ETV Bharat / entertainment

নাদাভ লাপিডলৈ ইজৰাইলৰ দূতৰ মুকলি পত্ৰ: আপুনি লজ্জিত হোৱা উচিত - 53 সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ

দ্য কাশ্মীৰ ফাইলছ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰা IFFI জুৰীৰ মুৰব্বীলৈ ইজৰাইলৰ দূতৰ মুকলি পত্ৰ : আপুনি লাজ পাব লাগে ৷ ইজৰাইলৰ ৰাষ্ট্ৰদূতে আই এফ এফ আইৰ জুৰীৰ মুৰব্বী নাদাভ লাপিডক তেওঁৰ বিতৰ্কিত মন্তব্যৰ বাবে তীব্ৰ সমালোচনা কৰিছে । সমান্তৰালকৈ ছবিখনৰ মুখ্য অভিনেতা অনুপম খেৰেও ছ’চিয়েল মিডিয়াত নিজৰ ক্ষোভ প্ৰকাশ কৰিছে ।

Kashmir Files
দ্য কাশ্মীৰ ফাইলছ সন্দৰ্ভত নাদাভ লাপিডৰ বিতৰ্কিত মন্তব্য
author img

By

Published : Nov 29, 2022, 1:12 PM IST

চিটাৰা ডেস্ক, 29 নৱেম্বৰ : বিখ্যাত চলচ্চিত্ৰ নিৰ্মাতা বিবেক অগ্নিহোত্ৰীৰ বিখ্যাত ছবি ‘দ্য কাশ্মীৰ ফাইলছ’ পুনৰ লাইমলাইটলৈ আহিছে । গোৱাত অনুষ্ঠিত হোৱা 53 সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ জুৰীৰ মুৰব্বী নাদাভ লাপিডে ছবিখনক ‘অশ্লীল অপপ্ৰচাৰ’ বুলি অভিহিত কৰিছে ৷ তাৰ পিছতেই পুনৰ বাতৰিৰ শিৰোনামালৈ আহে ছবিখন ৷ মুক্তিৰ সময়তে ছবিখনে দুটা ভাগত বিভক্ত কৰিছিল দেশ ৷ এতিয়া ভাৰতত থকা ইজৰাইলৰ ৰাষ্ট্ৰদূত Naor Gilon এ তেওঁৰ বক্তব্যৰ বাবে জুৰীৰ মুৰব্বীক তীব্ৰ সমালোচনা কৰিছে । ৰাষ্ট্ৰদূতগৰাকীয়ে নাদাভৰ এই বক্তব্যক ব্যক্তিগত বুলি অভিহিত কৰিছে । নাদাভ লাপিডৰ এই বক্তব্যত তেওঁ লাজ অনুভৱ কৰিছে বুলি জানিবলৈ দিছে ।

আপোনালোকক জনাওঁ যে গোৱাত অনুষ্ঠিত 53 সংখ্যক চলচ্চিত্ৰ মহোৎসৱৰ অনুষ্ঠানৰ সামৰণি অনুষ্ঠানত আই এফ এফ আইৰ জুৰী মুৰব্বীয়ে ‘দ্য কাশ্মীৰ ফাইলছ’ক ‘অশ্লীল অপপ্ৰচাৰমূলক’ এখন ছবি বুলি অভিহিত কৰে । তেওঁ কয়, ‘এনে কলাত্মক চলচ্চিত্ৰ মহোৎসৱত এনে এখন ছবি দেখি মই আচৰিত হৈছো’ । IFFI ৰ জুৰীৰ বক্তব্যক লৈ চলচ্চিত্ৰ তাৰকা অনুপম খেৰেও তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । তেওঁ টুইট কৰি জুৰীৰ মুৰব্বী ইজৰাইলৰ ছবি নিৰ্মাতা লাপিডক লক্ষ্য কৰি লৈছে । সমান্তৰালকৈ চলচ্চিত্ৰ নিৰ্মাতা অশোক পণ্ডিতেও ইয়াক কাশ্মীৰীৰ প্ৰতি অপমান বুলি অভিহিত কৰিছে ।

  • “All of us were disturbed and shocked by the film #KashmirFiles, which felt to us as a propaganda vulgar movie, inappropriate for the artistic competitive section of such a prestigious film festival.” - IFFI Jury Head Nadav Lapid.

    Kudos to the Jury for calling a spade a spade 🙌 pic.twitter.com/YU6ddw4lQ1

    — Siddharth (@DearthOfSid) November 28, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

জুৰীৰ মুৰব্বীৰ এই বক্তব্যৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অনুপম খেৰে তেওঁৰ ছ’চিয়েল মিডিয়া পোষ্টত লিখিছে, ‘মিছাৰ আকাৰ যিমানেই উচ্চ নহওক কিয়...সত্যৰ তুলনাত ই সদায় সৰু’। এতিয়া ছ’চিয়েল মিডিয়াত নাদাভ লাপিডৰ বিতৰ্কিত মন্তব্যৰ ভিডিঅ’টো ভাইৰেল হৈ পৰিছে আৰু ইউজাৰে ইয়াৰ ওপৰত নিজ নিজ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । ছবিখনত গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখিবলৈ পোৱা অভিনেতা দৰ্শন কুমাৰেও কয় যে ছবিখন অশ্লীলতাৰ ওপৰত নহয়, বাস্তৱৰ ওপৰতহে ।

বিবেক অগ্নিহোত্ৰীৰ ছবি ‘দ্য কাশ্মীৰ ফাইলছ’ চলিত বৰ্ষৰ মাৰ্চ মাহত মুক্তি পাইছিল । ছবিখনে বক্স অফিচত 250 কোটিৰো অধিক উপাৰ্জন কৰিবলৈ সক্ষম হয় । এই ছবিখনৰ পিছত বিবেকে এতিয়া আৰু দুখন ছবিৰ কথা ঘোষণা কৰিছে । দিল্লী দাংগাৰ আধাৰত ‘দিল্লী ফাইলছ’ আৰু ক’ৰণা মহামাৰীৰ ওপৰত ‘দ্য ভেকচিন ৱাৰ’ নামেৰে দুখন ছবি নিৰ্মাণৰ প্ৰস্তুতি চলাইছে বিবেকে ।

লগতে পঢ়ক : শ্বাহৰুখৰ বাংলো মন্নতৰ বাহিৰত ৰৈ মন্নত বিচাৰিলে আয়ুষ্মান খুৰানাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.