ETV Bharat / entertainment

Rupali Barua Reacts On Trolling: বিবাহৰ পিচত প্ৰথমবাৰৰ বাবে নেতিবাচক মন্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ আশীষ ৰূপালীৰ - অসমৰ ৰূপালী বৰুৱা

৫৭ বছৰ বয়সত দ্বিতীয়বাৰৰ বাবে অসমৰ ৰূপালী বৰুৱাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে জনপ্ৰিয় অভিনেতা আশীষ বিদ্যাৰ্থী । ইয়াৰ পিচতে তেওঁক ট্ৰ’ল কৰা হৈছিল । এতিয়া এই দম্পতীয়ে সমালোচনাৰ ক্ষেত্ৰত নিজৰ মৌনতা ভংগ কৰিছে ।

Rupali Barua and Ashish Vidyarthi Reacts On Trolling after wedding
নেতিবাচক মন্তব্যক লৈ ৰূপালী বৰুৱাৰ প্ৰত্যুত্তৰ
author img

By ETV Bharat Assamese Team

Published : Sep 15, 2023, 2:06 PM IST

চিটাৰা ডেস্ক, 15 ছেপ্টেম্বৰ: অসমৰ ৰূপালী বৰুৱাৰ সৈতে দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হৈ চৰ্চালৈ আহিছিল বলীউডৰ অভিনেতা আশীষ বিদ্যাৰ্থী ৷ ৫৭ বছৰ বয়সত দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হয় আশীষ বিদ্যাৰ্থী । চলিত বৰ্ষৰ মে’ মাহত দুয়োৰে বিয়া হৈছিল । বিয়াত কেৱল বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ লোকহে উপস্থিত আছিল । ইয়াৰ পিচতে দুয়োৰে বিবাহৰ ফটো ভাইৰেল হৈ পৰিছিল ছ’চিয়েল মিডিয়াত ৷

ছ’চিয়েল মিডিয়াত বিবাহৰ ফটো ভাইৰেল হোৱাৰ লগে লগে এই দম্পতীক সমালোচনা কৰিবলৈ আৰম্ভ কৰে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে ৷ আনকি বিবাহৰ ইমান মাহ পাচতো যেতিয়াই আশীষ বিদ্যাৰ্থীয়ে ফটো শ্বেয়াৰ কৰে তেতিয়াই নেটিজেনে তেওঁক মস্কৰা কৰে । এতিয়া আশীষ আৰু ৰূপালীয়ে এই সমালোচনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

বিবাহৰ কেইবামাহৰ পাচত ছ’চিয়েল মিডিয়াত ট্ৰলিং আৰু নেতিবাচক মন্তব্যৰ ক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আশীষ আৰু ৰূপালীয়ে । শেহতীয়াকৈ সংবাদ মাধ্যমত দিয়া এক সাক্ষাৎকাৰত দুয়োগৰাকীয়ে ট্ৰলিঙৰ কথা মুকলিকৈ কয় । ৰূপালীক সোধা হৈছিল যে, নেতিবাচক মন্তব্য পঢ়িলে কেনে লাগে । এই প্ৰশ্নৰ উত্তৰত ৰূপালীয়ে কয়, ‘‘মই সেই মানুহবোৰক চিনি নাপাওঁ বাবেই গুৰুত্ব নিদিওঁ । তেওঁলোকে এনেকুৱা কিবা দেখিছে যিবোৰ স্বাভাৱিক মানুহৰ বাবে অস্বাভাৱিক, কাৰণ তেওঁলোকে সেই বিষয়ে নাজানে ।’’

ৰূপালীয়ে লগতে কয়, ‘‘মই বাহিৰত ওলাই গৈ ৰাইজক কোনো ধৰণৰ স্পষ্টতা নিদিওঁ । এইটোৱে মোৰ ওপৰত কোনো প্ৰভাৱ পেলোৱা নাই কাৰণ মই কমেন্ট নপঢ়ো । মোৰ ঘনিষ্ঠ মানুহে মোক সমৰ্থন কৰিছে । মোক কাৰো বৈধকৰণৰ প্ৰয়োজন নাই ।’’ ইফালে আশীষে ট্ৰলিং সম্পৰ্কে কৈছিল, ‘‘প্ৰেম আৰু মৰম দুটা কথা ৷ একো প্ৰমাণ কৰাৰ প্ৰয়োজন নাই । আমাৰ দুয়োৰে কোনোৱেই একো প্ৰমাণ কৰিবলৈ নাযাওঁ । বিচলিত বা খং নকৰিব, বৰঞ্চ এনেকুৱা কাম কৰক যিয়ে আপোনাক সুখী কৰে ।’’

উল্লেখ্য যে, আশীষ বিদ্যাৰ্থীয়ে ১১টা ভাষাৰ ৩০০ৰো অধিক ছবিত কাম কৰিছে । তেওঁ হিন্দী, তামিল, তেলুগু, কানাড়া, মালয়ালম, মাৰাঠী আৰু বাংলা চিনেমাত কাম কৰিছে। ১৯৮৬ চনত তেওঁ নিজৰ কেৰিয়াৰ আৰম্ভ কৰে । ইফালে ৰূপালীৰ জন্মস্থান অসমৰ গুৱাহাটীত যদিও ৰূপালী কলকাতাৰ এখন উন্নতমানৰ ফেশ্বন ষ্ট’ৰৰ সৈতে জড়িত ।

লগতে পঢ়ক: Ashish Vidyarthi wedding: অগ্নিক সাক্ষী কৰি চিৰদিনৰ বাবে অসমৰ ৰূপালীক নিজৰ কৰি ল’লে অভিনেতা আশীষ বিদ্যাৰ্থীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.