ETV Bharat / entertainment

Oppenheimer Row: অপেনহাইমাৰত অন্তৰংগ দৃশ্যত গীতাৰ শ্লোক আবৃত্তিক লৈ বিতৰ্ক, মহাভাৰতৰ শ্ৰীকৃষ্ণই ক’লে, ইয়াত কি ভুল আছে ? - नितीश भारद्वाज

শেহতীয়াকৈ মুক্তি পোৱা হলিউডৰ ছবি অপেনহাইমাৰকলৈ দেশজুৰি সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ ৷ ছবিখনৰ এক অন্তৰংগ দৃশ্যত অভিনেতাগৰাকীয়ে ভাগৱত আবৃত্তি কৰা দেখা গৈছে, যাৰ ফলত ভাৰতত সৃষ্টি হৈছে বিতৰ্কৰ । এতিয়া ‘মহাভাৰত’ত ‘শ্ৰী কৃষ্ণ’ৰ চৰিত্ৰত অভিনয় কৰা অভিনেতা নীতিশ ভৰদ্বাজে এই সন্দৰ্ভত প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ।

Mahabharata's Nitish Bharadwaj defends Bhagavad Gita in Oppenheimer sex scene
অপেনহাইমাৰ বিতৰ্ক
author img

By

Published : Jul 25, 2023, 1:52 PM IST

চিটাৰা ডেস্ক, 25 জুলাই: ক্রিষ্টোফাৰ নোলানৰ পৰিচালনাত নিৰ্মিত ছবি অপেনহাইমাৰক লৈ ভাৰতত সৃষ্টি হৈছে ব্যাপক বিতৰ্কৰ । চিলিয়ান মাৰ্ফি আৰু এমিলি ব্লাণ্টৰ অভিনীত ছবি অপেনহাইমাৰত ভাগৱতক অপমান কৰা বুলি অভিযোগ উত্থাপন হৈছে ৷ দৰাচলতে ছবিখনৰ এক অন্তৰংগ দৃশ্যৰ সময়ত অভিনেতাগৰাকীয়ে ভাগৱত আবৃত্তি কৰা দেখা যায় আৰু এই দৃশ্যক লৈয়ে দেশজুৰি সৃষ্টি হৈছে বিতৰ্কৰ ৷

২১ জুলাইত মুক্তি পোৱা ছবিখনে ভাৰতত যথেষ্ট বিৰোধিতাৰ সন্মুখীন হৈছে । অৱশ্যে, ছবিখনে ভাৰতত ৪ দিনত ৫০ কোটি টকা উপাৰ্জন কৰিছে । এতিয়া অপেনহাইমাৰক লৈ চলি থকা বিতৰ্কৰ মাজতে জনপ্ৰিয় টিভি শ্ব’ মহাভাৰতত শ্ৰীকৃষ্ণৰ চৰিত্ৰত অভিনয় কৰা অভিনেতা নীতিশ ভৰদ্বাজে ব্যক্ত কৰিছে প্ৰতিক্ৰিয়া ৷

অপেনহাইমাৰ বিতৰ্কক লৈ কি ক’লে 'শ্ৰী কৃষ্ণ'ই ?

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি অপেনহাইমাৰৰ অন্তৰংগ দৃশ্যৰ সময়ত ভাগৱত গীতাৰ পদ্য পাঠ কৰাক লৈ নীতিশৰ কোনো আপত্তি নাই । নীতিশে কয়, ‘‘গীতাৰ অৰ্থ হ’ল ই আমাক যুদ্ধক্ষেত্ৰত আমাৰ কৰ্তব্যৰ কথা কয়, যদি আমি আমাৰ জীৱনৰ সংগ্ৰামৰ মৌলিক ৰূপটো চাওঁ, তেন্তে ই এক আৱেগিক যুদ্ধ, যদি আমি ১১.৩২ পদৰ কথা কওঁ, তেন্তে ই এজন যোদ্ধাক নিজৰ কৰ্তব্য পালন কৰিবলৈ শিকাই, গীতাই অশুভৰ লগত যুঁজিবলৈ শিকাই, আমি এই পদবোৰ গভীৰভাৱে বুজিব লাগিব, কৃষ্ণই কৈছে যে তেওঁ চিৰকাল আৰু তেওঁ সকলো বস্তু অন্ত কৰিব, লাগিলে নিজেই শেষ হৈ নাযাওক কিয়, তথাপিও নিজৰ কৰ্তব্যৰ পৰা পিছুৱাই নাযায় ।’’

নীতিশে লগতে কয়, ‘‘অপেনহাইমাৰে নিজেই তেওঁৰ উদ্ভাৱনৰ বাবে অনুশোচনা কৰিছে । কাৰণ তেওঁ উদ্ভাৱন কৰা পাৰমাণৱিক বোমা জাপানৰ হিৰোচিমা আৰু নাগাছাকিত নিক্ষেপ কৰা হৈছিল । এই পৰমাণু বোমা আক্ৰমণত এই দুখন চহৰত ডেৰ লাখতকৈ অধিক লোকে প্ৰাণ হেৰুৱাইছিল । এই কথাটো ১৯৪১ চনৰ দ্বিতীয় বিশ্বযুদ্ধৰ বিষয়ে ।’’

বাৰ্তাটো স্পষ্ট – নীতিশ ভৰদ্বাজ

অভিনেতাজনে কয়, ‘‘মই ৰাইজক আহ্বান জনাইছো যে অপেনহাইমাৰৰ জীৱনৰ গুৰুত্বপূৰ্ণ মুহূৰ্তৰ এই মুহূৰ্তটোৰ বিষয়ে চিন্তা কৰক, আজি বিশ্বৰ পৰিস্থিতি কুৰুক্ষেত্ৰৰ যুদ্ধক্ষেত্ৰৰ দৰেই, ৰাষ্ট্ৰসংঘই (UNO)ও পাৰমাণৱিক নিৰস্ত্ৰকৰণৰ কথা বিবেচনা কৰা উচিত, যদিও অপেনহাইমাৰৰ পৰিচালক ক্রিষ্টোফাৰৰ বাৰ্তা শক্তিশালী’’ ।

লগতে পঢ়ক: Oppenheimer controversy: অপেনহাইমাৰৰ অন্তৰংগ দৃশ্যক লৈ খঙত অগ্নিশৰ্মা অনুৰাগ ঠাকুৰ, ক’লে - এই দৃশ্যক কেনেকৈ দিয়া হ’ল অনুমতি ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.