ETV Bharat / entertainment

Tirthananda Raos suicide: লাইভত আত্মহত্যাৰ চেষ্টা কপিল শৰ্মা শ্ব’ৰ এইগৰাকী কমেডিয়ানৰ; অচেতন অৱস্থাত ভৰ্তি চিকিৎসালয়ত

author img

By

Published : Jun 14, 2023, 2:06 PM IST

দ্য কপিল শৰ্মা শ্ব’ত নানা পাটেকাৰৰ চৰিত্ৰত অভিনয় কৰি জনপ্ৰিয় হোৱা কমেডিয়ান তীৰ্থনন্দ ৰাওক লৈ চৰ্চালৈ আহিছে চাঞ্চল্যকৰ খবৰ । ফেচবুকত লাইভ আহি আত্মহত্যাৰ চেষ্টা ৷

Nana Patekar impersonator Tirthananda Raos suicide attempt in front of live camera
কপিল শৰ্মা শ্ব’ৰ অভিনেতা তীৰ্থনন্দ ৰাওৰ আত্মহত্যা চেষ্টা

চিটাৰা ডেস্ক, 14 জুন: দ্য কপিল শৰ্মা শ্ব’ত নানা পাটেকাৰৰ চৰিত্ৰত অভিনয় কৰা কমেডিয়ান তীৰ্থনন্দ ৰাৱৰ এক চাঞ্চল্যকৰ পদক্ষেপ ৷ লাইভ কেমেৰাৰ সন্মুখত আত্মহত্যাৰ চেষ্টা । ফেচবুকত লাইভত তেওঁ নিজৰ দুখ প্ৰকাশ কৰাৰ সমান্তৰালকৈ প্ৰথম অৱস্থাত কিহৰ বাবে আত্মহত্যাৰ পদক্ষেপ ল’বলৈ বাধ্য কৰাইছিল সেই বিষয়ে কোৱা দেখা যায় । তাৰ পিচত হাতত থকা ফেনাইল ভৰ্তি গিলাচটো পান কৰে কমেডিয়ানজনে ।

তীৰ্থনন্দক এই কাম কৰা দেখি তেওঁৰ অনলাইন বন্ধু কেইজনমানে লগে লগে ওচৰৰ থানালৈ ফোন কৰি ঘটনাৰ খবৰ দিয়ে। ঘটনা সন্দৰ্ভত তৎপৰতা দেখুৱাই দেৰি নকৰাকৈয়ে শান্তি নগৰ থানাৰ আৰক্ষী এটা দল উপস্থিত হয় কমেডিয়ানজনৰ বাসগৃহত ৷ আৰক্ষীয়ে অচেতন অৱস্থাত উদ্ধাৰ কৰে কমেডিয়ান তীৰ্থনন্দ ৰাওক । ইয়াৰ পিচত আৰক্ষীয়ে ততাতৈয়াকৈ তেওঁক ওচৰৰ চিকিৎসালয়লৈ লৈ যায় ।

উল্লেখ্য যে, তীৰ্থনন্দ ৰাৱে ফেচবুক লাইভত কয় যে তেওঁ এগৰাকী মহিলাৰ সৈতে লিভ ইন ৰিলেচনত সহবাস কৰি আছে । সম্প্ৰতি সেই মহিলাগৰাকীৰ বাবেই তেওঁ তিনি-চাৰি লাখ টকাৰ ঋণত পৰিছে । মহিলাগৰাকীয়ে তেওঁক নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ লগতে মানসিকভাৱেও নিৰ্যাতন চলায় । এইখিনি কথা কোৱাৰ পাচত তীৰ্থনন্দ ৰাৱে ফেনাইলৰ পাত্ৰটো খুলি সন্মুখত ৰখা গিলাচটোত ঢালি দি পান কৰে ফেনাইল ।

এই চাঞ্চল্যকৰ ঘটনাৰ পিচত হতবাক হৈ পৰে লাইভ সম্প্ৰচাৰৰ দৰ্শক ৷ ইফালে তেওঁৰ চিনাকি কেইজনমানে আৰক্ষীৰ সহায় লয় আৰু আৰক্ষীয়ে গ্ৰহণ কৰা জৰুৰী পদক্ষেপৰ বাবে তেওঁক চিকিৎসালয়ত সময় থাকোঁতেেই ভৰ্তি কৰোৱাবলৈ সক্ষম হয় ৷

লাইভত তীৰ্থনন্দ ৰাৱে লগতে কয়, ‘পাৰবীন বানো নামৰ এগৰাকী মহিলাৰ সৈতে মোৰ লিভ-ইন ৰিলেচন আছিল । ১০ বছৰ পূৰ্বে তেওঁৰ স্বামীৰ মৃত্যু হৈছিল । তেওঁৰ দুগৰাকী কন্যাও আছে । সেই মহিলাগৰাকীয়ে মোক মানসিক শাস্তি দি আছে। মই তেওঁৰ ৯০ হাজাৰৰ মোবাইল ফোন ক্ৰয় কৰি দিছো । তেওঁৰ বাবে সকলো কৰিলো, কিন্তু তেওঁৱেই মোৰ বিৰুদ্ধে আৰক্ষী থানাত দাখিল কৰিলে অভিযোগ ।'

তেওঁ লগতে ক’লে, ‘ আৰক্ষীৰ ওচৰলৈ গৈ ক’লে যে মই তেওঁক মাৰপিট কৰো । তেওঁ মোৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পিচত এই অভিযোগ প্ৰত্যাহাৰ কৰিব বুলিও আশ্বাস দিছিল । কিন্তু তেওঁ অভিযোগ প্ৰত্যাহাৰ নকৰাকৈ মোৰ লগত কাজিয়া কৰি থাকিল । আনকি তেওঁৰ কন্যাগৰাকীও মোক হত্যা কৰাৰ ভাবুকি দিছে। এতিয়া আপোনালোকে কওক মই তেওঁৰ সৈতে কেনেকৈ থাকিব পাৰিম ?’

লগতে পঢ়ক: Kazan Khan Passes Away: মালয়ালম ছবিত খলনায়কৰ ৰূপত পৰিচিত অভিনেতা কাজান খান আৰু নাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.