ETV Bharat / entertainment

Sakshi Chopra: নেটফ্লিক্সৰ ৰিয়েলিটি শ্ব’ৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ ৰামানন্দ সাগৰৰ নাতিনীয়েকৰ

author img

By

Published : Jun 24, 2023, 2:24 PM IST

নেটফ্লিক্সৰ ৰিয়েলিটি শ্ব’ ‘ছ’চিয়েল কাৰেন্সী’ৰ নিৰ্মাতাসকলৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰামানন্দ সাগৰৰ নাতিনী সাক্ষী চোপ্ৰাই । ছ’চিয়েল মিডিয়াৰ পোষ্টত কি ক’লে সাক্ষীয়ে জানিবলৈ পঢ়ক এই প্ৰতিবেদনত ৷

Ramanand Sagar grand daughter Sakshi chopra accuses netflix show social currency makers of sexual harassment
ৰামানন্দ সাগৰৰ নাতিনীয়েক সাক্ষী চোপ্ৰা

চিটাৰা ডেস্ক, 24 জুন: টিভিৰ জনপ্ৰিয় ধৰ্মীয় ধাৰাবাহিক ‘ৰামায়ণ’ নিৰ্মাণ কৰা ৰামানন্দ সাগৰৰ নাতিনীয়েক সাক্ষী চোপ্ৰাক লৈ এটা ডাঙৰ খবৰ আহিছে । খবৰ অনুসৰি সাক্ষী চোপ্ৰাই অ’টিটি প্লেটফৰ্ম নেটফ্লিক্সত প্ৰচাৰ হ’বলগীয়া এটা শ্ব’ৰ নিৰ্মাতাসকলৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছে । উল্লেখনীয় যে সাক্ষীয়ে এই শ্ব’টোত কাম কৰিছিল । ইয়াৰ উপৰিও সাক্ষীয়ে শ্ব’টোৰ নিৰ্মাতাসকলৰ বিৰুদ্ধে প্ৰতাৰণা আৰু মিছা আশ্বাস দিয়াৰ অভিযোগো উত্থাপন কৰিছে ।

উল্লেখ্য যে ৰামানন্দ সাগৰৰ নাতিনীয়েক সাক্ষী চোপ্ৰাই ইনষ্টাগ্ৰাম একাউন্টৰ এটা পোষ্টত শ্বেয়াৰ কৰিছে এই তথ্য ৷ পোষ্টত সাক্ষীয়ে জনাইছে যে ৱেব শ্ব’টোৰ নিৰ্মাতাসকলে তেওঁক যৌন সম্পৰ্ক স্থাপন কৰিবলৈ বাধ্য কৰাইছিল । গোৱাৰ ক্লাবত অচিনাকি মানুহক তেওঁৰ সৈতে নাচিবলৈ দিয়া হৈছিল, অনুপযুক্ত মন্তব্য কৰা আৰু আনকি ৰাজপথত অদ্ভুত শব্দ কৰি পিঠিত খোঁচ দিয়া বুলিও অভিযোগ উত্থাপন কৰে ।

যৌন নিৰ্যাতনৰ বলি হ’ল সাক্ষী চোপ্ৰা

সাক্ষী চোপ্ৰাই নিজৰ ইনষ্টাগ্ৰাম পোষ্টত লিখিছে – নেটফ্লিক্সৰ ছ’ল প্ৰডাকচনত মোক যৌন নিৰ্যাতন কৰা হৈছিল । মোৰ বল্ড কাপোৰ আৰু ফেশ্বন দেখি তেওঁলোকে ধৰি লৈছিল যে মই যিকোনো কাম কৰাত মোৰ কোনো সমস্যা নহ’ব। মই মোৰ সংগীত, পৰিয়াল আৰু শান্তি উপভোগ কৰো । মোৰ জীৱনত মই মাত্ৰ সেইটোৱেই বিচাৰো । মই খুব স্পষ্টকৈয়ে কৈছিলোঁ যে কোনোবাদিনা যদি কামৰ অফাৰ লাভ কৰো তেন্তে মাতৃৰ অবিহনে মই চহী কৰিব নোৱাৰো ।

সাক্ষী চোপ্ৰাই লিখিছে – মৃদুলে মোৰ স্তন আৰু মোৰ ফিগাৰৰ কথা মুকলিকৈ কৈছিল, যাতে তেওঁ ৰেকৰ্ডিং কৰি সকলোকে শুনাব পাৰে । এবছৰ ধৰি তেওঁলোকে মোক ক’লে যে ই কেৱল এটা গেম শ্ব’হে। নেটফ্লিক্সৰ এই ছ’ল প্ৰডাকচনে মোৰ লগত আৰু বহু মানুহক একেটা ঘৰতে আবদ্ধ কৰি ৰাখিবলৈ অনুমতি দিছিল । কিমান শ্বাসৰুদ্ধ হৈ পৰিছিল মই বৰ্ণনাও কৰিব নোৱাৰো ।

সাক্ষীৰ পৰা ফোন কাঢ়ি লৈ ​​গৈছিল শ্ব’টোৰ নিৰ্মাতাসকলে

উল্লেখ্য যে সাক্ষী চোপ্ৰাই দাবী কৰিছে যে শ্ব’টোৰ মেকাৰে তেওঁক মাতৃৰ সৈতেও কথা পাতিবলৈ দিয়া নাছিল । তদুপৰি যেতিয়া সাক্ষীয়ে যৌন নিৰ্যাতনৰ বিষয়ে মুকলিকৈ ক’ব খুজিছিল তেতিয়া তেওঁৰ ফোনটো প্ৰডাকচন টিমে জব্দ কৰি লৈছিল আৰু কাৰো সৈতে কথা পাতিব দিয়া নাছিল ৷

এই গেম শ্ব’টো নেটফ্লিক্সত ষ্ট্ৰীমিং হৈছে

সাক্ষীয়ে লগতে লিখিছে- মোৰ মাতৃয়ে নাজানিছিল যে শ্ব’টোত কি চলি আছে কাৰণ তেওঁলোকে প্ৰতিটো ফোন আৰু মেছেজ নিৰীক্ষণ কৰি আছিল ৷ মই যেতিয়া তেওঁলোকক এইবোৰ কাম আৰু যৌন নিৰ্যাতনৰ কথা ক’বলৈ চেষ্টা কৰিছিলো তেতিয়া তেওঁলোকে মোৰ মোবাইল ফোনটো কাঢ়ি লৈ ​​গৈছিল ৷

তথ্য অনুসৰি বৰ্তমান নেটফ্লিক্স ইণ্ডিয়াত ষ্ট্ৰীমিং হৈ থকা এই শ্ব’টোত পাৰ্থ সমথান, মৃদুল মাধোক আৰু ৰুহি সিঙৰ দৰে প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে । যদিও সাক্ষী চোপ্ৰাৰ এই অভিযোগ সন্দৰ্ভত এতিয়াও নেটফ্লিক্সে আনুষ্ঠানিকভাৱে কোনো বিবৃতি প্ৰকাশ কৰা নাই ।

লগতে পঢ়ক: Urvashi Rautela : বিমানত ২টা আইফোন পাহৰি বিমান সংস্থালৈ মোবাইল বিচাৰি অনুৰোধ উৰ্বশী ৰাউটেলাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.