ।

লগতে পঢ়ক: Akanksha Dubey: আত্মহত্যাৰ পূৰ্বে এস্কেলেটৰৰ সন্মুখত নৃত্য আকাংক্ষা ডুবেৰ, চিচিটিভিত বন্দী সমগ্ৰ দৃশ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.