ETV Bharat / entertainment

Paresh Rawal news: অভিনেতা পৰেশ ৰাৱালক চমন জাৰি কলকাতা আৰক্ষীৰ

author img

By

Published : Dec 7, 2022, 11:48 AM IST

শেহতীয়াকৈ গুজৰাটত অনুষ্ঠিত এক নিৰ্বাচনী সভাত বঙালীসকলৰ সন্দৰ্ভত কৰা বিতৰ্কিত মন্তব্যৰ বাবে অভিনেতা পৰেশ ৰাৱালক চমন জাৰি কৰিছে কলকাতা আৰক্ষীয়ে (Paresh Rawal news) । 67 বছৰীয়া ৰাৱালক সোধা-পোছাৰ বাবে 12 ডিচেম্বৰত তালতলা থানাত হাজিৰ হ’বলৈ কোৱা হৈছে ।

Paresh Rawal
পৰেশ ৰাৱালক চমন জাৰি কৰিছে কলকাতা আৰক্ষীয়ে

চিটাৰা ডেস্ক, 7 ডিচেম্বৰ : বিজেপিৰ প্ৰাক্তন সাংসদ তথা বলীউডৰ জনপ্ৰিয় অভিনেতা পৰেশ ৰাৱালক চমন জাৰি কৰিছে কলকাতা আৰক্ষীয়ে ৷ শেহতীয়াকৈ গুজৰাটত অনুষ্ঠিত এক নিৰ্বাচনী সভাত অংশ লৈছিল অভিনেতা পৰেশ ৰাৱালে ৷ প্ৰাক্তন সাংসদগৰাকীয়ে নিৰ্বাচনী সভাত বঙালী লোকসকলৰ সন্দৰ্ভত কৰে এক বিতৰ্কিত মন্তব্য ৷ তাৰ বাবে অভিনেতা পৰেশ ৰাৱালক চমন জাৰি কৰিছে কলকাতা আৰক্ষীয়ে (Paresh Rawal latest news) । 67 বছৰীয়া ৰাৱালক সোধা-পোছাৰ বাবে 12 ডিচেম্বৰত তালতলা থানাত হাজিৰ হ’বলৈ কোৱা হৈছে ।

এগৰাকী আৰক্ষী বিষয়াই কয়, "তেওঁৰ 'বঙালীৰ বাবে মাছ ৰান্ধক' বুলি কৰা মন্তব্যৰ সন্দৰ্ভত আমি তেওঁক মাতি আনিছো । তেওঁক সোধা-পোছা কৰা হ'ব" ৷ চলিত মাহৰ আৰম্ভণিতে ভালছাদ জিলাত বিজেপিৰ সভাত ৰাৱালে গেছ চিলিণ্ডাৰৰ মূল্যবৃদ্ধিৰ বিষয়টো গ্ৰহণ কৰিছিল, যিটো এটা আৱেগিক নিৰ্বাচনী বিষয় (Paresh Rawal west bengal police summons)।

"গেছ চিলিণ্ডাৰ ব্যয়বহুল, কিন্তু ইয়াৰ দাম কমি যাব । মানুহেও কৰ্মসংস্থাপন পাব । কিন্তু দিল্লীৰ দৰে আপোনাৰ চাৰিওফালে ৰোহিংগীয়া প্ৰব্ৰজনকাৰী আৰু বাংলাদেশীয়ে বসবাস কৰিবলৈ আৰম্ভ কৰিলে কি হ'ব ? গেছ চিলিণ্ডাৰ লৈ কি কৰিব ? বাঙালীৰ বাবে মাছ ৰান্ধিব ?", আপক কটাক্ষ কৰি এই মন্তব্য কৰিছিল অভিনেতাজনে ৷

চিপিআই(এম)ৰ নেতা আৰু দলৰ ৰাজ্যিক সম্পাদক মহম্মদ চেলিমে তেওঁৰ বিৰুদ্ধে অভিযোগ দাখিল কৰাৰ পিছত তেওঁৰ বিৰুদ্ধে আইপিচিৰ বিভিন্ন ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল ৷ তেওঁ অভিনেতাজনৰ ভাষ্য ঘৃণামূলক ভাষণৰ সমান বুলি অভিযোগ উত্থাপন কৰিছিল, যি বাঙালীসকলৰ বিৰুদ্ধে ঘৃণাৰ অনুভূতি কঢ়িয়াই আনিব পাৰে (Paresh Rawal summoned by Kolkata Police) । অৱশ্যে ছ'চিয়েল মিডিয়াত হোৱা বৃহৎ প্ৰতিক্ৰিয়াৰ পিছত ৰাৱালে তেওঁৰ মন্তব্যৰ বাবে ক্ষমা বিচাৰিছিল ।

লগতে পঢ়ক : সঞ্জয় লীলা ভাঞ্চালীৰ প্ৰথমটো মিউজিক এলবাম 'Sukoon'

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.