ETV Bharat / entertainment

Pooja Hegde: বাবা ছিদ্দিকৰ ইফতাৰ পাৰ্টিলৈ গৈ ব্যাপক ট্ৰলৰ সন্মুখীন পূজা হেগড়ে

author img

By

Published : Apr 17, 2023, 1:43 PM IST

Updated : Apr 17, 2023, 3:42 PM IST

দেওবাৰে মুম্বাইত বাবা ছিদ্দিক আৰু জীশান ছিদ্দিকে আয়োজন কৰা ইফতাৰ পাৰ্টিত ৰিভিলিং ড্ৰেছ পৰিধান কৰি উপস্থিত হয় অভিনেত্ৰী পূজা হেগড়ে (Pooja Hegde) ৷ ইয়াৰ পিচতে ছ’চিয়েল মিডিয়াত ব্যাপক ট্ৰলৰ সন্মুখীন হয় অভিনেত্ৰীগৰাকী ।

Pooja Hegde trolled for 'inappropriate' dress at Baba Siddique's Iftaar party; netizens say 'Respect occasion'
ইফতাৰ পাৰ্টিত ৰিভিলিং ড্ৰেছ পৰিধান কৰি উপস্থিত হয় পূজা হেগড়ে

চিটাৰা ডেস্ক, 17 এপ্ৰিল: দেওবাৰে মুম্বাইত বাবা ছিদ্দিক আৰু জীশান ছিদ্দিকেয়ে আয়োজন কৰে ইছলাম ধৰ্মাৱলম্বী লোকৰ পৱিত্ৰ ৰমজানৰ ৰোজাৰ ইফতাৰ পাৰ্টিৰ (Baba Siddique iftaar party)। এই অনুষ্ঠানত অংশগ্ৰহণ কৰে বলাউড তথা টেলিভিজনৰ বহু জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীয়ে ৷ এই অনুষ্ঠানত ছলমান খান, পূজা হেগড়ে, ৰাশমী দেশাই, ইমৰাণ হাছমী, আদিকে ধৰি কেইবাগৰাকী জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীয়ে অংশগ্ৰহণ কৰে ।

ছলমান খানৰ সৈতে কিচি কা ভাই কিছি কি জান ছবিখনত অভিনয় কৰা পূজা হেগড়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে আকৰ্ষণীয় সাজ-পোছাকত (Pooja Hegde trolled for wearing revealing dress) । অৱশ্যে ইফতাৰ পাৰ্টিত ৰিভিলিং ড্ৰেছ পৰিধান কৰাৰ বাবে নেটিজেনে ব্যাপকভাৱে সমালোচনা কৰা দেখা যায় পূজাক (Pooja Hegde trolled) ।

ইতিমধ্যে ছ’চিয়েল মিডিয়াত ট্ৰেণ্ডিঙত আছে বাবা ছিদ্দিকৰ ইফতাৰ পাৰ্টি । এগৰাকী পাপাৰাজীয়ে ছ’চিয়েল মিডিয়া একাউণ্টত শ্বেয়াৰ কৰা এটা ভিডিঅ’ত ক’লা ৰঙৰ সাজ-পোছাক পৰিধান কৰা দেখা গৈছে পূজা হেগড়েক । অভিনেত্ৰীগৰাকীয়ে পৰিধান কৰিছিল প্ৰায় বেকলেছ ব্লাউজ আৰু প্লাংগিং নেকলাইন থকা ড্ৰেছ । ৰেড কাৰ্পেটত খোজ কাঢ়ি যোৱাৰ লগে লগে সকলোৰে চকু অভিনেত্ৰীগৰাকীৰ ওপৰত আছিল (Pooja Hegde in Iftaar)। অভিনেত্ৰীগৰাকীয়ে আয়োজক বাবা ছিদ্দিক আৰু জীশান ছিদ্দিকক সম্ভাষণ জনোৱাও দেখা গৈছিল ।

পূজা হেগড়ক এই সাজত অতি মৰমলগা দেখা গৈছিল যদিও ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে অভিনেত্ৰীগৰাকীক ৰিভিলিং সাজ-পোছাক পৰিধান কৰি ইফতাৰ পাৰ্টিত অংশগ্ৰহণ কৰাৰ বাবে সমালোচনা কৰা দেখা যায় (Pooja Hegde at Baba Siddique iftaar party)। কেইবাজনো সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে পূজাক উপহাস কৰি কয় যে তেওঁ নিমন্ত্ৰণী পত্ৰখন পঢ়া নাই বা ইফতাৰ উদযাপনত তেওঁ প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰিছে নেকি বুলিও প্ৰশ্ন কৰে ।

দক্ষিণ ভাৰতীয় অভিনেত্ৰীগৰাকীয়ে সাধাৰণতে নিজৰ আকৰ্ষণীয় ফেশ্বন চেন্সৰ দ্বাৰা লাখ লাখ অনুৰাগীৰ হৃদয় জয় কৰে যদিও এইবাৰ অভিনেত্ৰীগৰাকীক এই সাজৰ বাবেই নেটিজেনে ট্ৰল কৰে (Pooja Hegde criticized for wearing revealing dress) ৷

এজন ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে মন্তব্য কৰে যে, “মই ভাবো ইফতাৰৰ বাবে বিনয়ী সাজ-পোছাক পৰিধান কৰা উচিত।” আন এজনে মন্তব্য কৰি কয়, "কোনোবাই নিমন্ত্ৰণী পত্ৰখন পঢ়িবলৈ পাহৰিলে ।" এজন ব্যৱহাৰকাৰীয়ে লিখিছে, "মই ভাবো অভিনেত্ৰীগৰাকীয়ে ইফতাৰৰ অনুষ্ঠানৰ বাবে অতি ৰিভিলিং পোছাক পৰিধান কৰিছে ।"

আন এজনে লিখিছে, "অনুষ্ঠানটোক সন্মান কৰক ৷ ইফতাৰৰ বাবে অতি অনুপযুক্ত এই সাজ-পোছাক ।" ইফালে, অহা ২১ এপ্ৰিলত ঈদৰ সময়ত ছবিগৃহত মুক্তি পাব পূজা হেগড়েৰ আগন্তুক ছবি কিচি কা ভাই কিচি কি জান ।

লগতে পঢ়ক: Sana Khan: অন্তঃসত্বা ছানাক টানি নিয়াৰ বাবে নেটিজেনে ট্ৰল কৰিলে আনাছক; স্বামীৰ সমৰ্থনত ছানাই ক’লে এই কথা

Last Updated : Apr 17, 2023, 3:42 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.