ETV Bharat / entertainment

Richa Chadha Ali Fazal wedding: আলীৰ সৈতে বিয়াৰ বাতৰিত মোহৰ লগালে ৰিছাই

দুবাৰকৈ পিছুওৱা বিয়াখন অৱশেষত ঠিক হ’লগৈ ৷ বিয়াৰ তাৰিখ থিৰাং কৰিলে ৰিছা চড্ডা আৰু আলী ফজলে ৷ প্ৰেমিক আলী ফজলৰ সৈতে জীৱনৰ নতুন অধ্যায় আৰম্ভ কৰিবলৈ ৰিচাই যথেষ্ট উৎসাহী হৈ আছে (Richa Chadha Ali Fazal wedding) । বৃহস্পতিবাৰে নিশা ৰিছাই ছ’চিয়েল মিডিয়াত আলীৰ সৈতে অক্টোবৰ মাহত হ’বলগীয়া তেওঁলোকৰ বিয়াখনক লৈ এটা পোষ্ট দিয়ে ৷

author img

By

Published : Sep 16, 2022, 5:31 PM IST

Richa Chadha
আলীৰ সৈতে বিয়াৰ বাতৰিত মোহৰ লগালে ৰিছাই

চিটাৰা ডেস্ক, 16 ছেপ্টেম্বৰ : অৱশেষত বলীউডৰ প্ৰেমিকযুগল ৰিছা চড্ডা আৰু আলী ফজল বিয়াত বহিবলৈ আগবাঢ়িছে ৷ অক্টোবৰ মাহত দুয়ো বিবাহপাশত আবদ্ধ হ’ব (Richa Chadha Ali Fazal wedding) ৷ এই কথা বৃহস্পতিবাৰে নিশ্চিত কৰিছে ৰিছাই । প্ৰথমে 2020 চনৰ এপ্ৰিল মাহত এওঁলোক বিবাহপাশত আবদ্ধ হোৱাৰ কথা আছিল যদিও ক’ভিড মহামাৰীৰ নিয়মাৱলী আৰু লকডাউনৰ বাবে বিয়াখন দুবাৰকৈ পিছুওৱা হৈছিল ।

টুইটাৰত এটা সুন্দৰ পোষ্ট দি ৰিছাই আলী ফজলৰ সৈতে বিবাহৰ খবৰ নিশ্চিত কৰিলে । তেওঁ শ্বেয়াৰ কৰা ফটোখনত লিখা আছে: "নিউ লাইফ, লোডিং" আৰু তেওঁ টুইট কৰি লিখিছে: "অক্টোবৰৰ বাবে অপেক্ষা কৰিব নোৱাৰো"।

ৰিছাই পোষ্টটো শ্বেয়াৰ কৰাৰ লগে লগে অনুৰাগীসকলে দুয়োকে অভিনন্দন জনায় । ছ’চিয়েল মিডিয়াৰ এজন ব্যৱহাৰকাৰীয়ে মন্তব্য কৰে যে, "আপোনালোক দুয়োকে বহুত মৰম, মোৰ প্ৰিয় তাৰকা! আপোনালোকক হাঁহি, আনন্দ, সুখেৰে পৰিপূৰ্ণ জীৱনৰ শুভেচ্ছা জনাইছো, আভ্যন্তৰীণ শান্তি আৰু পৰিপূৰ্ণতাৰ অনুভূতিৰে ভৰি পৰক আপোনালোকৰ সংসাৰ" ৷ "মোবাৰক হো...আপোনালোকক দৰা-কইনা হিচাপে চাবলৈ অপেক্ষা কৰি আছো", আন এজনে লিখিছে ৷

দিল্লী আৰু মুম্বাইত বিবাহৰ অনুষ্ঠান অনুষ্ঠিত কৰাৰ সম্ভাৱনা আছে ৷ অক্টোবৰৰ মাজভাগত বিয়াৰ পিছত দিল্লী জিমখানা ক্লাবত এক বিশেষ পাৰ্টীৰ পৰিকল্পনা কৰা হৈছে ।

2012 চনত প্ৰথমবাৰৰ বাবে ফুকৰেৰ ছেটত দুয়োৱে লগ পাইছিল (Richa Chadha Ali Fazal lovestory) । অতি সোনকালেই দুয়োজনে পুনৰ এবাৰ স্ক্ৰীণ শ্বেয়াৰ কৰা দেখা যাব ফুকৰে ফ্ৰেঞ্চাইজিৰ তৃতীয় চিজনত (Richa Chadha Ali Fazal movies)।

লগতে পঢ়ক : চাওক শেহতীয়া ফটোশ্বুটত ৰিছা চড্ডাৰ আবেদনময়ী ৰূপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.