ETV Bharat / entertainment

Rekha Secretary Relationship: ৰেখাৰ ‘লিভ-ইন ৰিলেচনশ্বিপ’ৰ উক্তিক লৈ মৌনতা ভংগ লেখক ইয়াছিৰ উছমানৰ

author img

By

Published : Jul 23, 2023, 12:19 PM IST

হিন্দী ছবিৰ প্ৰবীণ অভিনেত্ৰী ৰেখা নিজৰ কৰ্মতকৈ বহুগুণে বেছিকৈ ব্যক্তিগত জীৱনৰ বাবে চৰ্চাত থাকে । শেহতীয়াকৈ ৰেখাৰ জীৱনীত চেক্ৰেটাৰীৰ সৈতে লিভ ইন ৰিলেচনত থকা বুলি দাবী কৰা খবৰ প্ৰকাশ পাইছিল ৷ এতিয়া এই খবৰৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ইয়াছিৰ উছমানে ।

Rekha's biographer Yasser Usman refutes claims of live-in relationship in book, threatens legal action
ইয়াছিৰ উছমানে খাৰিজ কৰিছে সকলো দাবী ৰেখা-ফাৰ্জানাৰ সম্পৰ্কৰ খবৰ

চিটাৰা ডেস্ক, 23 জুলাই: ভাৰতীয় ছবি জগতত নিজৰ চিৰসেউজ সৌন্দৰ্যৰ বাবে জনপ্ৰিয় ৰেখা প্ৰায়ে নিজৰ ব্যক্তিগত জীৱনৰ বাবে চৰ্চাত থাকে ৷ চিৰসেউজ অভিনেত্ৰীগৰাকীৰ নাম বহু অভিনেতাৰ সৈতেও জড়িত হৈছিল, যাৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছিল অভিনেত্ৰীগৰাকীয়ে ৷ অমিতাভ বচ্চনৰ সৈতে তেওঁৰ সম্পৰ্ক আজিও চৰ্চাৰ বিষয় হয় ছ’চিয়েল মিডিয়াত ৷ অৱশ্যে এয়া পুৰণি কথা ৷ কিন্তু শেহতীয়াকৈ পুনৰ এবাৰ নিজৰ সম্পৰ্কৰ বাবে লাইমলাইটলৈ আহিছে ৰেখা ।

শেহতীয়াকৈ ৰেখাৰ জীৱনী ‘‘ৰেখা: দ্য আনটল্ড ষ্ট’ৰী’’ত ৰেখাৰ সৈতে জড়িত এটা ডাঙৰ কথা প্ৰকাশ পাইছিল ৷ কিতাপখনত তেওঁৰ সম্পাদিকা ফাৰ্জানাৰ সৈতে ৰেখা সম্পৰ্কত আছে বুলি দাবী উত্থাপন কৰা হৈছিল ।

কিন্তু প্ৰশ্ন হয় সঁচাকৈ চেক্ৰেটাৰীৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছে নেকি ৰেখা ?

একাধিক বাতৰিত দাবী কৰা হৈছিল যে ফাৰ্জানা ৰেখাৰ পাৰফেক্ট সংগী । ফাৰ্জানা ৰেখাৰ উপদেষ্টা, বন্ধু আৰু সমৰ্থক। ৰেখাই ফাৰ্জানাৰ অবিহনে জীয়াই থাকিব নোৱাৰে । ৰেখাৰ সম্পাদিকা ফাৰ্জানাক হে মাত্ৰ ৰেখাৰ শোৱা কোঠাত প্ৰৱেশৰ অনুমতি আছে। আনকি ঘৰৰ আন কোনো কৰ্মচাৰীকো তেওঁৰ কোঠালৈ যাবলৈ দিয়া নহয় । সংবাদ মাধ্যমত দাবী কৰা হৈছিল যে ৰেখা ফাৰ্জানাৰ সৈতে সম্পৰ্কত আছে ৷ কিন্তু শেহতীয়াকৈ ৰেখাৰ জীৱনী লিখা লেখক ইয়াছিৰ উছমানে এই সন্দৰ্ভত প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ৷

  • It's despicable how clickbait journalism has an aversion towards verifying facts. And most often they target women.
    A statement. pic.twitter.com/sYBCZxLsp9

    — 𝒀𝒂𝒔𝒔𝒆𝒓 𝑼𝒔𝒎𝒂𝒏 (@yasser_aks) July 22, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ইয়াছিৰ উছমানে খাৰিজ কৰিছে সংবাদ মাধ্যমৰ সকলো দাবী

ৰেখা ফাৰ্জানাৰ সৈতে লিভ-ইন ৰিলেশ্বনত আছে বুলি একাধিক সংবাদ মাধম্যত দাবী কৰা হৈছিল ৷ এতিয়া ৰেখাৰ জীৱনী লিখা ইয়াছিৰ উছমানে এই দাবীবোৰ সম্পূৰ্ণৰূপে নাকচ কৰিছে। ইয়াছিৰে কয়-

"মোৰ 'ৰেখা দ্য আনটল্ড ষ্ট'ৰী' নামৰ কিতাপখনত 'লিভ-ইন ৰিলেচনশ্বিপ' বুলি অভিযোগ কৰা উক্তিবোৰ সম্পূৰ্ণ মনে সজা । মিছা আৰু ভুল বৰ্ণনাৰ উদ্দেশ্য স্পষ্টভাৱে চেনচেচন সৃষ্টি কৰা। এই উক্তিবোৰ মোৰ কিতাপৰ পৰা লোৱা হোৱা নাই। গোটেই কিতাপখনৰ কতো উল্লেখ নাই 'লিভ-ইন ৰিলেচনশ্বিপ' বা 'হাৰ্মেটিক অস্তিত্ব' বা 'ফিজিকেল ৰিলেচন'ৰ কথা।"

এই উৰাবাতৰি প্ৰচাৰ কৰা সকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰো হুংকাৰ দিছে ইয়াছিৰ উছমানে।

কোন আছিল ৰেখাৰ স্বামী ?

১৯৯০ চনত ৰেখাই দিল্লীৰ ব্যৱসায়ী মুকেশ আগৰৱালাৰ সৈতে বিবাহপাশত আবদ্ধ হয় । কিন্তু তেওঁলোকৰ বিবাহৰ ৭ মাহ পিচতে ৰেখাৰ জীৱনলৈ নামি আহে কাল অমানিশা ৷ কিয়নো ৰেখা লণ্ডনত থকাৰ সময়তে মুকেশে আত্মহত্যা কৰিছিল ।

লগতে পঢ়ক: Akshay Kumar: ৰাজীৱ ভাটিয়া কেনেকৈ হ’ল অক্ষয় কুমাৰ ? জানক অক্ষয় কুমাৰৰ সৈতে জড়িত কিছু আমোদজনক কাহিনী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.