ETV Bharat / entertainment

‘ছেম বাহাদুৰ’ৰ নতুন গীত ‘ৰব কা বন্দা’ মুকলি - ৰব কা বন্দা মুকলি

Sam Bahadur Song Banda: ‘বড়তে চলো’ৰ পিচত এতিয়া মুক্তি লাভ কৰিছে বিকি কৌশলৰ আগন্তুক ছবি ‘ছেম বাহাদুৰ’ৰ আন এটা প্ৰেৰণাদায়ক গীত ‘ৰব কা বন্দা’। চাওক গীতটি ৷

Sam Bahadur: Vicky Kaushal portrays the spirit of Indian army in new song Banda - watch
ৰব কা বন্দা’ মুকলি মুক্তি লাভ কৰিলে
author img

By ETV Bharat Assamese Team

Published : Nov 22, 2023, 2:05 PM IST

চিটাৰা ডেস্ক, 22 নৱেম্বৰ: বিকি কৌশল, ফাতিমা সানা শ্বেখ আৰু সান্যা মালহোত্ৰাৰ আগন্তুক ছবি ‘ছেম বাহাদুৰ’ ২০২৩ চনৰ অন্যতম প্ৰত্যাশিত ছবি । এই ছবিখন পৰিচালনা কৰিছে মেঘনা গুলজাৰে । ছবিখনৰ মুক্তিৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে অনুৰাগী । এতিয়া অনুৰাগীৰ বাবে নিৰ্মাতাই মুকলি কৰিছে ‘ছেম বাহাদুৰ’ৰ আন এটি নতুন গীত । ইয়াৰ পূৰ্বে ছবিখনৰ পৰা প্ৰথমটি দেশপ্ৰেমমূলক গীত ‘বড়তে চলো’ মুকলি কৰা হৈছিল । এতিয়া ছবিখনৰ পৰা মুকলি কৰা হৈছে দ্বিতীয়টো ট্ৰেক ‘ৰব কা বন্দা’।

'ছেম বাহাদুৰ'ৰ নতুন গীত 'বন্দা' মুকলি

আজি মুক্তি পালে 'ছেম বাহাদুৰ'ৰ নতুন গীত 'বন্দা' । এই গীতটিত ছেম মানেকশ্ব’ৰ চৰিত্ৰত বিকি কৌশলক অতি জোৰদাৰ ৰূপত দেখা গৈছে । ভিডিঅ’টোত ছেম মানেকশ্ব’ৰ জীৱনৰ আভাস দেখা পোৱা গৈছে । এই গীতটোৱে প্ৰকাশ কৰিছে ছেম মানেকশ্বৰ শক্তি, সাহস আৰু দৃঢ়তা । বন্দাৰ মিউজিক ভিডিঅ’টো শ্বেয়াৰ কৰি বিকিয়ে লিখিছে, "A force of strength, A great soldier in every sense.रब का banda hai ye, सब का banda hai ye ! ’’

উল্লেখ্য যে, 'ছেম বাহাদুৰ'ৰ নতুন প্ৰেৰণাদায়ক গীতটিত শংকৰ মহাদেৱনে কণ্ঠদান কৰিছে, আনহাতে গুলজাৰে গীতৰ কথা লিখিছে । সংগীত ৰচনা কৰিছে শংকৰ-এহছান-লয়ে ।

  • " class="align-text-top noRightClick twitterSection" data="">

‘ছেম বাহাদুৰ’ ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে বিকি কৌশলে

উল্লেখ্য যে, ‘ছেম বাহাদুৰ’ ভাৰতৰ প্ৰথম ফিল্ড মাৰ্শ্বাল ছেম মানেকশ্ব’ৰ জীৱনৰ ওপৰত আধাৰত নিৰ্মিত ছবি । ছবিখনত ছেম মানেকশ্ব’ৰ চৰিত্ৰত অভিনয় কৰিছে বিকি কৌশলে । এই ছবিখনত মিলিটেৰী কিংবদন্তিজনৰ জীৱন, তেওঁৰ বীৰত্ব আৰু নেতৃত্বৰ কাহিনী দেখুওৱা হৈছে । ছেম বাহাদুৰত ফাতিমা সানা শ্বেইখক ইন্দিৰা গান্ধীৰ চৰিত্ৰত আৰু সন্যা মালহোত্ৰাক ছেম মানেকশ্ব’ৰ পত্নী ছিলুৰ চৰিত্ৰত দেখা যাব । ১ ডিচেম্বৰত ছবিগৃহত মুক্তি পাব এই ছবিখন ।

লগতে পঢ়ক: Sam Bahadur Badhte Chalo Song: ছেম বাহাদুৰৰ নতুন দেশপ্ৰেমমূলক গীত বড়তে চলো মুক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.