ETV Bharat / entertainment

বক্স অফিচত কাছৰ গতিত আগবাঢ়িছে ছেম বাহাদুৰৰ উপাৰ্জন - বিকি কৌশলৰ ছবি ছেম বাহাদুৰ

Sam Bahadur Box Office Collection Day 10: বক্স অফিচত নিজৰ দৃঢ় স্থান অক্ষুণ্ণ ৰাখিছে বিকি কৌশলৰ ছবি ‘ছেম বাহাদুৰ’এ । মুক্তিৰ দশম দিনত ছবিখনে কিমান উপাৰ্জন কৰিছে জানো আহক ।

http://10.10.50.90:6060///finaloutc/english-nle/finalout/11-December-2023/20236503_ka.jpg
ছেম বাহাদুৰ বক্স অফিচ
author img

By ETV Bharat Assamese Team

Published : Dec 11, 2023, 11:53 AM IST

চিটাৰা ডেস্ক, ১১ ডিচেম্বৰ : ৰণবীৰ কাপুৰৰ ‘এনিমেল’ৰ লগতে ছবিগৃহত মুক্তি লাভ কৰিছিল বিকি কৌশলৰ ছবি ‘ছেম বাহাদুৰ’ । একেদিনাই অৰ্থাৎ ১ ডিচেম্বৰত দুয়োখন ছবি ছবিগৃহত মুক্তি লাভ কৰিছিল ৷ কিন্তু মুক্তিৰ পিচতে এনিমেলে বক্স অফিচত ব্যাপক ধন উপাৰ্জন কৰিছে আৰু বহু ছবিৰো অভিলেখো ভংগ কৰিছে ৷ ইয়াৰ বিপৰীতে ছেম বাহাদুৰেও বক্স অফিচত নিজৰ দখল বজাই ৰাখিছে । যদিও প্ৰথম সপ্তাহৰ পিচত ‘ছেম বাহাদুৰ’ৰ উপাৰ্জন যথেষ্ট হ্ৰাস পাইছিল, তথাপিও দ্বিতীয় সপ্তাহত ছবিখনৰ উপাৰ্জন বৃদ্ধি পাইছে আৰু ৫০ কোটি টকাৰ সীমা অতিক্ৰম কৰিছে । জানো আহক ‘ছেম বাহাদুৰ’ এ মুক্তিৰ দশম দিনত কিমান কোটি টকা উপাৰ্জন কৰিছে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

মুক্তিৰ দশম দিনটোত ‘ছেম বাহাদুৰ’এ কিমান কোটি টকা উপাৰ্জন কৰিছে ?

‘ছেম বাহাদুৰ’ ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে বিকি কৌশলে । এই ছবিখন দেশৰ প্ৰথম ফিল্ড মাৰ্শ্বাল ছেম মানেকশ্ব’ৰ জীৱনৰ আধাৰত নিৰ্মিত ছবি । বিকি কৌশলৰ ‘ছেম বাহাদুৰ’ মুক্তিৰ প্ৰথম দিনাৰ পৰাই ৰণবীৰ কাপুৰৰ ‘এনিমেল’ৰ সৈতে কঠোৰ প্ৰতিযোগিতাৰ সন্মুখীন হ’বলগীয়া হৈছে, যাৰ বাবে ‘ছেম বাহাদুৰ’ৰ উপাৰ্জনত যথেষ্ট প্ৰভাৱ পৰিছে ।

ছবিখনৰ উপাৰ্জনৰ কথা ক’বলৈ গ’লে ‘ছেম বাহাদুৰ’ মুক্তিৰ প্ৰথম সপ্তাহতে ৩৮.৮ কোটি টকা উপাৰ্জন কৰিছিল । কিন্তু দ্বিতীয় সপ্তাহত ‘ছেম বাহাদুৰ’ৰ উপাৰ্জন বৃদ্ধি পাইছে । দ্বিতীয় শুকুৰবাৰে ছবিখনে উপাৰ্জন কৰিছে ৩.৫ কোটি টকা । দ্বিতীয় শনিবাৰে ‘ছেম বাহাদুৰ’ৰ উপাৰ্জনত ৯২.৮৬ শতাংশ বৃদ্ধি পাইছে আৰু ৬.৭৫ কোটি টকা উপাৰ্জন কৰিছে । এতিয়া দ্বিতীয় দেওবাৰ অৰ্থাৎ ‘ছেম বাহাদুৰ’ মুক্তিৰ দশম দিনটোৰ উপাৰ্জনৰ সংখ্যা পোহৰলৈ আহিছে ।

  • Sacknilk ৰ প্ৰতিবেদন অনুসৰি ‘ছেম বাহাদুৰ’ মুক্তিৰ দশম দিনত অৰ্থাৎ দ্বিতীয় দেওবাৰে ৭.৫ কোটি টকাৰ ব্যৱসায় কৰিছে ।
  • ইয়াৰ লগে লগে মুক্তিৰ ১০ দিনত ‘ছেম বাহাদুৰ’এ ৫৬.৫৫ কোটি টকাৰ ব্যৱসায় কৰিছে ।

১০ দিনত ৫০ কোটি টকাৰ সীমা অতিক্ৰম কৰিলে ছেম বাহাদুৰে

‘ছেম বাহাদুৰ’ মুক্তিৰ প্ৰথম দিনাৰ পৰাই এনিমেলৰ ধুমুহাৰ সন্মুখীন হৈছে । ছবিখনৰ উপাৰ্জনৰ গতি নিঃসন্দেহে লেহেমীয়া আছিল যদিও বিকি কৌশলৰ ছবিখনে মুক্তিৰ ১০ দিনত ৫০ কোটিৰো অধিক ধন উপাৰ্জন কৰিবলৈ সক্ষম হৈছে । এতিয়া এই ছবিখনে ১০০ কোটিৰ টকা উপাৰ্জনৰ দিশে আগবাঢ়িছে ৷ এতিয়া লক্ষ্যণীয় হ’ব ছেম বাহাদুৰে এই মাইলৰ খুঁটি অতিক্ৰম কৰিবলৈ সক্ষম হ’ব নে নাই ।

লগতে পঢ়ক: মুক্তিৰ দশম দিনতো অব্যাহত এনিমেলৰ উপাৰ্জন, ছবিখনৰ এই পৰ্যন্ত মুঠ উপাৰ্জন জানি লওক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.