চিটাৰা ডেস্ক, 22 ডিচেম্বৰ : বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খান আৰু দীপিকা পাডুকনক পাঠানৰ গীত ‘ঝুমে জো পাথান’ত অতিকে আকৰ্ষণীয় সাজত দেখিবলৈ পোৱা গৈছে । গানটোত দুই তাৰকাই শক্তিশালী নৃত্য প্ৰদৰ্শন কৰিছে ৷ বৃহস্পতিবাৰে ছবিখনৰ নিৰ্মাতা সকলে ছবিখনৰ মুক্তিৰ পূৰ্বে পাঠানৰ দ্বিতীয়টো গীত উন্মোচন কৰে ।
শ্বাহৰুখ খান আৰু দীপিকা পাডুকন অভিনীত এই গানটো বিশাল আৰু শেখৰে ৰচনা কৰিছে ৷ গানটোত কণ্ঠাদান কৰিছে অৰিজিত সিং, সুকৃতি কাকৰ, বিশাল আৰু শেখৰে ৷ গীতৰ কথা কুমাৰে লিখিছে । গানটো বস্কো-চিজাৰ দুয়োজনে পৰিচালনা কৰিছে ।
- " class="align-text-top noRightClick twitterSection" data="">
গীতটোৰ বিষয়ে কোৱাৰ সময়ত ছবিখনৰ পৰিচালক সিদ্ধাৰ্থ আনন্দই কৈছিল, "ঝুমে জো পাঠান গানটো হৈছে পাঠান ছবিখনৰ আত্মা সদৃশ, য’ত শ্বাহৰুখ খানৰ অভিনয়ে ইয়াক অধিক চকুত লগা কৰি তুলিছে । গীতটোত শ্বাহৰুখ আৰু দীপিকাক হট লুকত দেখি মতলীয়া হৈ পৰিছে অনুৰাগী । শ্বাহৰুখ সন্দৰ্ভত সিদ্ধাৰ্থই আৰু কয়, "তেওঁৰ শক্তি, তেওঁৰ ভাইবছ, তেওঁৰ আত্মবিশ্বাসে যিকোনো ব্যক্তিক নাচিবলৈ বাধ্য কৰিব পাৰে" ৷
তেওঁ লগতে কয়, "গানটোত শ্বাহৰুখ খান আৰু দীপিকা পাডুকনৰ শক্তিশালী নৃত্য আছে । গানটো কাৱালীৰ এক আধুনিক সংমিশ্ৰণ আৰু ইয়াত পাঠানৰ শৈলী দেখুওৱা হৈছে । শ্বাহৰুখক নৃত্য কৰা দেখা অলপ সময় হ’ল আৰু সেয়েহে আমি আশা কৰিছো যে মানুহে তেওঁলোকৰ প্ৰিয় চুপাৰষ্টাৰক এনেদৰে নৃত্য কৰি থকা দেখি ভাল পাব" ৷
পাঠানৰ প্ৰথমটো ট্ৰেক Besharam Rang 12 ডিচেম্বৰত মুক্তি পাইছিল । মুক্তিৰ পিছতেই গানটোৱে খলকনি তোলে চাৰিওফালে ৷ ঠায়ে ঠায়ে পাঠান বয়কটৰ বাতৰিয়ে সামাজিক মাধ্যম গৰম কৰি ৰাখিছে ৷
লগতে পঢ়ক : Srk latest news:পাঠান বিতৰ্কৰ মাজতে এই তালিকাত একমাত্ৰ ভাৰতীয় হিচাপে নাম আহিল শ্বাহৰুখৰ