ETV Bharat / entertainment

খো গয়ে হম কহাৰ ট্ৰেইলাৰ মুকলি, ছ’চিয়েল মিডিয়াৰ আধাৰত নিৰ্মিত ছবিখন কেতিয়া ক’ত মুক্তি পাব ?

Kho Gaye Hum Kahan Trailer: সিদ্ধান্ত চতুৰ্বেদী, অনন্য পাণ্ডে আৰু আদৰ্শ গৌৰৱ অভিনীত ‘খো গয়ে হম কহা’ৰ ট্ৰেইলাৰ মুকলি ।

author img

By ETV Bharat Assamese Team

Published : Dec 11, 2023, 10:09 AM IST

Kho Gaye Hum Kahan trailer: Ananya Panday, Siddhant Chaturvedi, and Adarsh Gourav starrer holds mirror to Gen Z's extremely online life
খো গয়ে হম কহাৰ ট্ৰেইলাৰ

চিটাৰা ডেস্ক, ১১ ডিচেম্বৰ: অৱশেষত মুক্তি পালে আদৰ্শ গৌৰৱ, অনন্যা পাণ্ডে আৰু সিদ্ধান্ত চতুৰ্বেদীৰ ছবি ‘খো গয়ে হম কহা’ৰ ট্ৰেইলাৰ । ট্ৰেইলাৰত ডিজিটেল যুগৰ আভাস দেখুৱা হৈছে, য’ত তিনিগৰাকী প্ৰিয় বন্ধুৰ জীৱনৰ কাহিনীও দেখুওৱা হৈছে ।

'খো গয়ে হম কহা'ৰ ট্ৰেইলাৰ মুক্তি

অৰ্জুন ৱাৰিন সিঙৰ পৰিচালনাত নিৰ্মিত ‘খো গয়ে হম কহা’ ছবিখন তিনিগৰাকী বন্ধুৰ কাহিনীৰ আধাৰত নিৰ্মাণ কৰা হৈছে । ছবিখনত তিনিগৰাকী বন্ধুক ডিজিটেল জগতৰ মাজত সোমাই পৰা দেখা যাব ।

ছবিখন কেতিয়া ক’ত মুক্তি পাব ?

ৰোমাঞ্চৰ লগতে বহু আৱেগিক নাটক ‘খো গয়ে হম কহা’ৰ ট্ৰেইলাৰটোত দেখা পোৱা গৈছে । আদৰ্শ গৌৰৱ, অনন্যা পাণ্ডে আৰু সিদ্ধান্ত চতুৰ্বেদীৰ উপৰিও খো গয়ে হম কহাত কল্কী কোয়েচলিন, আন্যা সিং, ৰোহন গুৰবাক্সনী, বিজয় মৌৰ্য, দিব্য জগদালে, ৰাহুল ভোহৰা আৰু সুচিত্ৰ পিল্লাইয়েও অভিনয় কৰিছে । এই ছবিখন ২৬ ডিচেম্বৰত নেটফ্লিক্সত প্ৰিমিয়াৰ হ’ব ।

‘খো গয়ে হম কহা’ৰ ট্ৰেইলাৰ আৰম্ভ হয় অনন্যা পাণ্ডেৰ পৰা, য’ত অনন্যাই এখন ফটো ক্লিক কৰা দেখা যায় । ইয়াৰ পিচত বেকগ্ৰাউণ্ড শব্দৰ পৰা এটা মাত আহে আৰু কয়- এয়া আমি সকলোৱে কেৱল ছ’চিয়েল মিডিয়াৰ যুগত নিজকে কুল দেখাবলৈ কৰো । আমি যেতিয়া কাৰোবাৰ প্ৰফাইল চাওঁ তেতিয়া আমি কেৱল তেওঁলোকৰ জীৱনৰ শ্ৰেষ্ঠ মুহূৰ্তবোৰহে দেখা পাওঁ । কিন্তু ৰিয়েল লাইফ আৰু ৰিল লাইফৰ মাজত বহু পাৰ্থক্য আছে ৷ ইয়াৰ পিচত সিদ্ধান্ত চতুৰ্বেদীয়ে ষ্টেণ্ডআপত ছ’চিয়েল মিডিয়াৰ কথা কোৱা দেখা যায় ।

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখ্য যে, ২০২৩ চনৰ ২৬ ডিচেম্বৰত অ’টিটি প্লেটফৰ্ম নেটফ্লিক্সত ষ্ট্ৰীম হ’ব ‘খো গয়ে হম কহা’ । এক্সেল এণ্টাৰটেইনমেণ্টৰ ৰিতেশ সিধৱানী, ফাৰহান আখতাৰ, টাইগাৰ বেবীৰ ৰীমা কাগতি আৰু জোয়া আখতাৰৰ প্ৰযোজনাত নিৰ্মিত এই ছবিখন নৱ প্ৰজন্মৰ জীৱনৰ ওপৰত আধাৰিত ।

লগতে পঢ়ক: পঞ্চায়তৰ ৩ৰ পৰা জিতেন্দ্ৰ কুমাৰৰ ফাৰ্ষ্ট লুক মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.