ETV Bharat / entertainment

Ganapath: টাইগাৰ শ্ৰফৰ পিচত গণপতৰ পৰা মুকলি কৃতি সেননৰ প্ৰথম লুক, চাওক কৃতিৰ লুক

author img

By ETV Bharat Assamese Team

Published : Sep 19, 2023, 3:45 PM IST

হিৰোপন্তি ছবিৰ ষ্টাৰ কাষ্ট টাইগাৰ শ্ৰফ আৰু কৃতি সেননৰ যুটিয়ে ডাঙৰ পৰ্দাত পুনৰ প্ৰত্যাৱৰ্তন কৰিবলৈ সাজু হৈছে। গণেশ চতুৰ্থীৰ শুভ ক্ষণ উপলক্ষে তেওঁলোকৰ আগন্তুক ছবি 'গণপত'ৰ পৰা কৃতি সেননৰ ফাৰ্ষ্ট লুক প্ৰকাশ পাইছে। ইয়াৰ এদিন আগতে 'গণপত'ৰ পৰা টাইগাৰৰ শক্তিশালী ৰূপ প্ৰকাশ পাইছিল ।

Meet Jassi : Kriti Sanon's new poster release from Tiger Shroff starrer Ganapath, SEE
গণপতৰ পৰা মুকলি কৃতি সেননৰ ফাৰ্ষ্ট লুক

চিটাৰা ডেস্ক, 19 ছেপ্টেম্বৰ: ‘সৰবজিত’ আৰু ‘বেল বটম’ৰ দৰে ছবি নিৰ্মাণ কৰা প্ৰডাকচন হাউছ পূজা এণ্টাৰটেইনমেণ্টৰ পৰৱৰ্তী ছবি হৈছে ‘গণপত’ । টাইগাৰ শ্ৰফ আৰু কৃতি সেননক এই ছবিখনত মুখ্য চৰিত্ৰত দেখা যাব ৷ এই ছবিখনৰ পৰা টাইগাৰ শ্ৰফৰ ফাৰ্ষ্ট লুক সোমবাৰে মুক্তি পাইছে, পোষ্টাৰখনত শক্তিশালী ৰূপত দেখা গৈছে টাইগাৰক ৷ ইফালে ‘গণপত’ ছবিৰ অভিনেত্ৰী কৃতি সেননৰ ফাৰ্ষ্ট লুক পোষ্টাৰ আজি মুকলি হৈছে, য’ত অভিনেত্ৰীগৰাকীয়ে নিজৰ লুকেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

'গণপত'ৰ পৰা কৃতি সেননৰ ফাৰ্ষ্ট লুক মুক্তি

মঙলবাৰে গণেশ চতুৰ্থীৰ পৱিত্ৰ উৎসৱত পৰিচালক বিকাশ বেহেলৰ আগন্তুক ছবি ‘গণপথ’ৰ পৰা কৃতি সেননৰ ফাৰ্ষ্ট লুক পোষ্টাৰ মুকলি কৰা হৈছে। প্ৰযোজক পূজা এণ্টাৰটেইনমেণ্টে নিজৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত প্ৰকাশ কৰিছে অভিনেত্ৰীগৰাকীৰ প্ৰথম লুক ।

‘গণপত’ৰ এই পোষ্টাৰখনত টাইগাৰ শ্ৰফৰ দৰে কৃতি সেননকো শক্তিশালী শৈলীৰে দেখা গৈছে। এই পোষ্টাৰখনত অভিনেত্ৰীগৰাকীৰ একচন অৱতাৰ স্পষ্টকৈ দেখা গৈছে। এই পোষ্টাৰখনৰ কেপচনত নিৰ্মাতাসকলে লিখিছে - "তাই ভয়ংকৰ, তাই অতুলনীয় আৰু তাই হত্যা কৰিবলৈ সম্পূৰ্ণৰূপে সাজু, আমাৰ জাছীৰ সৈতে চিনাকি হওঁক ।"

এই পোষ্টটোৰ পৰা স্পষ্ট যে এই ছবিখনত কৃতি সেননৰ চৰিত্ৰটোৰ নাম হ’ব জাছি আৰু ই যথেষ্ট আকৰ্ষণীয় হ’ব । শেহতীয়াকৈ টাইগাৰ শ্ৰফৰ এই আচৰিত ৰূপটো ছ’চিয়েল মিডিয়াত নিৰ্মাতাই শ্বেয়াৰ কৰিছে, যাৰ ফলত অনুৰাগীৰ উত্তেজনাৰ মাত্ৰা যথেষ্ট বৃদ্ধি পাইছে ।

'গণপত' কেতিয়া মুক্তি পাব ?

‘গণপত’ ছবিখনৰ টাইগাৰ শ্ৰফ আৰু কৃতি সেননৰ ফাৰ্ষ্ট লুকৰ লগতে এই ছবিখনৰ মুক্তিৰ তাৰিখো ঘোষণা কৰা হৈছে ৷ এই একচন থ্ৰিলাৰ ছবিখন দশেৰা উপলক্ষে ২০ অক্টোবৰত চিনেমাগৃহত মুক্তি পাব। জানিব পৰা মতে টাইগাৰ আৰু কৃতিৰ উপৰিও এই ছবিখনত অমিতাভ বচ্চনৰ আভাসো দেখিবলৈ পোৱা যাব ৷

লগতে পঢ়ক: Ganapath: গণেশ চতুৰ্থীৰ উপলক্ষে মুকলি হ’ল টাইগাৰ শ্ৰফৰ ছবি ‘গণপত’ৰ নতুন পোষ্টাৰ, লগতে ঘোষণা কৰিলে মুক্তিৰ তাৰিখ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.