ETV Bharat / entertainment

Janhvi Kapoor Birthday: জাহ্নৱী কাপুৰৰ জন্মদিনত ভগ্নী খুশীৰ মৰমলগা শুভেচ্ছা বাৰ্তা - বলীউডৰ অভিনেত্ৰী জাহ্নৱী কাপুৰ

আজি অভিনেত্ৰী জাহ্নৱী কাপুৰৰ ২৬ সংখ্যক জন্মদিন ৷ ভগ্নী খুশী কাপুৰৰে সামাজিক মাধ্য়মত ফটো শ্বেয়াৰ কৰি জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে (Janhvi Kapoor Birthday) ।

Janhvi Kapoor gets endearing birthday wish from sister Khushi
জাহ্নৱী কাপুৰৰ ২৬ সংখ্যক জন্মদিন
author img

By

Published : Mar 6, 2023, 9:38 PM IST

চিটাৰা ডেস্ক, 6 মাৰ্চ : আজি প্ৰয়াত ছুপাৰষ্টাৰ শ্ৰীদেৱীৰ কন্যা তথা বলীউডৰ অভিনেত্ৰী জাহ্নৱী কাপুৰৰ জন্মদিন ৷ ধড়ক ছবিৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰা জাহ্নৱী কাপুৰৰ আজি ২৬ সংখ্যক জন্মদিন (Janhvi Kapoor 26th birthday) ৷ জাহ্নৱীৰ জন্মদিনত ভগ্নী খুশী কাপুৰে ছ’চিয়েল মিডিয়া যোগে এক মৰমলগা শুভেচ্ছা বাৰ্তা প্ৰেৰণ (Janhvi Kapoor Birthday) ।

খুশীয়ে ইনষ্টাগ্ৰাম ষ্ট’ৰীত দুই ভগ্নীৰ শৈশৱৰ স্মৃতি বিজড়িত কেইখনমান ফটোৰ এটা কলাজ পোষ্ট কৰে (Birthday wish from sister Khushi)। ফটোকেইখনে প্ৰমাণ কৰে যে জাহ্নৱী আৰু খুশী শৈশৱৰ পৰাই ফটো উঠি ভাল পাইছিল আৰু লগতে ফটোকেইখনৰ জৰিয়তে বুজিব পাৰি যে দুয়ো ভগ্নীৰ মাজৰ সম্পৰ্ক অতিকৈয়ে মজবুত ৷

ইনষ্টাগ্ৰাম ষ্ট’ৰীৰ কলাজত লিখিছে, "মোৰ চিৰদিনৰ সংগীলৈ জন্মদিনৰ শুভেচ্ছা থাকিল । মই তোমাক আটাইতকৈ বেছি ভাল পাওঁ ।" বায়েক-ভনীয়েকৰ মাজৰ প্ৰেম সঁচাকৈয়ে অসাধাৰণ । জাহ্নৱী কাপুৰে পূৰ্বে এটা সাক্ষাৎকাৰত ভনীয়েক খুশীৰ বিষয়ে মুকলিকৈ কৈছিল যে খুশীয়ে দ্য আৰ্চিছ ছবিখনৰ বাবে কঠোৰ পৰিশ্ৰম কৰিছিল কিন্তু পৰবৰ্তী সময়ত আৰ্চিছৰ চেট এৰিবলগীয়া হোৱাত জাহ্নৱীয়ে দুখ প্ৰকাশ কৰিছিল ৷ কাৰণ যিসময়ত খুশীৰ লগতে জাহ্নৱী থাকিব লাগিছিল সেইসময়ত ভনীয়েকৰ লগত জাহ্নৱী থাকিব নোৱাৰিলে (Khushi Kapoor wishes Janhvi Kapoor birhday) ৷

Janhvi Kapoor gets endearing birthday wish from sister Khushi
জাহ্নৱী কাপুৰৰ ২৬ সংখ্যক জন্মদিন

উল্লেখ্য যে অভিনেতা বৰুণ ধাৱনৰ সৈতে নিতেশ তিৱাৰীৰ বৱাল ছবিত দেখা পোৱা যাব জাহ্নৱী । ছবিখনে প্ৰথমে ২০২৩ চনৰ ৭ এপ্ৰিলত মুক্তি পোৱাৰ কথা আছিল যদিও ছবিখনৰ প্ৰযোজকসকলে আগতীয়াকৈ ভিএফএক্স আৰু কাৰিকৰী প্ৰয়োজনীয়তাৰ বাবে মুক্তিৰ তাৰিখ সলনি কৰাৰ সিদ্ধান্ত লয় ।

আনহাতে, খুশীয়ে অতি সোনকালে ছুহানা খান আৰু অগস্ত্য নন্দৰ সৈতে জয়া আখতাৰ পৰিচালনাত নিৰ্মিত আগন্তুক ছবি দ্য আৰ্চিছৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিব ৷ বিশ্বৰ সৰ্ববৃহৎ অ’টিটি প্লেটফৰ্ম নেটফ্লিক্সত মুক্তি লাভ কৰিব সুপৰিচিত কমিক বুক ছিৰিজ দ্য আৰ্চিছৰ ভাৰতীয় অভিযোজন । ছবিখনৰ মুক্তিৰ তাৰিখ এতিয়াও জানিব পৰা হোৱা নাই ।

লগতে পঢ়ক: Remembering Sridevi: শ্ৰীদেৱীৰ মৃত্যুবাৰ্ষিকীত জানো আহক তেখেতৰ বিষয়ে কেইটামান নজনা কথা . . .

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.