ETV Bharat / entertainment

Jyotika: পুনৰ হিন্দী ছবিলৈ উভতি আহিব জ্যোতিকা, ভৌতিক থ্ৰিলাৰ ছবিত অজয়ৰ সৈতে দেখা যাব জ্যোতিকাক

২৫ বছৰৰ দীঘলীয়া ব্যৱধানৰ অন্তত পুনৰ হিন্দী ছবিজগতলৈ উভতি আহিছে জনপ্ৰিয় অভিনেত্ৰী জ্যোতিকা (Jyotika to make comeback in Hindi films) ।

author img

By

Published : May 15, 2023, 2:20 PM IST

Jyotika to make comeback in Hindi films after 25 years, to star alongside Ajay Devgn in supernatural thriller
হিন্দী ছবিজগতলৈ উভতি আহিব জনপ্ৰিয় অভিনেত্ৰী জ্যোতিকা

চিটাৰা ডেস্ক, 15 নে’: দুটা দশকৰো অধিক সময়ৰ অন্তত হিন্দী ছবি জগতলৈ ঘূৰি আহিবলৈ সাজু হৈছে জনপ্ৰিয় অভিনেত্ৰী জ্যোতিকা (Jyotika to make comeback in Hindi films) । অভিনেত্ৰীগৰাকীয়ে অজয় দেৱগন, আৰ মাধৱনৰ সৈতে বিকাশ বাহল পৰিচালিত আগন্তুক ভৌতিক থ্ৰিলাৰ ছবিত অভিনয় কৰিব । ২৫ বছৰৰ পাচত পুনৰ হিন্দী ছবিলৈ ঘূৰি অহা জ্যোতিকাক প্ৰথমবাৰৰ বাবে ৰূপালী পৰ্দাত দেখা পোৱা যাব বলীউডৰ সিংঘম অজয় দেৱগনৰ সৈতে (Jyotika bollywood comeback) ।

ইয়াৰ পূৰ্বে জ্যোতিকাই প্ৰিয়দৰ্শনৰ ১৯৯৮ চনত মুক্তি পোৱা ৰোমান্টিক নাটক ‘ডলী সাজা কে ৰাখনা’ৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছিল । ছবিখনত অক্ষয় খান্নাৰ সৈতে অভিনয় কৰিছিল অভিনেত্ৰীগৰাকীয়ে । ইয়াৰ পিচত অভিনেত্ৰীগৰাকীয়ে প্ৰধানকৈ তামিল ছবিৰ লগতে তেলুগু, কানাড়া, আৰু মালয়ালম ছবিতো কাম কৰে । জ্যোতিকাক শেষবাৰৰ বাবে দেখা গৈছিল তামিল ছবি ‘উদনপিৰাপ্পে’ত (Jyotika ajay devgn film) ।

খবৰ অনুসৰি এই ছবিখনৰ নাম শ্ৰী আৰু জুন মাহত ছবিগৃহত মুক্তি পাব ছবিখন (Jyotika ajay devgn r madhavan thriller film)। ছবিখনৰ শ্বুটিঙৰ স্থানৰ বাহিৰে ছবিখনৰ সবিশেষ এতিয়াও লুকুৱাই ৰখা হৈছে । আড়ম্বৰপূৰ্ণ বাজেটত নিৰ্মাণ কৰা ছবিখনৰ মুম্বাই, মুচৌৰী, লণ্ডনত শ্বুটিং কৰা হ’ব বুলি কোৱা হৈছে । ৰাষ্ট্ৰীয় বঁটা বিজয়ী ছবি কুইনৰ বাবে পৰিচিত বিকাশে অজয়, মাধৱন, জ্যোতিকাৰ দৰে শক্তিশালী অভিনেতাৰ সৈতে এখন এজ অৱ দ্য ছিট থ্ৰিলাৰ ছবি নিৰ্মাণ কৰি আছে (Jyotika hindi films) ।

অজয় দেৱগনে ছবিখনত কেৱল অভিনয় কৰাই নহয় ছবিখন প্ৰযোজনাও কৰিছে । অজয় দেৱগন এফফিল্ম আৰু পেনোৰামা ষ্টুডিঅ’ৰ বেনাৰত অজয় আৰু নিৰ্মাতা কুমাৰ মংগত পাঠক আৰু অভিষেক পাঠকে যুটীয়াভাৱে বেংকৰোল কৰিব ছবিখনৰ । শীঘ্ৰে ছবিখনৰ বিষয়ে অধিক তথ্য উন্মোচন কৰিব নিৰ্মাতাসকলে । ইফালে অজয়ক শেষবাৰৰ বাবে দেখা গৈছিল ভোলা ছবিত যিয়ে বিশ্বজুৰি ১১২ কোটি টকা উপাৰ্জন কৰিছিল ।

লগতে পঢ়ক: Cannes Film Festival 2023 : ৪ খন ভাৰতীয় ছবিৰ নিৰ্বাচন, ৰেড কাৰ্পেটত খোজ দিব অস্কাৰ বিজয়ী গুনীত আৰু মনুষীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.