ETV Bharat / entertainment

Mandakini: ডনৰ লগত সম্পৰ্ক থকাৰ বাবে শেষ হৈছিল নেকি মন্দাকিনীৰ কেৰিয়াৰ ?

আজি ৰাম তেৰী গংগা মেলীৰ অভিনেত্ৰী মন্দাকিনীৰ জন্মদিন ৷ অভিনেত্ৰীগৰাকীৰ জন্মদিনত জানো আহক তেওঁৰ কিছু নজনা কথা ৷

Mandakini birthday special Dawood Ibrahim Mandakini Love Story
অভিনেত্ৰী মন্দাকিনীৰ জন্মদিন
author img

By

Published : Jul 30, 2023, 5:25 PM IST

চিটাৰা ডেস্ক, 30 জুলাই: মন্দাকিনী হৈছে বলীউডৰ এগৰাকী অতি জনপ্ৰিয় অভিনেত্ৰী । যিয়ে উদ্যোগটোত নিজৰ এক বিশেষ স্থান বনাবলৈ সক্ষম হৈছিল ৷ ইয়াৰ লগতে নিজৰ সৌন্দৰ্য আৰু শৈলীৰে কোটি কোটি লোকৰ হৃদয়ত শাসন কৰিছিল ৷ কেৱল সাধাৰণ জনতাই নহয়, দাউদ ইব্ৰাহিমো মন্দাকিনীৰ সৌন্দৰ্যত মন্ত্ৰমুগ্ধ হৈ পৰিছিল ৷

হিন্দী ছবিৰ প্ৰবীণ অভিনেতা পৰিচালক তথা প্ৰযোজক ৰাজ কাপুৰে বলীউডত মন্দাকিনীৰ কেৰিয়াৰ গঢ়ি তুলিছিল । নীলা চকুজুৰি আৰু সুন্দৰ হাঁহিৰে মন্দাকিনীয়ে সেইসময়ত দখল কৰিছিল লাইমলাইট । আজি অভিনেত্ৰী গৰাকীৰ ৬০ সংখ্যক জন্মদিন । ছবিৰ উপৰিও ব্যক্তিগত জীৱনক লৈও বহুবাৰ বাতৰিৰ শিৰোনাম দখল কৰিছিল মন্দাকিনীয়ে । মন্দাকিনীৰ শৈলী দেখি আণ্ডাৰৱৰ্ল্ড ডন দাউদ ইব্ৰাহিম তেওঁৰ প্ৰেমত পৰে, ইয়াৰ পিচতে অভিনেত্ৰীগৰাকীৰ নাম দাউদ ইব্ৰাহিমৰ সৈতে জড়িত হৈ পৰে । অভিনেত্ৰীগৰাকীৰ জন্মদিনৰ বিশেষ ক্ষণ উপলক্ষে তেওঁৰ জীৱনৰ সৈতে জড়িত কিছু কথা জানো আহক . . .

১৯৬৩ চনৰ ৩০ জুলাইত উত্তৰ প্ৰদেশৰ মেৰুটত জন্মগ্ৰহণ কৰিছিল মন্দাকিনিয়ে । অভিনেত্ৰীগৰাকীৰ প্ৰকৃত নাম ইয়াছমীন জোচেফ। তেওঁৰ পিতৃ ব্ৰিটিছ আৰু মাতৃ কাশ্মীৰী । উদ্যোগটোত প্ৰৱেশ কৰাৰ পিচত অভিনেত্ৰীগৰাকীয়ে নিজৰ নাম সলনি কৰি মন্দাকিনী কৰি লয় । মন্দাকিনীক বলীউড উদ্যোগত মুকলি কৰে ৰাজ কাপুৰে ৷ ৰাজ কাপুৰৰ আটাইতকৈ ডাঙৰ ছবি ‘ৰাম তেৰী গংগা মেলী’ৰ জৰিয়তে মন্দাকিনীক বলীউডত মুকলি কৰে । প্ৰথমখন ছবিৰ পৰাই মন্দাকিনীয়ে নিজৰ সৌন্দৰ্য আৰু মনোমোহা ৰূপৰ বাবে কোটি কোটি অনুৰাগীক উন্মাদ কৰি তুলিছিল । ইয়াৰ উপৰিও ৭০ ৰ দশকৰ অভিনেত্ৰীসকলৰ তালিকাত অন্তৰ্ভুক্ত হৈছিল তেওঁৰ নাম, যি কেইগৰাকী অভিনেত্ৰীয়ে প্ৰথমখন ছবিতে অতি বল্ড দৃশ্য শ্বুট কৰিছিল ৷

