ETV Bharat / entertainment

Pankaj Tripathi Father Passes Away: পিতৃহাৰা হ’ল পংকজ ত্ৰিপাঠী, মুম্বাইৰ পৰা পাটনালৈ ৰাওনা হ’ল অভিনেতা

author img

By

Published : Aug 21, 2023, 3:54 PM IST

বলীউড অভিনেতা পংকজ ত্ৰিপাঠীৰ পিতৃ পণ্ডিত বেনাৰস তিৱাৰী আৰু নাই । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৮ বছৰ ।

Pankaj Tripathi's father Banaras Tiwari dies at 98
পংকজ ত্ৰিপাঠীৰ পিতৃৰ দেহাৱসান

চিটাৰা ডেস্ক, ২১ আগষ্ট: বলীউডৰ অভিনেতা পংকজ ত্ৰিপাঠীৰ পিতৃ পণ্ডিত বেনাৰস তিৱাৰীৰ দেহাৱসান । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৮ বছৰ । বিহাৰৰ গোপালগঞ্জ জিলাৰ অন্তৰ্গত বৰাউলীতস্থিত তেওঁৰ জন্ম গাঁও বেলছাণ্ডত শেষ নিশ্বাস ত্যাগ কৰে পণ্ডিত বেনাৰস তিৱাৰীয়ে ।

আজি নিশা গাঁৱত উপস্থিত হ’ব পংকজ ত্ৰিপাঠী

পংকজ ত্ৰিপাঠী পিতৃৰ অতিকৈয়ে ঘনিষ্ঠ আছিল । পিতৃৰ মৃত্যুৰ খবৰত ভাঙি পৰিছে অভিনেতাগৰাকী ৷ সংবাদ মাধ্যমৰ খবৰ অনুসৰি পংকজ ত্ৰিপাঠী নিশা গাঁৱত উপস্থিত হ’ব ৷ মুম্বাইৰ পৰা পাটনালৈ ইতিমধ্যেই ৰাওনা হৈছে অভিনেতাগৰাকী ।

পংকজ ত্ৰিপাঠীৰ পিতৃৰ মৃত্যুৰ কাৰণ কি ?

পংকজ ত্ৰিপাঠীৰ পিতৃৰ মৃত্যুৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। অৱশ্যে সংবাদ মাধ্যমৰ খবৰ অনুসৰি তেওঁ অসুস্থ হৈ আছিল । আনহাতে, তেওঁৰ অধিক বয়সকো মৃত্যুৰ কাৰণ বুলি উল্লেখ কৰা হৈছে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৮ বছৰ ।

পংকজৰ পিতৃ মাত্ৰ এবাৰহে মুম্বাইলৈ আহিছিল

অভিনেতা পংকজ ত্ৰিপাঠী বিহাৰৰ গোপালগঞ্জৰ বাসিন্দা । ছবিজগতত কেৰিয়াৰ বনাবলৈ মুম্বাইলৈ আহিছিল অভিনেতাগৰাকী আৰু তাৰ পিচত তাতেই থাকিবলৈ আৰম্ভ কৰে যদিও পিতৃ-মাতৃ বিহাৰৰ গোপালগঞ্জ জিলাৰ অন্তৰ্গত বৰাউলীৰ বেলছাণ্ড গাঁৱতে বাস কৰিছিল ।

পুত্ৰৰ স্টাৰডমৰ বিষয়ে অজ্ঞাত আছিল

এটা সাক্ষাৎকাৰত পিতৃৰ কথা উল্লেখ কৰি পংকজ ত্ৰিপাঠীয়ে কৈছিল যে তেওঁৰ পিতৃয়ে ছবি জগতত কি কাম কৰে তাকো নাজানে । আনকি তেওঁ কেতিয়াও থিয়েটাৰৰ ভিতৰলৈ গৈ পোৱা নাই ৷ পংকজে কৈছিল যে এবাৰ দেউতাক মুম্বাইলৈ আহিছিল তেওঁৰ প্ৰথম ঘৰৰ গৃহ প্ৰৱেশৰ অনুষ্ঠানত, ইয়াৰ পিচত আৰু কেতিয়াও তেওঁ মুম্বাইলৈ অহা নাছিল ৷

পংকজ ত্ৰিপাঠীয়ে কৈছিল যে যেতিয়া কোনোবাই টিভিত দেউতাকক চিনেমা দেখুৱাইছিল, তেতিয়াহে কেৱল তেওঁ চিনেমা চাইছিল, কিন্তু ছবি চাবলৈ তেওঁ কেতিয়াও ছবিগৃহলৈ যোৱা নাছিল । শেহতীয়াকৈ পংকজে নিজৰ গাঁৱৰ ঘৰখনত পিতৃ-মাতৃৰ বাবে এটা টিভি ক্ৰয় কৰি দিছিল ৷

আজি পংকজ ত্ৰিপাঠী চলচ্চিত্ৰ জগতত ডাঙৰ নাম, কিন্তু দেউতাকে তেওঁৰ বাবে আন কিবা এটা হে চিন্তা কৰিছিল । পুতেকক ডাক্তৰ বনাব বিচাৰিছিল । অৱশ্যে পংকজে যেতিয়া নিজৰ বাবে অভিনয়ৰ পথ বাছি লৈছিল, তেতিয়াও দেউতাকে তেওঁক সহযোগ কৰিছিল ।

লগতে পঢ়ক: Mangal Dhillon Passed Away: জন্মদিনৰ এসপ্তাহ পূৰ্বেই ইহলীলা ত্যাগ কৰিলে জনপ্ৰিয় অভিনেতা মংগল ধিলনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.