ETV Bharat / entertainment

বক্স অফিচত অব্যাহত ছালাৰৰ উপাৰ্জন, এই পৰ্যন্ত ছবিখনে কিমান উপাৰ্জন কৰিলে জানো আহক

author img

By ETV Bharat Assamese Team

Published : Dec 29, 2023, 8:50 AM IST

Salaar Box Office Collection Day 6: প্ৰভাসৰ ‘ছালাৰ’ ছবিখনে মুক্তিৰ পিচতে বক্স অফিচত আলোড়নৰ সৃষ্টি কৰিছে । এই ছবিখনে এতিয়ালৈকে ঘৰুৱা বক্স অফিচত কিমান কোটি টকা উপাৰ্জন কৰিছে জানো আহক এই প্ৰতিবেদনত ।

Salaar BO day 6: Prabhas' actioner enters Rs 500 crore club overseas; inches closer to Rs 300 crore in domestic collections
ছালাৰ বক্স অফিচ সংগ্ৰহ

চিটাৰা ডেস্ক, ২৮ ডিচেম্বৰ: প্ৰভাস অভিনীত ছবি ‘ছালাৰ: পাৰ্ট ১ - ছিজফাইয়াৰ’ ২২ ডিচেম্বৰত ছবিগৃহত মুক্তি লাভ কৰিছে ৷ ছবিখন মুক্তিৰ পিচতে বক্স অফিচত ভংগ কৰিছে বহু অভিলেখ । মুক্তিৰ প্ৰথম দিনাৰ পৰাই এই ছবিখনে দৰ্শকৰ পৰা যথেষ্ট সঁহাৰি লাভ কৰিছে আৰু ইয়াৰ সমান্তৰালকৈ ‘ছালাৰ’এ বক্স অফিচতো ব্যাপক ধন উপাৰ্জন কৰিবলৈও সক্ষম হৈছে । আনকি সপ্তাহৰ বাকী দিনকেইটাতো এই ছবিখনে ভাল প্ৰদৰ্শন কৰিছে । গতিকে জানো আহক ‘ছালাৰ’ মুক্তিৰ ষষ্ঠ দিনটোত ছবিখনে কিমান কোটি টকা উপাৰ্জন কৰিছে ?

ষষ্ঠ দিনটোত ‘ছালাৰ’এ কিমান কোটি টকা উপাৰ্জন কৰিলে ?

‘ছালাৰ’ প্ৰভাসৰ কামবেক ছবি হিচাপে পৰিগণিত হৈছে । ইয়াৰ পূৰ্বে অভিনেতাগৰাকীৰ বহু ছবি বেক টু বেক ফ্লপ হৈছিল যদিও ‘ছালাৰ’ৰ মুকলিৰ লগে লগে উপাৰ্জনৰ অভিলেখ গঢ়িবলৈ সক্ষম হয় আৰু ছবিখনৰ উপাৰ্জনৰ ধাৰা এতিয়াও অব্যাহত আছে । এই ক্ৰাইম থ্ৰিলাৰ ছবিখনে দৰ্শকৰ হৃদয় জয় কৰিছে আৰু ইয়াৰ লগে লগে ‘ছালাৰ’এ কেৱল উইকেণ্ডতে নহয় সপ্তাহৰ বাকী দিনকেইটাতো ভাল ব্যৱসায় কৰি আছে । ছবিখনৰ উপাৰ্জনৰ কথা ক’বলৈ গ’লে মুক্তিৰ প্ৰথম দিনাই ৯০.৭ কোটি, দ্বিতীয় দিনা ৫৬.৩৫ কোটি, তৃতীয় দিনা ৬২.০৫ কোটি, চতুৰ্থ দিনত ৪৬.৩ কোটি আৰু পঞ্চম দিনা ২৪.৯ কোটি টকা সংগ্ৰহ কৰিছে । এতিয়া ছবিখনৰ ষষ্ঠ দিন অৰ্থাৎ বুধবাৰৰ ছবিখনৰ উপাৰ্জনৰ সংখ্যা পোহৰলৈ আহিছে ।

  • Sacknilk ৰ ৰিপ’ৰ্ট অনুসৰি ‘ছালাৰ’ মুক্তিৰ ষষ্ঠ দিন অৰ্থাৎ বুধবাৰে ১৭ কোটি টকা সংগ্ৰহ কৰিছে ।
  • ইয়াৰ লগে লগে ‘ছালাৰ’ৰ ৬ দিনৰ মুঠ উপাৰ্জন হৈছেগৈ ২৯৭.৪০ কোটি টকা ।

বিশ্বজুৰি ‘ছালাৰ’এ কিমান কোটি টকা উপাৰ্জন কৰিছিল ?

‘ছালাৰ’ৰ জনপ্ৰিয়তা কেৱল দেশতে নহয় বিদেশতো দেখা গৈছে, এই ছবিখনে বিশ্বজুৰি বক্স অফিচত আলোড়নৰ সৃষ্টি কৰিছে । বিশ্বজুৰি ছবিখনৰ উপাৰ্জনৰ কথা ক’বলৈ গ’লে, মুক্তিৰ পাঁচ দিনত বিশ্বজুৰি ৫০০ কোটি টকাৰ সীমা অতিক্ৰম কৰিছে ছবিখনে ।

'ছালাৰ'ৰ ষ্টাৰকাষ্ট

'ছালাৰ' পৰিচালনা কৰিছে কে জি এফ খ্যাত প্ৰশান্ত নীলে । প্ৰভাসৰ উপৰিও পৃথ্বীৰাজ সুকুমাৰন, শ্ৰুতি হাছান, আনন্দ, শ্ৰিয়া ৰেড্ডী, ইশ্বৰী ৰাও আৰু জগপতি বাবু ৰেড্ডীয়ে অভিনয় কৰিছে ছবিখনত ৷

লগতে পঢ়ক: দৈনিক ছালাৰে গঢ়িছে নতুন নতুন অভিলেখ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.