ETV Bharat / entertainment

Richa Chadda and ali fazal wedding:বিয়াৰ তাৰিখ নিৰ্ধাৰণ কৰিলে আলী ফজল-ৰিছা চড্ডাই

আলী ফজল আৰু ৰিছা চড্ডাৰ বিবাহৰ তাৰিখ নিৰ্ধাৰণ কৰা হৈছে (Richa Chadda and ali fazal marriage) ৷ মুম্বাইত চেলেব্ৰিটীসকলৰ বাবে আয়োজন কৰা হ’ব গ্ৰেণ্ড ৰিচেপচন ।

author img

By

Published : Sep 12, 2022, 8:48 PM IST

RICHA CHADDA
বিয়াৰ তাৰিখ নিৰ্ধাৰণ কৰিলে আলী ফজল-ৰিছা চড্ডাই

চিটাৰা ডেস্ক, 12 ছেপ্টেম্বৰ : আকৌ এবাৰ বিয়াৰ শ্বেহনাই বাজিব বলীউডত । বলীউডৰ আকৰ্ষণীয় দম্পতী আলী ফজল আৰু ৰিছা চড্ডাৰ বিবাহৰ তাৰিখ নিৰ্ধাৰণ কৰা হৈছে । দম্পতীহালৰ সপোন অৱশেষত বাস্তৱায়িত হ’বলৈ গৈ আছে ।

দুবাৰকৈ স্থগিত হৈছিল আলী ফজল আৰু ৰিছা চড্ডাৰ বিয়া । এতিয়া আলী-ৰিছাৰ বিবাহৰ তাৰিখ নিৰ্ধাৰণ হোৱা খবৰটোৱে অনুৰাগীসকলকো আনন্দিত কৰি তুলিছে । মেহেন্দী-হালধিৰ পৰা বিয়াৰ অভ্যৰ্থনালৈকে সকলোবোৰ লৈ বিয়াখন সন্দৰ্ভত সবিশেষ চৰ্চা হৈছে । চিৰদিনৰ বাবে এডাল মালাত বান্ধ খাব আলী আৰু ৰিছা ।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি অহা মাহৰ 2 অক্টোবৰৰ পৰা আৰম্ভ হ’ব আলী-ৰিছাৰ বিবাহৰ পূৰ্বৰ অনুষ্ঠানসমূহ । খবৰ অনুসৰি, বলীউড সাক্ষী হ’বলৈ গৈ আছে এখন ৰাজকীয় বিয়াৰ । বিয়াৰ পিছতে বলীউডৰ চেলেব্ৰিটীসকলৰ বাবেও ৰয়েল ৰিচেপচনৰ আয়োজন কৰা হ’ব ।

আলী-ৰিছাৰ বিয়াৰ তাৰিখ

6 অক্টোবৰত বিবাহ পাশত আৱদ্ধ হ’ব আলী ৰিছা । এই বিয়াখন দিল্লীত অনুষ্ঠিত হ’ব, য’ত কেৱল ঘনিষ্ঠ আত্মীয়-স্বজন আৰু বিশেষ বন্ধু-বান্ধৱীহে উপস্থিত থাকিব ।

ইয়াত ৰাজধানীত বিবাহপাশত আবদ্ধ হোৱাৰ পিছত আলী আৰু ৰিছাইই মুম্বাইত তাৰকাসকলৰ বাবে ষ্টাৰ পাৰ্টী অনুষ্ঠিত কৰিব, য’ত বলীউডৰ প্ৰায় সৰহ সংখ্যক তাৰকাই উপস্থিত থাকিব ।

2012 চনত আলী আৰু ৰিছা ইজনে সিজনৰ ওচৰ চাপিছিল । ‘ফুক্ৰে’ ছবিখনৰ ছেটত দুয়োৰে চিনাকি হৈছিল । দুয়োজনে ইতিমধ্যে ৰাজহুৱাকৈ নিজৰ প্ৰেমৰ কথা প্ৰকাশ কৰিছে ।

খবৰ অনুসৰি ৰিছাই পূর্বে আলীক প্ৰেম প্রস্তাৱ দিছিল (Richa Chadda and ali fazal lovestory) ৷ আনহাতে আলীয়ে ৰিছাক উত্তৰ দিবলৈ তিনিমাহ সময় লগাইছিল । ইয়াৰ পিছত দুয়োৱে সম্পৰ্ক প্ৰায় 5 বছৰ গোপন কৰি ৰাখিছিল ।

লগতে পঢ়ক: Prachi Desai Birthday : প্ৰাচী দেশাইৰ মোহনীয় চেহেৰা দেখি চৰিত্ৰৰ বাবদ পৰিচালকে আগবঢ়াইছিল অশ্লীল প্ৰস্তাৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.