চিটাৰা ডেস্ক, ১ ডিচেম্বৰ : অৱশেষত আজি চিনেমাগৃহত মুক্তি পালে ৰণবীৰ কাপুৰ অভিনীত ছবি ‘এনিমেল’ । ছবিখনৰ প্ৰথম দিনাৰ প্ৰথম শ্ব’ চোৱা দৰ্শকে ইয়াৰ ইতিবাচক সমালোচনা শ্বেয়াৰ কৰিছে । বিশেষকৈ দিল্লী-এনচিআৰ আৰু মুম্বাইৰ বেছিভাগ থিয়েটাৰতে প্ৰতিটো দৰ্শনী হাউচফুল হৈছে । মনকৰিবলগীয়া কথাটো হ’ল ‘এনিমেল’এ ইতিমধ্যে অগ্ৰিম বুকিঙৰ জৰিয়তে ২০ কোটিৰো অধিক টকা উপাৰ্জন কৰিছে । ছবিখনে লাভ কৰা ইতিবাচক সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখি মুক্তিৰ প্ৰথম দিনাই বক্স অফিচত বাম্পাৰ ওপেনিং হোৱাৰ সম্ভাৱনা আছে ।
মুক্তিৰ প্ৰথম দিনাই কিমান সংগ্ৰহ কৰিলে ছবিখনে ?
সন্দীপ ৰেড্ডী ভাংগাৰ পৰিচালনাত নিৰ্মিত ছবি এনিমেল মুক্তিৰ প্ৰথম দিনাই ছবিগৃহত ঢৌ তুলিছে । ছবিখনত ৰণবীৰ কাপুৰৰ জোৰদাৰ অভিনয়ত আপ্লুত হৈছে দৰ্শক । ছবিখনক লৈ প্ৰাৰম্ভিক সঁহাৰি যথেষ্ট ইতিবাচক । নেটিজেনে ছবিখনৰ বাবে ৰণবীৰৰ আটাইতকৈ বেছি প্ৰশংসা কৰিছে আৰু ছবিখনক "মেগা ব্লকবাষ্টাৰ" বুলি ঘোষণা কৰিছে । ইয়াৰ লগতে ছবিখনৰ প্ৰথম দিনাৰ উপাৰ্জনৰ প্ৰাৰম্ভিক তথ্যও পোহৰলৈ আহিছে ।
- Sacknilk ৰ আৰম্ভণিৰ ট্ৰেণ্ড ৰিপৰ্ট অনুসৰি ৰণবীৰ কাপুৰ অভিনীত ছবি ‘এনিমেল’ মুক্তিৰ প্ৰথম দিনাই সমগ্ৰ দেশতে প্ৰায় ৬০ কোটি টকা উপাৰ্জন কৰিব ।
- প্ৰতিবেদন অনুসৰি বিশ্বজুৰি এনিমেলে ১০০ কোটিতকৈও অধিক ধন উপাৰ্জন কৰিব বুলি আশা কৰা হৈছে ।
- যদিও এইবোৰ Sacknilk ৰ আৰম্ভণিৰ ট্ৰেণ্ড ৰিপৰ্ট হে, গতিকে অফিচিয়েল ৰিপৰ্ট অহাৰ পিচত সামান্য পৰিৱৰ্তন হ’ব পাৰে ।
এনিমেলে লাভ কৰিছে 'এ' চাৰ্টিফিকেট
'এনিমেল'ৰ সহ-লেখক, সম্পাদনা আৰু পৰিচালক কবীৰ সিং খ্যাতি সন্দীপ ৰেড্ডী ভাংগা। ৰণবীৰ কাপুৰৰ উপৰিও ৰশ্মিকা মন্দন্না, অনিল কাপুৰ, ববি দেওল আৰু ত্ৰুপ্তি ডিমৰিয়ে ছবিখনত গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে । চেণ্ট্ৰেল ব’ৰ্ড অৱ ফিল্ম চাৰ্টিফিকেশ্যনে (চিবিএফচি) এনিমেলক ‘এ’ প্ৰমাণপত্ৰ প্ৰদান কৰিছে আৰু ইয়াৰ সময় ৩ ঘণ্টা ৩৫ মিনিট । ছবিখনৰ উচ্চ ৰেটিং আৰু ইয়াৰ দীঘলীয়া ৰানটাইমৰ বাবে ৰাইজৰ মাজত ছবিখন চাবলৈ যথেষ্ট উৎসাহৰ সৃষ্টি হৈছে ।
লগতে পঢ়ক: এনিমেলৰ বিশেষ দৰ্শনী, ৰণবীৰক সমৰ্থন কৰিবলৈ উপস্থিত আলিয়া ভাট-নীতু কাপুৰ