চিটাৰা ডেস্ক, ১০ মাৰ্চ : শুকুৰবাৰে কমেডী শ্ব’ ‘পপ কৌন’ৰ অফিচিয়েল ট্ৰেইলাৰ উন্মোচন কৰে নিৰ্মাতাসকলে (Pop Kaun trailer out) । নিজৰ ব্যক্তিগত ইনষ্টাগ্ৰাম একাউন্টত অভিনেতা কুনাল কেম্মুই পপ কৌন শ্ব’টোৰ ট্ৰেইলাৰ শ্বেয়াৰ কৰি কেপচনত লিখিছিল, "কমেডীৰ কিংবদন্তি, @satishkaushik2178 ji যাৰ কামে আমাক বছৰ বছৰ ধৰি হাঁহিবলৈ বাধ্য কৰাইছিল, তেওঁৰ প্ৰতি প্ৰণাম :) #HotstarSpecials #PopKaun - সকলো খণ্ড ১৭ মাৰ্চৰ পৰা কেৱল @disneyplushotstar ত ষ্ট্ৰীমিং কৰা হ’ব ।"
- " class="align-text-top noRightClick twitterSection" data="
">
ফাৰহাদ ছামজীৰ নেতৃত্বত নিৰ্মিত এই কমেডী শ্ব’টোত মুখ্য চৰিত্ৰত অভিনয় কৰিছে কুনাল কেম্মু, সতীশ কৌশিক, ৰাজপাল যাদৱ, জনী লিভাৰ, চাংকি পাণ্ডে, সৌৰভ শুক্লা, নুপুৰ সেনন আৰু জনী লিভাৰে ৷ এই শ্ব’টো ১৭ মাৰ্চৰ পৰা অ’টিটি প্লেটফৰ্ম ডিজনী+ হটষ্টাৰত সম্প্ৰচাৰ হ’ব । নিৰ্মাতাসকলে শ্ব’টোৰ অফিচিয়েল ট্ৰেইলাৰ উন্মোচন কৰাৰ কিছু সময়ৰ পিচতে অনুৰাগীসকলে কমেণ্ট ছেকচনত ৰঙা হৃদয় আৰু জুইৰ ইমোজি প্ৰেৰণ কৰে (Satish Kaushiks comedy show Pop Kaun) ।
লগতে পঢ়ক: Bholaa trailer out: অজয় দেৱগণৰ ছবি ভোলাৰ ট্ৰেইলাৰ মুকলি
ট্ৰেইলাৰ মুকলি হোৱাৰ পিচতে এজন অনুৰাগীয়ে মন্তব্য কৰে যে, ‘এইটো সঁচাকৈয়ে ধেমেলীয়া হ’ব যেন লাগিছে । আন এজন অনুৰাগীয়ে লিখিছে, "ভাল লাগিল ট্ৰেইলাৰটো .... চাবলৈ অপেক্ষা কৰিব পৰা নাই, কুনালৰ অভিনয় দক্ষতা আৰু তেওঁৰ ব্যক্তিত্বৰ প্ৰতি সদায় প্ৰেমত পৰিছো ।" আন এজন অনুৰাগীয়ে মন্তব্য কৰিছে, "এয়া হাস্যকৰ, মই ৰাস্তাত খোজ কাঢ়িকাঢ়ি হাঁহি আছো । সকলো কিংবদন্তি একেলগে এটা ফ্ৰেমত । সঁচাকৈ বহুত সময়ৰ পিচত কিবা এটা ভাল শ্ব’ দেখিবলৈ পাম ৷ "
প্ৰায় ২ মিনিটৰ এই ট্ৰেইলাৰটোত শেহতীয়াকৈ ৬৬ বছৰ বয়সত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা প্ৰয়াত অভিনেতা সতীশ কৌশিকৰ কিছুমান কুটিল দৃশ্যও প্ৰদৰ্শিত হৈছিল (Satish kaushik passes away) ।
লগতে পঢ়ক: Bheed Trailer Release: লকডাউনৰ ওপৰত নিৰ্মিত ভিৰ ছবিৰ ট্ৰেইলাৰ মুকলি