ETV Bharat / entertainment

Jawan box office collection: ১৩ দিনত জৱানে বক্স অফিচত ভংগ কৰিলে পাঠানৰ অভিলেখ, জৱানৰ এই পৰ্যন্তৰ বক্স অফিচত সংগ্ৰহ জানি লওক

author img

By ETV Bharat Assamese Team

Published : Sep 19, 2023, 12:17 PM IST

ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ একচন ভৰ্তি ছবি জৱানে ভাৰতত মুক্তিৰ ১৩ দিনত ৫০০ কোটি টকাৰ মাইলৰ খুঁটি অতিক্ৰম কৰিব বুলি ছেকনিল্কৰ প্ৰতিবেদনত প্ৰকাশ পাইছে । ঘৰুৱা বক্স অফিচত ১৩ দিনত কিমান হ’ব ইয়াৰ সংগ্ৰহ চাবলৈ স্ক্ৰ’ল কৰক...

Jawan box office collection: SRK's action thriller to surpass Rs 500 cr mark on day 13
জৱান বক্স অফিচ সংগ্ৰহ

চিটাৰা ডেস্ক, ১৯ ছেপ্টেম্বৰ: বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ শেহতীয়া মুক্তি পোৱা ছবি জৱানে, বক্স অফিচত অব্যাহত ৰাখিছে ভাল প্ৰদৰ্শন । এটলী কুমাৰৰ পৰিচালনাত নিৰ্মিত এই একচন থ্ৰিলাৰ ছবিখনে আন এক মাইলৰ খুঁটি অতিক্ৰম কৰাৰ পথত । ৭ ছেপ্টেম্বৰত বৃহৎ সংখ্যক ধনেৰে বক্স অফিচত খাতা খুলিছিল ছবিখনে আৰু মুক্তিৰ প্ৰায় দুসপ্তাহৰ পাচতো বক্স অফিচত শক্তিশালী দখল অব্যাহত ৰাখিছে । কিন্তু উদ্যোগ ট্ৰেকাৰ ছেকনিল্কৰ প্ৰতিবেদন অনুসৰি মুক্তিৰ ১৩ দিনত ছবিখনৰ সংগ্ৰহত কিছু প্ৰভাৱ পৰিব পাৰে ।

  • " class="align-text-top noRightClick twitterSection" data="">

একচন ভৰ্তি এই ছবিখনে ছবিগৃহত প্ৰথম ১২ দিনত ভাৰতত প্ৰায় ৪৯১.৬৩ কোটি টকাৰ নেট কঢ়িয়াই আনিছিল বুলি ছাকনিল্কৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে । প্ৰাথমিক হিচাপ অনুসৰি মুক্তিৰ ১৩ দিনত কিং খানৰ ছবিখনে ঘৰুৱা বক্স অফিচত ১২.১৬ কোটি টকাৰ নেট কৰাৰ সম্ভাৱনা আছে, যদি এনে হয় তেন্তে ঘৰুৱা বক্স অফিচত মুঠ উপাৰ্জন হ’বগৈ ৫০৫.৫৪ কোটি টকা । এয়া সঁচাকৈয়ে এক উল্লেখযোগ্য মাইলৰ খুঁটি কিয়নো ছবিখনে পাঠানৰ অভিলেখ মাত্ৰ ১৩ দিনৰ ভিতৰতে ৫০০ কোটি টকাৰ সীমা অতিক্ৰম কৰি ভংগ কৰিব । আমোদজনক কথাটো হ’ল যে এছ আৰ কেৰ পূৰ্বৰ মুক্তি পোৱা পাঠানে ২৩ দিনত এই কৃতিত্ব অৰ্জন কৰিছিল (৫০৫.৮৫ কোটি টকা)।

ইফালে, জৱানৰ সফলতাৰ প্ৰেছ মিটৰ সময়ত ছবি নিৰ্মাতা এটলীয়ে প্ৰকাশ কৰে যে ছবিখনৰ বাজেট ৩০০ কোটিতকৈও অধিক আছিল । সকলোকে আকৰ্ষণ কৰা ছবিখনে দেশৰ বিভিন্ন প্ৰান্তৰ অনুৰাগী আৰু সমালোচকৰ ইতিবাচক সমালোচনা লাভ কৰিছে । মুখ্য চৰিত্ৰত শ্বাহৰুখ খানৰ উপৰিও জৱানৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে নয়নতৰা আৰু বিজয় ছেঠুপথিয়ে । ছবিখনত এটলীৰ সৈতে নয়নতৰা আৰু বিজয়ৰ সৈতে এছ আৰ কেৰ প্ৰথম সহযোগিতা এয়া ৷ ইয়াৰ উপৰিও ছবিখনত কিং খানক তেওঁৰ ‘লাকী চাৰ্ম’ দীপিকা পাডুকনৰ সৈতে পুনৰ দেখা গৈছে ৷ অৱশ্যে এই ছবিখনত দীপিকাক কেমিঅ’ত দেখা গৈছে ।

লগতে পঢ়ক: Shahrukh khan: গুৱাহাটীবাসীলৈ বলীউডৰ জৱানৰ ধন্যবাদ, কিন্তু কিয় ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.