ETV Bharat / entertainment

ভগ্নীক কোঁচত লৈ থকা বলীউডৰ এই গৰাকী জনপ্ৰিয় অভিনেত্ৰীক চিনি পাইছেনে?

author img

By

Published : Nov 14, 2022, 1:48 PM IST

শিশু দিৱসৰ দিনটোত সকলোৱে সোঁৱৰণ কৰে নিজৰ শিশুৱস্থাৰ দিনসমূহ ৷ এইগৰাকী জনপ্ৰিয় বলীউড অভিনেত্ৰীয়েও শ্বেয়াৰ কৰিছে নিজৰ শৈশৱৰ এখন ফটো ৷ ধৰিব পাৰিছেনে কোন?

Kajol
এই গৰাকী জনপ্ৰিয় অভিনেত্ৰীক চিনি পাইছেনে?

চিটাৰা ডেস্ক, 14 নৱেম্বৰ : স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ স্মৃতিত প্ৰতি বছৰে 14 নৱেম্বৰৰ দিনটো শিশু দিৱস হিচাপে পালন কৰা হয় । জৱাহৰলাল নেহৰুৰ ল’ৰা-ছোৱালীৰ প্ৰতি বহুত আকৰ্ষণ আছিল । ল’ৰা-ছোৱালীয়ে তেওঁক মৰমতে চাচা নেহৰু বুলি মাতিছিল । আজিৰ এই বিশেষ দিনটোত এগৰাকী বলীউড অভিনেত্ৰীয়ে নিজৰ ভগ্নীৰ সৈতে শ্বেয়াৰ কৰিছে শিশু কালৰ এখন ফটো ৷

90 দশকৰ জনপ্ৰিয় অভিনেত্ৰী কাজলে ভগ্নী তানিষা মুখাৰ্জীৰ সৈতে এখন অতি মৰমলগা ফটো শ্বেয়াৰ কৰি অনুৰাগীসকলক শিশু দিৱসত অভিনন্দন জনাইছে (Kajol instagram) । কাজলে শ্বেয়াৰ কৰা এই ফটো খনত কাজল তানিষা দুয়োকো সাংঘাতিৰ মৰম লাগিছে ৷ ছবিখন শ্বেয়াৰ কৰি কাজলে লিখিছে, "মোৰ ভিতৰৰ শিশুটিলৈ শিশু দিৱসৰ শুভেচ্ছা জনালোঁ, পাগলৰ দৰে থাকক বেয়া হৈ থাকক আৰু আপুনি কেৱল আপুনি হৈ থাকক, আপুনি যিদৰে আছে ঠিক তেনেদৰেই নিখুঁত" ৷

কিছুসময়ৰ আগতে কাজলে এই সুন্দৰ আৰু স্মৰণীয় ফটোখন ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে । অনুৰাগী সকলে নানা প্ৰতিক্ৰিয়া দিবলৈ আৰম্ভ কৰিছে । এই পোষ্টটো অনুৰাগীৰ মৰম শুভেচ্ছা বাণীৰে উপচি পৰিছে ।

কাজলৰ ৱৰ্কফ্ৰন্ট

শিশু দিৱসৰ দিনটোতে কাজলে তেওঁৰ নতুন ছবি ‘ছালাম ভেংকি’ ৰ ট্ৰেইলাৰ মুকলি কৰিছে । চলিত বৰ্ষৰ 9 ডিচেম্বৰত মুক্তি পাব ছবিখন । এই ছবিখন পৰিচালনা কৰিছে অভিনেত্ৰী ৰেৱতীয়ে ৷

লগতে পঢ়ক : MIFF 2022 ত ভাৰতীয় চিনেমাক প্ৰতিনিধিত্ব কৰি গৌৰাৱান্বিত ৰণবীৰ সিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.