ৰাজ কাপুৰে ‘ৰাম তেৰী গংগা মেলী’ৰ জৰিয়তে তেওঁৰ কনিষ্ঠ পুত্ৰ ৰাজীৱ কাপুৰকো বলীউডত মুকলি কৰিছিল । মন্দাকিনি আৰু ৰাজীৱ কাপুৰৰ ছবিখনে বক্স অফিচত ব্লকবাষ্টাৰ হিচাপে প্ৰমাণিত হয় আৰু ছবিখনৰ বাবে মন্দাকিনীয়ে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে । প্ৰথমখন ছবিৰ পৰাই সফলতাৰ শিখৰত উপনীত হোৱা মন্দাকিনী আৰু পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাই ৷ সুন্দৰী মন্দাকিনিয়ে নিজৰ সৌন্দৰ্য আৰু অভিনয়েৰে সকলোৰে হৃদয়ত স্থান দখল কৰিছিল । আটাইকেইজন প্ৰযোজক আৰু পৰিচালকে নিশাটোৰ ভিতৰতে প্ৰথমখন ছবিৰ পৰা তাৰকা হোৱা অভিনেত্ৰীগৰাকীক কাষ্ট কৰিব বিচাৰিছিল । অভিনেত্ৰীগৰাকীৰ এনে সৌন্দৰ্য আছিল যে আনকি আণ্ডাৰৱৰ্ল্ড ডন দাউদ ইব্ৰাহিমেও তেওঁৰ প্ৰেমত পৰিছিল ।

‘ৰাম তেৰী গংগা মেলী’ ছবিখনত মন্দাকিনিৰ এটা বল্ড ছিন আছিল, য’ত তেওঁ জলপ্ৰপাতৰ তলত থিয় হৈ বগা শাৰী পৰিধান কৰি গা ধোৱা দেখা যায় ৷ ছবিখনৰ পৰাই এই দৃশ্যটো অতি জনপ্ৰিয় হৈ পৰিছিল ৷ এই দৃশ্যটোৰ জৰিয়তে মন্দাকিনীয়ে যথেষ্ট খ্যাতি লাভ কৰিছিল ৷ যদিও এই দৃশ্যটোৰ তেওঁৰ জীৱনত সৃষ্টি হৈছিল বহু অসুবিধাৰো ।

আচলতে এই দৃশ্যটো দেখি দাউদে অভিনেত্ৰীগৰাকীৰ প্ৰেমত পৰিছিল । ইয়াৰ পিচতে এখন ষ্টেডিয়ামৰ পৰা মন্দাকিনীৰ সৈতে দাউদৰ কেইখন মান ছবি ভাইৰেল হৈ পৰে আৰু তাৰ পিচতে খবৰ আহিবলৈ ধৰিলে যে মন্দাকিনি আণ্ডাৰৱৰ্ল্ড ডন দাউদৰ সৈতে ডেট কৰি আছে। অৱশ্যে মন্দাকিনিয়ে কৈছিল যে তেওঁলোক কেৱল বন্ধু হে আছিল আৰু মাত্ৰ দুবাৰহে লগ পাইছিল ডনক ৷

সেই সময়ত কোৱা হৈছিল যে দাউদৰ সৈতে মন্দাকিনীৰ সম্পৰ্কৰ বাবে পৰিচালক আৰু প্ৰযোজকসকলে অভিনেত্ৰীগৰাকীক কাষ্ট নকৰা হ’ল। দাউদৰ সৈতে মন্দাকিনীৰ সম্পৰ্কৰ খবৰবোৰে মন্দাকিনীৰ ভাবমূর্তিত নেতিবাচক প্রভাৱ পেলাইছিল ৷ দাউদৰ সৈতে তেওঁৰ ছবি ভাইৰেল হোৱাৰ পিচত অভিনেত্ৰীগৰাকীৰ কেৰিয়াৰ প্ৰায় শেষ হৈ গৈছিল। মন্দাকিনিৰ শেষৰখন বলীউড ছবি আছিল ১৯৯৬ চনত মুক্তি পোৱা ‘জোৰদাৰ’।

লগতে পঢ়ক: Karisma Kapoor Marriage: এই চৰ্ত মাজত নাহিলে অভিষেক বচ্চনৰ পত্নী হ’লহেঁতেন কৰিশ্মা, কিয় ভাঙিছিল তেওঁলোকৰ এংগেজমেণ্ট ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.