চিটাৰা ডেস্ক, 19 জুলাই: বলীউডৰ ছুপাৰষ্টাৰ অক্ষয় কুমাৰৰ আগন্তুক ছবি ‘অ’ মাই গড ২’ ক লৈ শেহতীয়াকৈ ব্যাপক চৰ্চা চলিছে। ছবিখন ঘোষণা কৰাৰ পিচৰে পৰা নেটিজেনৰ লগতে চেঞ্চৰ ব’ৰ্ডেও এই ছবিখনৰ ওপৰত চকু ৰাখিছে । যাৰ পৰিপ্ৰেক্ষিতত অক্ষয় কুমাৰৰ ছবিখন সংশোধন সমিতিলৈ প্ৰেৰণ কৰা হয় । চেণ্ট্ৰেল ব’ৰ্ড অৱ চাৰ্টিফিকেশ্যনে ছবিখনক লৈ কোনো ধৰণৰ বিতৰ্ক বিচৰা নাই। এতিয়া এই বিষয়ত অভিনেতা পংকজ ত্ৰিপাঠীয়ে নিজৰ মৌনতা ভংগ কৰিছে ।
উল্লেখ্য যে ছবিখনত পংকজ ত্ৰিপাঠীয়ে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰা দেখা যাব । শেহতীয়াকৈ এক সাক্ষাৎকাৰৰ সময়ত পংকজ ত্ৰিপাঠীয়ে চেন্সৰ ব’ৰ্ডৰ সিদ্ধান্ত সন্দৰ্ভত নিজৰ মতামত দাঙি ধৰে । প্ৰথমতে অভিনেতাগৰাকীয়ে কয় যে এই বিষয়ত এতিয়ালৈকে কথা ক’বলৈ অনুমতি দিয়া হোৱা নাই। ইয়াৰ বাহিৰেও তেওঁৰ ছবি সন্দৰ্ভত পংকজ ত্ৰিপাঠীয়ে কয় যে উৰাবাতৰিৰ প্ৰতি গুৰুত্ব নিদিব।
অভিনেতাগৰাকীৰ মতে, ছবিখনৰ বিৰুদ্ধে প্ৰকাশ পোৱা খবৰবোৰ বিশ্বাস নকৰিবলৈ তেওঁ অনুৰাগীসকলক আহ্বান জনায় । কেৱল এয়াই নহয়, পংকজে কয় যে অচিৰেই সত্য সকলোৰে সন্মুখত আহিব যেতিয়া ছবিখন পৰ্দাত মুক্তি পাব ।
ছবিখনৰ টিজাৰ
অনুৰাগীসকলৰ মাজত অক্ষয় কুমাৰ আৰু পংকজ ত্ৰিপাঠীৰ ছবি ‘OMG 2’ৰ টিজাৰটোক লৈ বিৰূপ প্ৰতিক্ৰিয়া দেখা পোৱা গৈছে ৷ একাংশই যদি টিজাৰটো ভাল পাইছে আন একাংশই আকৌ সমালোচনা কৰা দেখা গৈছে ৷ উল্লেখ্য যে এইবাৰ ছবিখনত অক্ষয়ক ভগৱান শিৱশংকৰৰ চৰিত্ৰত অভিনয় কৰি ৰাইজৰ অন্ধবিশ্বাস দূৰ কৰা দেখা যাব । একে সময়তে পংকজ ত্ৰিপাঠীৰ চৰিত্ৰৰ নাম হ’ব কান্তি শৰণ মুদগাল আৰু য়ামী গৌতমৰ চৰিত্ৰ হ’ব এজন অধিবক্তাৰ।
টিজাৰক লৈ কিয় সৃষ্টি হ’ল বিতৰ্ক
‘OMG 2’ক লৈ অব্যাহত আছে বিতৰ্ক । এই ছবিখনৰ টিজাৰত ৰেলপথত প্ৰদৰ্শিত হৈছে ভগৱান শিৱৰ অভিষেক । যিটো দেখাৰ পিচত একাংশ নেটিজেনে কয় যে তেওঁলোকৰ আৱেগক আঘাত সানিছে ছবিখনৰ টিজাৰে ৷ এয়া হিন্দুৰ দেৱতাক অপমান কৰা বুলি উল্লেখ কৰি ছ’চিয়েল মিডিয়াত নিৰ্মাতাসকলৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