ETV Bharat / entertainment

Kangana Ranaut: ইজৰাইলী দূতাবাসক সাক্ষাৎ কংগনা ৰানাৱটৰ, ইজৰাইলৰ বিজয়ৰ কামনা কৰিলে অভিনেত্ৰীগৰাকীয়ে

ইজৰাইলৰ দূতাবাসক সাক্ষাৎ কৰিলে কংগনা ৰানাৱটে ৷ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিলে ছবি ৷ পোষ্টটোত মুকলিকৈ ইজৰাইলৰ সমৰ্থন কৰা দেখা গ’ল অভিনেত্ৰীগৰাকীক ৷

author img

By ETV Bharat Assamese Team

Published : Oct 25, 2023, 1:35 PM IST

Kangana Ranaut Meets Israel Ambassador Amid War, Kangana Calls Hamas 'Ravan'
ইজৰাইলৰ দূতাবাসক সাক্ষাৎ কৰিলে কংগনা ৰানাৱটে

চিটাৰা ডেস্ক, 25 অক্টোবৰ: মাত্ৰ এদিন পাচতে মুক্তি পাব বলীউডৰ অভিনেত্ৰী কংগনা ৰানাৱটৰ বহু প্ৰত্যাশিত ছবি ‘তেজস’। শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে এই ছবিখনৰ জোৰদাৰভাৱে প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে । বৰ্তমান কংগনা দিল্লীত আছে । অভিনেত্ৰীগৰাকীয়ে ইজৰাইলৰ দূতাবাস পৰিদৰ্শন কৰি তাত থকা বিষয়াসকলক সাক্ষাৎ কৰে । য’ত কংগনাই ইজৰাইলৰ ৰাষ্ট্ৰদূত নাওৰ গিলনক লগ পাইছিল । এই সাক্ষাৎকাৰৰ ছবি নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত শ্বেয়াৰ কৰিছে অভিনেত্ৰীগৰাকীয়ে । ইজৰাইল আৰু হামাছৰ মাজত চলি থকা যুদ্ধৰ মাজতে কংগনাই ইজৰাইলক সমৰ্থন আগবঢ়াইছে । ৰাষ্ট্ৰদূতক লগ পোৱাৰ পিচত কংগনাই সন্ত্ৰাসবাদক আধুনিক ৰাৱণ বুলি অভিহিত কৰে । লগতে ইজৰাইলৰ জয়ৰ কামনা কৰে ।

কংগনা ৰানাৱটে ইজৰাইলৰ ৰাষ্ট্ৰদূতৰ সৈতে ইনষ্টাগ্ৰামত কিছু ছবি শ্বেয়াৰ কৰিছে । অভিনেত্ৰীগৰাকীয়ে কেপচনত লিখিছে, ‘‘ভাৰতত থকা ইজৰাইলৰ ৰাষ্ট্ৰদূত মিষ্টাৰ নাওৰ গিলনক সাক্ষাৎ কৰিলো । আজি সমগ্ৰ বিশ্বই বিশেষকৈ ইজৰাইল আৰু ভাৰতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দি আছে । কালি ৰাৱণ দহনৰ বাবে লব-কুশ ৰামলীলালৈ গৈ মই অনুভৱ কৰিছিলো যে ইজৰাইল দূতাবাসলৈ আহি আজিৰ আধুনিক ৰাৱণ হামাছৰ দৰে সন্ত্ৰাসবাদীক পৰাস্ত কৰা সেইসকল লোকক লগ পোৱাটো উচিত । সৰু ল’ৰা-ছোৱালী আৰু মহিলাক যিদৰে টাৰ্গেট কৰা হৈছে- ই হৃদয়বিদাৰক । সন্ত্ৰাসবাদৰ বিৰুদ্ধে এই যুদ্ধত ইজৰাইল বিজয়ী হ’ব বুলি মোৰ সম্পূৰ্ণ আশা আছে । তেওঁৰ লগত মোৰ আগন্তুক ছবি তেজসৰ বিষয়ে আলোচনা কৰিলোঁ ।’’

উল্লেখ্য যে কংগনাক অতি সোনকালেই আগন্তুক ছবি তেজসত দেখা যাব । এই ছবিখনত অভিনেত্ৰীগৰাকীয়ে তেজসে গিল নামৰ বায়ুসেনাৰ বিষয়াৰ চৰিত্ৰত অভিনয় কৰিছে । ভাৰতীয় বায়ুসেনাৰ যুঁজাৰু বিমান তেজসৰ আধাৰত নিৰ্মিত কৰা হৈছে এই ছবিখন । এনে পৰিস্থিতিত কংগনাই চলচ্চিত্ৰ প্ৰচাৰৰ বাবে দিল্লীত উপস্থিত হৈছিল । কেৱল এয়াই নহয়, তেজস যুঁজাৰু বিমানখনৰ নাম দিয়া প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ সমাধিস্থলো পৰিদৰ্শন কৰে অভিনেত্ৰীগৰাকীয়ে ।

‘তেজস’ ছবিখন মুক্তি পোৱাৰ পূৰ্বে কংগনাই অটল বিহাৰী বাজপেয়ীক শ্ৰদ্ধাঞ্জলি জনায় । সৰ্বেশ মেৱাদাৰে লেখা আৰু পৰিচালনা কৰা তেজস ছবিখন অহা ২৭ অক্টোবৰত ছবিগৃহত মুক্তি লাভ কৰিব ।

লগতে পঢ়ক: Kangana Ranaut Trolled: ৰাৱণ দহনত কংগনাই কৰিলে ডাঙৰ ভুল, ব্যাপকভাৱে ট্ৰ’ল হ’ল অভিনেত্ৰীগৰাকী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.