চিটাৰা ডেস্ক, 2 জুলাই: অসমীয়া চলচ্চিত্ৰ প্ৰেমীসকলৰ বাবে এটা ভাল খবৰ । আহি আছে যতীন বৰাৰ অভিনীত বহু প্ৰত্যাশিত ছবি ‘ৰাঘৱ’ । ৰত্নাকৰৰ সফলতাৰ পিচত এইবাৰ ৰাঘৱৰ বাবে সাজু হৈছে JB Production । অহা ২৭ অক্টোবৰত অসমৰ প্ৰতিটো ছবিগৃহত মুক্তি দিয়া হ’ব এই ছবিখন । মঙলবাৰে পল্টন বজাৰস্থিত ASTC ৰ চৌহদত মুকলি কৰা হয় ছবিখনৰ প্ৰথমটো টিজাৰ ।
ASTC ৰ চৌহদত ছবিখনৰ টিজাৰ মুকলি কৰাৰ কাৰণ কি ?
আচলতে ছবিখনত এজন চালকৰ চৰিত্ৰত অভিনয় কৰিছে যতীন বৰাই । সেয়েহে, গুৱাহাটীৰ আটাইতকৈ অধিক চালকৰ কৰ্মজীৱন আৰম্ভ হোৱা পল্টন বজাৰস্থিত "অসম ৰাজ্যিক পৰিবহণ নিগম" কাৰ্যালয়ৰ ঠাইডোখৰতেই টিজাৰটো মুকলি কৰি দিয়া হয় । টিজাৰ মুকলি কৰি যতীন বৰাই কয়, ‘‘ৰাঘৱ চালে চালক এগৰাকীয়ে নিজক দেখিব । আপোনালোকক আগবঢ়াই লৈ যোৱাত ৰাঘৱে আপোনালোকক সহায় কৰিব ।’’
- " class="align-text-top noRightClick twitterSection" data="">
ইফালে ৰাঘৱৰ মাতৃৰ ভূমিকাত অভিনয় কৰিছে বিশিষ্ট অভিনেত্ৰী মৃদুলা বৰুৱাই । লগতেই ছবিখনত গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰা দেখা যাব নিশিতা গোস্বামী, হিৰণ্য ডেকা, সিদ্ধাৰ্থ নিপন গোস্বামীকে ধৰি কেইবাগৰাকী ন-পুৰণি অভিনেতা-অভিনেত্ৰীক । ছবিখনত সংগীত পৰিচালনা কৰিছে অসমৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গে । ছবিখনৰ কাহিনী অভিজিত ভট্টাচাৰ্যৰ । টিজাৰ মুকলি কৰে নৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গে । লগতে উক্ত অনুষ্ঠানটোত উপস্থিত থাকে চলচ্চিত্ৰ উদ্যোগৰ বহু কলা-কুশলী । JB Productionৰ ৰত্নাকৰৰ দৰে'ৰাঘৱ'কো দৰ্শকে আদৰি ল’ব বুলি আশাবাদী যতীন বৰা।
বিশ্বৰ সৰ্ববৃহৎ ফিল্ম চিটি হায়দৰাবাদৰ ৰামোজী ফিল্ম চিটি, কাশ্মীৰ, লাডাখৰ উপৰিও একাধিক মনোৰম লোকেশ্যনত ছবিখনৰ দৃশ্যগ্ৰহণ কৰা হৈছে । ইফালে অনুষ্ঠানটোত উপস্থিত থাকি জুবিন গাৰ্গে কয়, ‘‘মিছন চাইনাৰ পৰা জ্বলা জুই জ্বলি আছে ৰাঘৱ লৈ. . .আমি জ্বলাই থাকিম আৰু আপোনালোকে জ্বলক আমাৰ সৈতে ।’’
উল্লেখযোগ্য যে, শেহতীয়াকৈ মুক্তি পোৱা অসমীয়া ছবি ৰঘুপতিয়ে ইতিমধ্যে বক্স অফিচত সকলো অভিলেখ ভংগ কৰিছে ৷ এতিয়া ৰঘুপতিৰ এই অভিলেখ ৰাঘৱে ভংগ কৰিব পাৰিব নে নাই সেয়াহে লক্ষণীয় হ’ব ৷ ৰঘুপতিৰ পিচত এতিয়া ৰাঘৱলৈ আশাবাদী অসমীয়া চলচ্চিত্ৰ প্ৰেমী ।
লগতে পঢ়ক: Release of Dimasa film: ৪ আগষ্টত ডিমাচা কথাছবি ৱাইফ্ৰিৰ শুভমুক্তি